কৃষিমন্ত্ৰী অতুল বৰাৰ দ্বাৰা বোকাখাতত বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ উদ্বোধন : আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ শিলান্যাস স্থাপন :

কৃষিমন্ত্ৰী অতুল বৰাৰ দ্বাৰা বোকাখাতত বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ উদ্বোধন :  আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ  শিলান্যাস স্থাপন  :
Aiidesh Photo
কৃষিমন্ত্ৰী অতুল বৰাৰ দ্বাৰা বোকাখাতত বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ উদ্বোধন :  আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ  শিলান্যাস স্থাপন  :

Aiidesh News : 18 February 2024 :

অসম চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্রী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই আজি জলজীৱন মিছনৰ অধীনত বোকাখাতৰ বিহৰা গাঁও পঞ্চায়তৰ নতুন লাইন পানী যোগান প্ৰকল্প আৰু ১.৫৬ কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ কৰা বোকাখাতৰ মেথনি চাহ বাগিচা পানী যোগান আঁচনি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে । বিহৰা গাঁও পঞ্চায়তৰ নতুন লাইন পানী যোগান প্ৰকল্পটোৱে অঞ্চলটোৰ ৭০ টা ঘৰলৈ বিশুদ্ধ খোৱা পানী যোগান ধৰিব জন স্বাস্থ্য কাৰিকৰী বিভাগে জনায় । সমান্তৰালকৈ বোকাখাতৰ মেথনি চাহ বাগিচা পানী যোগান আঁচনিখনে ৩৫০ টাতকৈও অধিক চাহ জনগোষ্ঠীৰ পৰিয়ালক টেপ সংযোগৰ জৰিয়তে খোৱা পানী যোগান ধৰিব বুলিও প্ৰকাশ কৰে । উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী অতুল বৰাই হিতাধিকাৰী সকলক বিশুদ্ধ খোৱা পানীৰ নিয়মিত ভাৱে যোগান দিব পৰাকৈ এই পানী যোগান প্ৰকল্প কেইটাৰ সঠিক ৰক্ষণাবেক্ষণ আৰু পৰিচালনা কৰিবৰ বাবে সংশ্লিষ্ট বিষয়াসকলক আহ্বান জনায় ।

অনুষ্ঠানত বোকাখাত উপ-জিলা প্ৰশাসনৰ বিষয়া, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে । ইফালে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ দ্বাৰা বোকাখাত সমষ্টিৰ ৬৭ নং শ’গুৰি ত নিৰ্মান কৰা আদৰ্শ অংগনবাড়ী কেন্দ্ৰটোৰ শুভ উদ্বোধন কৰাৰ উপৰিও লতাবাৰী চাহ বাগিছাৰ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ, দিৰিং প্ৰাথমিক বিদ্যালয় আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ আৰু হাতীখুলি চাহ বাগিছাৰ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰো শিলান্যাস স্থাপন কৰে ।

*********