বোকাখাতত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত সাহিত্যিক, সমাজ সেৱিকা মিনতি দলেৰ অভিনন্দন গ্রন্থ উন্মোচন :

বোকাখাতত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত সাহিত্যিক, সমাজ সেৱিকা মিনতি দলেৰ অভিনন্দন গ্রন্থ উন্মোচন :
Aiidesh Photo
বোকাখাতত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত সাহিত্যিক, সমাজ সেৱিকা মিনতি দলেৰ অভিনন্দন গ্রন্থ উন্মোচন :

Aiidesh News  : 30 December 2023 : 

বোকাখাতৰ সন্ধানী লেখিকা সমাৰোহ সমিতিৰ উপ সভানেত্রী, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সহকাৰী সম্পাদিকা, কবি, বিশিষ্ট লেখিকা, সমাজকর্মী মিনতি দলেৰ অভিনন্দন গ্রন্থ বোকাখাতত উন্মোচন কৰা হয় ৷ বোকাখাতৰ সন্ধানী লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত স্থানীয় পুৱতি সাহিত্য সভাৰ প্ৰেক্ষাগৃহত আয়োজিত এই গ্ৰন্থ উন্মোচনী সভাত পুৱা বস্তি প্রজ্বলন কৰে মহুৰামুখ মাহৰা সত্রৰ সত্ৰাধিকাৰ গৌতম গোস্বামীয়ে ৷ বৰগীত পৰিৱেশন কৰে পুৰবী শইকীয়াই ৷ সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী পুতলী খাউণ্ডৰ পৌহিত্যত অনুষ্ঠিত এই গ্ৰন্থ উন্মোচনী সভা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম ৰাজ্যিক সাংবাদিক সস্থাৰ সভাপতি জিতু শর্মা ৰাজখোৱাই ৷ আদৰণী ভাষণ প্ৰদান কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী সুৱর্ণ শইকীয়া বৰদলৈয়ে ৷ অনুষ্ঠানতে অভিন্দিতা মিনতি নামৰ অভিনন্দন গ্রন্থ উন্মোচক কৰে  গোলাঘাটৰ বিশিষ্ট লেখক ডাঃ অজিত বৰুৱাই ৷ 

আজি এই অনুষ্ঠানত গোলাঘাট জিলা সাহিত্য সভাৰ প্রাক্তন সভাপতি সুৰেন্দ্র মোহন হাজৰিকা আৰু মহেশ্বৰ শইকীয়া, গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি তফজ্জুল হক বৰবৰা, পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈ,সদৌ অসম কবি সম্মিলনৰ উপ-সভাপতি দিলীপ শর্মা, পুৱতি সাহিত্য সভাৰ প্রাক্তন সভাপতি মনোৰঞ্জন সেন, জ্যেষ্ঠ নাগৰিক সম্মিলনৰ সভাপতি চৈয়দ আনিচুৰ ৰহমান, গোলাঘাট জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী ডালিমী শইকীয়া বৰা, সাহিত্যিক পেঞ্চনাৰ নিজৰা বৰঠাকুৰ, বিশিষ্ট লেখিকা কল্পনা চেতিয়াৰ উপৰিও স্থানীয় বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ উপৰিও পৰিয়ালৰ সমুহ সদস্য উপস্থিত থাকে ৷ অনুষ্ঠানত মিনতি দলেক বোকাখাতৰ বিভিন্ন দল সংগঠনে ফুলাম গামোছা, মানপত্ৰ আৰু উপহাৰেৰে অভিনন্দন জ্ঞাপন কৰে ৷

********