খিলঞ্জীয়া লোকক মাটিৰ পট্টা দিয়াৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপি চৰকাৰে শাসনৰ বাঘজৰী লৈ গুৱাহাটীত মহিলাক উলংগ কৰি পত্নীৰ নামত শ শ বিঘা মাটি কিনিলে মুখ্যমন্ত্ৰীয়ে : বোকাখাতত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ অভিযোগ :

Aiidesh Photo

Aiidesh News  : 16 September  2023  :

"বাগানে বাগানে কংগ্ৰেছ" কাৰ্যসূচীৰে ইতিমধ্যে ৮১ খন চাহ বাগিচাত বিপুল সমাদৰ লাভ কৰা বুলি দাবী কৰি ১৫ ছেপ্তেম্বৰত বোকাখাতৰ লতাবাৰী আৰু ডিফলু চাহ বাগিচাত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ  নেতৃবৃন্দ । 

অসমত এতিয়া ৰক্ষকেই ভক্ষক । শাসকে লৈছে শোষকৰ ৰূপ। খিলঞ্জীয়া মানুহক মাটিৰ পট্টা দিয়াৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহাৰ পাছত গুৱাহাটীত খিলঞ্জীয়া মহিলাক উলংগ কৰি পত্নীৰ নামত শ শ বিঘা মাটি কিনিলে মুখ্যমন্ত্ৰীয়ে । বোকাখাত মহকুমাৰ ডিফলু চাহ বাগিচাত ১৫ ছেপ্তেম্বৰত আয়োজিত বাগানে বাগানে কংগ্ৰেছ কাৰ্যসুচীত এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, এটোৱা মুণ্ডা, কংগ্ৰেছৰ মহিলা নেতৃ মীৰা বৰঠাকুৰ, প্ৰাক্তন মন্ত্ৰী বিস্মৃতা গগৈয়ে বোকাখাতৰ ডিফলু আৰু লতাবাৰী চাহ বাগিচাত উপস্থিত হৈ চাহ বাগিচাৰ ৰাইজৰ সৈতে বিভিন্ন অভাৱ অভিযোগ সন্দৰ্ভত আলোচনা কৰে । ইফালে বোকাখাতৰ এই চাহ বাগিচা অঞ্চল পৰিভ্ৰমণনৰ সময়ত  বিজেপি চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাকো কঠোৰ ভাৱে সমালোচনা কৰে ভূপেন বৰাৰ আৰু মহিলা কংগ্ৰেছৰ নেত্ৰী মীৰা বৰঠাকুৰে । কাৰ্যসুচীত অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতি  ভুপেন বৰাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এটোৱা মুণ্ডা,  ৰামান্না বৰুৱা, অপূৰ্ব ভট্টাচাৰ্য, বিতোপন শইকীয়া, পৱন সিং ঘাটোৱাৰকে আদি কৰি কেইবাজনো জেষ্ঠ কংগ্ৰেছী নেতাই  বোকাখাত মহকুমাৰ বিভিন্ন প্ৰান্তৰৰ চাহ শ্ৰমিকৰ লগত মত বিনিময় কৰি  ডিফলু চাহ বাগিচাত এখন বিশাল জনসভাও সম্বোধন কৰে ৷  এই কাৰ্যসুচীৰ লগতে কলিয়াবৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ গৌৰৱ গগৈৰ সাংসদ পূঁজিৰে  ৰাইজৰ বাবে এখন এম্বুলেঞ্চো প্ৰদান কৰে কংগ্ৰেছৰ নেতৃবৃন্দই ৷

বোকাখাতৰ এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিবলৈ অহা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দলটোক বোকাখাতৰ ইয়ং ব্ৰিগেদ, অসম প্ৰদেশ কংগ্ৰেছ সেৱা দলৰ  দ্বিশতাধিক সদস্যই এক বিশাল বাইক ৰেলীৰে প্ৰায় বিশ কিলোমিটাৰ পথ  আদৰি আনে ।

********