বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত বোকাখাতৰ উজনি অসম বিকলাংগ কেন্দ্ৰত পবিত্ৰ ৰাখী বন্ধন উদযাপন :

বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত বোকাখাতৰ উজনি অসম বিকলাংগ কেন্দ্ৰত পবিত্ৰ ৰাখী বন্ধন উদযাপন  :
Aiidesh Photo

Aiidesh News  : 12 August  :

আজি পবিত্ৰ ৰাখী বন্ধন । ৰাখী  বন্ধন হ’ল প্ৰেম আৰু ভাতৃত্ববোধৰ এক প্ৰতীক। ৰাখী বন্ধনৰ আজিৰ দিনটোত বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত বোকাখাতৰ উজনি অসম বিকলাংগ কেন্দ্ৰত বিশেষভাৱে উদযাপন কৰা হয় ৷ বোকাখাতৰ মহকুমাধিপতি ডা৹ নেহা যাদৱৰ উদ্যোগত উজনি অসম বিকলাংগ কেন্দ্ৰৰ পৰিচালনা সমিতিৰ সহযোগত কেন্দ্ৰৰ বিশেষভাৱে সক্ষম শিশু আৰু বিষয়া কৰ্মচাৰীৰ মাজত ৰাখী বান্ধি এই দিৱস উদযাপন কৰা হয় । 

আজিৰ অনুষ্ঠানত বোকাখাত মহকুমাৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, পৰিতালনা সমিতিৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা,  বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ফনীধৰ ৰাজখোৱা,  প্ৰধান শিক্ষয়ত্ৰী কুঞ্জলতা দাস, মহকুমা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী, বিকলাংগ কেন্দ্রৰ পৰিচালনা সমিতিৰ সদস্য, বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি, জ্যেষ্ঠ নাগৰিক, সাংবাদ কৰ্মী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে । অনুষ্ঠানত কেন্দ্ৰটোৰ বিশেষভাৱে সক্ষম শিশু অনুৰাগ তাঁতীৰ হাতত পবিত্ৰ ৰাখী বান্ধি মহকুমাধিপতি ডা৹ নেহা যাদৱে আনুষ্ঠানিক ভাৱে দিৱসৰ শুভাৰম্ভ কৰে ৷ ৰাখী বন্ধাৰ আনুষ্ঠানিকতাৰ পিচতেই বিশেষ ভাৱে সক্ষম শিশু সকলৰ লগতে উপস্থিত সকলোয়ে কেন্দ্ৰ ভোজনালয়ত দুপৰীয়াৰ আহাৰ গ্ৰহন কৰে ৷ 

অনুষ্ঠানতে উজনি অসম বিকলাংগ কেন্দ্ৰ নৱ গঠিত পৰিচালনা সমিতিক পুৰণি সমিতিয়ে আনুষ্ঠানিকভাৱে দায়ীত্ব ভাৰো অৰ্পন কৰে ৷

*******