চলিত পৰ্যটন বৰ্ষৰ বাবে আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত মুকলি হ’ল হাতী চাফাৰী ⵓ অগৰাতলি বনাঞ্চলৰ জীপ চাফাৰী ⵓ
Aiidesh News ⵓ 1 November 2024 ⵓ
বিগত পৰ্যটন বৰ্ষৰ দৰেই আজি ১ নবেম্বৰৰ পুৱা কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ কাজিৰঙা বনাঞ্চলৰ মিহিমুখত, বাগৰি বনাঞ্চলত হাতী চাফাৰী আৰু অগৰাতলি বনাঞ্চলত জীপ চাফাৰী পৰ্যটকৰ বাবে মুকলি কৰা হয় ৷ যোৱা ১ অক্টোবৰত ৰাষ্ট্ৰীয় উদ্যানখনৰ কাজিৰঙা আৰু বাগৰি বনাঞ্চলত জীপ চাফাৰিৰ আৰম্ভ কৰা হৈছিল যদিও পৰ্যটকৰ অন্যতম আকৰ্ষণ হাতী চাফাৰি আৰম্ভ কৰা হোৱা নাছিল ৷ আজি পুৱা কঁহৰাৰ মিহিমুখ প্ৰৱেশ দ্বাৰত থকা হাতীৰ পিলখানাত পৰম্পৰাগত হস্তী পূজাৰে উদ্বোধনী অনুষ্ঠান আৰম্ভ হয় ৷ পৰৱৰ্তী সময়ত কৃষি মন্ত্ৰী অতুল বৰাই নাৰিকল ভাঙি আৰু ফিটা কাটি বিভাগীয় হাতী চাফাৰীৰ শুভাৰম্ভ কৰে । অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড° সোণালী ঘোষ আৰু পুব অসম বন সংমণ্ডল ডিএফ অ’ অৰুন বিঘ্নেশৰ উপৰিও বনাঞ্চলিক বিষয়া সকল, স্থানীয় লোক, জীপ চাফাৰীৰ বিষয় ববীয়া আৰু বেচৰকাৰী সংগঠনৰ প্ৰতিনিধিও উপস্থিত থাকে ৷ চলিত পৰ্যটন বৰ্ষৰ হাতী চাফাৰী আৰম্ভ হোৱা দিনাই যথেষ্ট সংখ্যক পৰ্যটকে হাতী চাফাৰীৰে কাজিৰঙা দৰ্শন কৰে ৷ কৃষিমন্ত্ৰী অতুল বৰাইও ডি এফ অ’ অৰুণ বিঘ্নেশৰ সৈতে বিভাগীয় হাতীত উঠি মহিমুখত কাজিৰঙা দৰ্শন কৰে ৷
একেদৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত ব্যক্তিগত মালিকানাধীন হাতীৰ চাফাৰীও আৰম্ভ হয় ৷ ইফালে মিহিমুখৰ অনুষ্ঠানৰ পিচতেই কৃষিমন্ত্ৰী অতুল বৰাই আনুষ্ঠানিক ভাৱে ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বনাঞ্চলৰ প্ৰৱেশ দ্বাৰত ফিটা কাটি পৰ্যটকৰ বাবে জীপ চাফাৰী উদ্বোধন কৰে ৷ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় গ্ৰামাঞ্চল চাইকেলেৰে ১০ কিলোমিটাৰ পৰিভ্ৰমন কৰাৰ সুবিধাৰে উদ্যান কৰ্তৃপক্ষই পৰ্যটকৰ বাবে ব্যৱস্থা কৰা চাইকেল সমুহৰো শুভাৰম্ভ কৰে মন্ত্ৰী অতুল বৰাই ৷ আজি পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যান খনৰ বুঢ়াপাহাৰ বনাঞ্চলো পৰ্যটকৰ বাবে মুকলি কৰা হয় ৷ মন কৰিব লগীয়া যে এই বাৰ পৰ্যটন বৰ্ষৰ লগত সংগতি ৰাখি কাজিৰঙা কৰ্তৃপক্ষই বাগৰি বনাঞ্চলৰ প্ৰৱেশ দ্বাৰত পৰ্যটকৰ বাবে মুকলি কৰা ইক’ চপ নামৰ বিভাগীয় বিপনি খনে পৰ্যটকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে ৷ বিপনিখনত কাষৰীয় গাওঁৰ পাৰিপাৰ্শ্বিক উন্নয়ন সমিতি বোৰে বনোৱা হস্তশিল্প জাত সামগ্ৰী, স্থানীয় শিপিনীয়ে বোঁৱা গামোছা, মৌজোলৰ লগতে গাওঁৰ মহিলাই বনোৱা ভোট জলকীয়াৰ আচাৰে যথেষ্ট সমাদৰ লাভ কৰিছে ৷
************