বোকাখাতৰ কবি অজিৎ গগৈলৈ সপ্তম শব্দ ৰাষ্ট্ৰীয় সাহিত্য আৰু সংস্কৃতি উৎসৱ দকচিৰিৰ ২০২৬ বৰ্ষৰ 'শব্দ বঁটা :
Aiidesh News : 7 January - 2026 :
উজনি অসমৰ অন্যতম শিক্ষা আৰু সামাজিক-সাংস্কৃতিক অনুষ্ঠান 'শব্দ'ৰ সপ্তম শব্দ ৰাষ্ট্ৰীয় সাহিত্য আৰু সংস্কৃতি উৎসৱ দকচিৰি অহা ১৬ জানুৱাৰী পৰা ১৯ জানুৱাৰী ২০২৬ তাৰিখলৈ চাৰিদিনীয়া বার্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব । বিগত বৰ্ষসমূহত শব্দই 'শব্দ বঁটা' অসমৰ বহুকেইগৰাকী বিশিষ্ট কবিক প্রদান কৰি আহিছে । এইবাৰো শব্দই প্ৰদান কৰিব লগা ২০২৬ বৰ্ষৰ 'শব্দ বঁটা'ৰ বাবে অসমৰ তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী প্ৰতিস্থিত কবি বোকাখাতৰ অজিৎ গগৈক নিৰ্বাচন কৰিছে । বিশিষ্ট কবি অজিৎ গগৈ বোকাখাত গড়মূৰ গাঁৱৰ নিবাসী আৰু বাদুলিপাৰ হাইস্কুলত শিক্ষক । অজিৎ গগৈ, প্ৰয়াত বনমালি গগৈ আৰু প্ৰয়াত সোণেশ্বৰী গগৈৰ পুত্ৰ । কবি হিচাবেই প্ৰতিষ্ঠিত অজিৎ গগৈ এজন উপন্যাসিকো । অৰণ্যৰ শোভাযাত্ৰা, ৰঙাজেঠী, সংগোপনৰ ফুল, সত্য এক সুস্বাদু ফল, কোনে কাক বিদায় জনাব পাৰে আদি অজিৎ গগৈৰ প্ৰকাশিত কাব্যগ্ৰন্থ । জীৱনৰ সুৰীয়া বাঁহী গদ্য সংকলন আৰু মায়াশয্যা তেওঁৰ প্ৰকাশিত উপন্সাস । বিশিষ্ট কবি অতিৎ গগৈয়ে ইতিমধ্যে মুনীন বৰকটকী বঁটা, সেউজী সেউজী কাব্য বঁটা, ৰঘুনাথ চৌধাৰী বিশেষ বঁটা, চিদানন্দ শইকীয়া সাহিত্য বঁটা, গণকৃতি বঁটা ইতিমধ্যে লাভ কৰিছে । অহা ১৮ জানুৱাৰী, ২০২৬ তাৰিখে, আবেলি ২ বজাৰ পৰা মিল গাঁও, নকছাৰিৰ সপ্তম শব্দ ৰাষ্ট্ৰীয় সাহিত্য আৰু সংস্কৃতি উৎসৱ দকচিৰিৰ মুকলি সভাত এই বঁটা অজিৎ গগৈক প্ৰদান কৰিব বুলি শব্দৰ অধ্যক্ষ উজ্জ্বল পাওগাম আৰু সচিব জিন্টু ফুকনে এক বিবৃত্তি যোগে জানিবলৈ দিয়ে । আনহাতে ২০২৬ বৰ্ষৰ 'শব্দ বঁটা'ৰ ৰাষ্ট্ৰীয় সাহিত্য আৰু সংস্কৃতি উৎসৱ দকচিৰিত গ্ৰন্থমেলা, কৃষিমেলা, স্থানীয় উৎপাদিত সামগ্ৰীৰ বাণিজ্য মেলা, জনগোষ্ঠীয় খাদ্যমেলাও অনুষ্ঠিত হ'ব। এই সাহিত্য আৰু সাংস্কৃতিক উৎসৱত ভাৰতবৰ্ষৰ কেইবাগৰাকীও বিশিষ্ট সাহিত্য আৰু সাংস্কৃতিক কৰ্মীয়ে অংশগ্রহণ কৰিব। এই উৎসৱত নৈপৰীয়া নাট মহোৎসৱ, আলোচনা সত্ৰ, অসমৰ কেইবাটিও জনগোষ্ঠীৰ লোকনৃত্য, ৰাষ্ট্ৰীয় পৰ্যায়ৰ কবি সম্মিলন, শিশুৰ অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হ'ব।
গতিকে সকলো ৰাইজৰ উপস্থিতি আৰু সহযোগিতাৰে কাৰ্যসূচী সফল ৰূপায়ণত সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছে।
*************







