ভাৰতীয় মহিলা ক্ৰিকেট দলৰ হৈ স্বৰ্ণ জয় বোকাখাতৰ উমা ছেত্ৰীৰ : উৎফুল্লিত বোকাখাত : উমা ছেত্ৰীৰ লগতে স্থানীয় প্ৰশিক্ষক ৰাজা ৰহমান আৰু মেহবুব আলমকো অভিনন্দন :

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ হৈ স্বৰ্ণ জয়  বোকাখাতৰ উমা ছেত্ৰীৰ  : উৎফুল্লিত বোকাখাত : উমা ছেত্ৰীৰ লগতে স্থানীয় প্ৰশিক্ষক ৰাজা ৰহমান আৰু মেহবুব আলমকো অভিনন্দন  :

Aiidesh News  : 26 September 2023 :

চীন দেশ হংঝাউ চহৰত অনুষ্ঠিত হৈ থকা ১৯ সংখ্যক এচিয়ান গেমছত সোণৰ পদক লাভ কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলে ৷ শ্ৰীলংকাক পৰাজিত কৰি স্বৰ্ণ জয় কৰিবলৈ সক্ষম হোৱা ভাৰতীয় মহিলা ক্ৰিকেট দলত আছে বোকাখাতৰ কান্ধুলিমাৰী গাওঁৰ কন্যা উমা ছেত্ৰী ৷ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ লগতে স্বৰ্ণ জয়েৰে  উজ্জ্বলি উঠিছে উমা ছেত্ৰীও ৷ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ এই স্বৰ্ণ জয়ৰ অংশীদাৰ হৈ সমগ্ৰ অসমবাসীক গৌৰাৱাম্বিত কৰিলে বোকাখাতৰ সুসন্তান ক্ৰিকেটাৰ উমা ছেত্ৰীয়ে ৷ সুদীৰ্ঘ ৫৭ বছৰৰ প্ৰতীক্ষাৰ অন্তত এচিয়ান গেমছত সোণৰ পদক জয় কৰি সমগ্ৰ অসমবাসীক গৌৰাৱাম্বিত কৰিলে  উমা ছেত্ৰীয়ে ৷ ইয়াৰ আগতে ১৯৬৬ চনত অৰ্জুন ভোগেশ্বৰ বৰুৱাই বেংককত অনুষ্ঠিত এচিয়ান গেমছৰ ৮০০ মিটাৰ দৌৰত স্বৰ্ণ পদক জয় কৰিছিল ৷

উমা ছেত্ৰীৰ এই সাফল্যত উৎফুল্লিত হৈ পৰে সমগ্ৰ বোকাখাত ৷ উমা ছেত্ৰীৰ এই সাফল্যত দেশবাসীৰ লগতে বোকাখাত জিলা ক্ৰীড়া সন্থাৰ সভাপতি, বিধায়ক, কেবিনেট মন্ত্ৰী অতুল বৰাই উমা ছেত্ৰীৰ এই যাত্রা আৰু প্ৰাপ্তিত গভীৰ সন্তুষ্টি লাভ কৰা বুলি কৈ উমা ছেত্ৰীৰ সৈতে  ৰাজ্যবাসী-ৰাজ্য চৰকাৰ আছে বুলিও মন্তব্য প্ৰকাশ কৰে । বোকাখাত জিলা ক্ৰীড়া সন্থাৰ নেতৃত্বত স্থানীয় বিভিন্ন দল সংগঠনে উমা ছেত্ৰীৰ লগতে উমা ছেত্ৰী পিতৃ কান্ধুলিমাৰী গাওঁৰ কৃষক লোকবাহাদুৰ ছেত্ৰী আৰু মাতৃ দীপা ছেত্ৰীক অভিনন্দন জ্ঞাপন কৰিছে ৷ এচিয়ান গেমছত সোণৰ পদকেৰে উজ্জ্বলি উঠা উমা ছেত্ৰীক বোকাখাতত ক্ৰিকেটৰ আদিপাঠ দিয়া প্ৰশিক্ষক ৰাজা ৰহমান আৰু মেহবুব আলমকো  আন্তৰিক  অভিনন্দন জ্ঞাপন কৰিছে বোকাখাতৰ দল সংগঠনে ৷

********