হাড়গিলা চৰাই সংৰক্ষণৰ বাবে চলাই অহা প্ৰচেষ্টাৰ বাবে আৰণ্যকৰ ড° পূৰ্ণিমা দেৱী বৰ্মনলৈ বিশ্বৰ আগশাৰীৰ হুইটলে গ’ল্ড এৱাৰ্ড :

হাড়গিলা চৰাই সংৰক্ষণৰ বাবে চলাই অহা প্ৰচেষ্টাৰ বাবে আৰণ্যকৰ ড° পূৰ্ণিমা দেৱী বৰ্মনলৈ বিশ্বৰ আগশাৰীৰ হুইটলে গ’ল্ড এৱাৰ্ড :
Aiidesh Photo
হাড়গিলা চৰাই সংৰক্ষণৰ বাবে চলাই অহা প্ৰচেষ্টাৰ বাবে আৰণ্যকৰ ড° পূৰ্ণিমা দেৱী বৰ্মনলৈ বিশ্বৰ আগশাৰীৰ হুইটলে গ’ল্ড এৱাৰ্ড :
হাড়গিলা চৰাই সংৰক্ষণৰ বাবে চলাই অহা প্ৰচেষ্টাৰ বাবে আৰণ্যকৰ ড° পূৰ্ণিমা দেৱী বৰ্মনলৈ বিশ্বৰ আগশাৰীৰ হুইটলে গ’ল্ড এৱাৰ্ড :
হাড়গিলা চৰাই সংৰক্ষণৰ বাবে চলাই অহা প্ৰচেষ্টাৰ বাবে আৰণ্যকৰ ড° পূৰ্ণিমা দেৱী বৰ্মনলৈ বিশ্বৰ আগশাৰীৰ হুইটলে গ’ল্ড এৱাৰ্ড :

Aiidesh News  : 5 May - 2024  : 

জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে নিৰলস প্ৰচেষ্টাৰ গুৰি ধৰা আৰণ্যকৰ এগৰাকী নিষ্ঠাবান জীৱ বিজ্ঞানী ড° পূৰ্ণিমা দেৱী বৰ্মনক চলিত বৰ্ষৰ “সেউজ অস্কাৰ” খ্যাত “ হুইটলে গ’ল্ড এৱাৰ্ড ২০২৪” প্ৰদান কৰা হৈছে । অসমত হাড়গিলা হিচাপে পৰিচিত বিশ্বৰ অন্যতম বিৰল বৰটোকোলা বিধৰ সংৰক্ষণৰ ক্ষেত্ৰত তেওঁৰ অক্লান্ত কৰ্মৰ স্বীকৃতি স্বৰূপে ড৹ পূৰ্ণিমা দেৱী বৰ্মনলৈ এই বটাঁ আগবঢ়োৱা হৈছে । জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত নাৰী শক্তিক বিশ্ব পৰ্যায়ত উজলাই তোলা এই স্বীকৃতি কেৱল ড° পূৰ্ণিমা বৰ্মনৰ বাবেই নহয়, অসম তথা দেশৰ বাকী ক্ষেত্ৰৰ বাবেও এক উল্লেখযোগ্য কৃতিত্ব । এই স্বীকৃতিয়ে আমাক এতিয়া আৰু সক্ৰিয়তাৰে হাড়গিলাক সুৰক্ষা দিয়াৰ বাবে থকা আমাৰ  সংকল্পক অধিক শক্তি যোগাব বুলি মন্তব্য কৰে ড৹ পূৰ্ণিমা বৰ্মনে ।

তেওঁৰ মতে “এই বঁটা প্ৰকৃততে সমাজৰ সেইসকল মহিলাসকলৰ বাবে,  যিসকলে এতিয়ালৈকে আমাৰ এই সংৰক্ষণ যাত্ৰাত শক্তিৰ উৎস হিচাপে সহায় কৰি আহিছে । আমি নিষ্ঠা আৰু দায়বদ্ধতাৰে কেনেকৈ সংৰক্ষণৰ প্ৰচেষ্টাৰ গুৰি ধৰিব পাৰোঁ,  এয়া দেশৰ মহিলাসকলৰ পৰা সমগ্ৰ বিশ্বৰ বাবে  এক বাৰ্তা”। কামৰূপ জিলাৰ দদৰা-পচৰিয়াৰত এক বিশেষ সংৰক্ষণ প্ৰকল্পৰ দ্বাৰা স্থানীয় মহিলাসকলক সংগঠিত কৰি হাড়গিলা চৰাইক সংৰক্ষণৰ প্ৰশংসনীয় প্ৰচেষ্টাই বিশ্বজুৰি দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

দেশৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যক ড৹ পূৰ্ণিমা দেৱী বৰ্মনৰ এই কৃতিত্বত আনন্দিত । আৰণ্যকৰ মুখ্য কাৰ্যবাহী বিষয়া তথা সচিব প্ৰধান ড° বিভৱ কুমাৰ তালুকদাৰৰ মতে “২০০২ চনৰ পৰা আৰণ্যকৰ সৈতে জড়িত হৈ থকা ড° পূৰ্ণিমা দেৱী বৰ্মনৰ এই সাফল্যই আৰণ্যকক গৌৰৱান্বিত কৰিছে আৰু পৃথিৱীত জীৱকূলৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে প্ৰকৃতিক প্ৰতিপালন কৰাৰ আমাৰ নিৰলস প্ৰচেষ্টাত উৎকৰ্ষ সাধনৰ বাবে চেষ্টা কৰিবলৈ আমাক সকলোকে উৎসাহিত কৰিছে” । স্থানীয় মহিলাসকলৰ অভূতপূৰ্ব সহযোগিতাৰে বিপন্ন হাড়গিলাৰ সংৰক্ষণৰ বাবে পূৰ্ণিমা দেৱীৰ প্ৰশংসনীয় একাগ্ৰতাই জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত মহিলাৰ ভূমিকা কিয় ইমান গুৰুত্বপূৰ্ণ সেই কথা প্ৰতীয়মান কৰিছে । জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে বহনক্ষম দলীয় প্ৰচেষ্টা স্থানীয় সমূদায়ক অনুপ্ৰাণিত কৰাৰ তেওঁৰ ক্ষমতাক বিশ্বই স্বীকৃতি দিছে আৰু এই বঁটাটোৱে ইয়াক পুন: প্ৰতিষ্ঠা কৰিলে” । আৰণ্যকৰ সংৰক্ষণবিদ জীৱবিজ্ঞানী ড° আলোলিকা সিনহাৰ মতে, “পূৰ্ণিমা দেৱীৰ সংৰক্ষণ প্ৰচেষ্টা অতুলনীয় আৰু সংৰক্ষণবিদসকল,  বিশেষকৈ এই গ্ৰহটোক ৰক্ষা কৰিবলৈ অহোপুৰুষাৰ্থ কৰি থকা সকলো মহিলাৰ বাবে এইয়া এক অনুপ্ৰেৰণা” । আৰণ্যকত নামৰ সংগঠনটোৰ পৰিচালনা মূৰব্বী মৃদুস্মৃতা দেৱীয়ে মতে “বিপন্ন হাড়গিলা সংৰক্ষণৰ বাবে কৰা একাগ্ৰ চেষ্টাৰ স্বীকৃতি স্বৰূপে "গ্ৰীণ অস্কাৰ" হুইটলে গ’ল্ড এৱাৰ্ড ২০২৪ চনৰ বাবে লাভ কৰা ড° পূৰ্ণিমা দেৱী বৰ্মনলৈ আমাৰ হিয়াভৰা অভিনন্দন । তেওঁৰ কৰ্মই কেৱল আৰণ্যককেই নহয়, সকলো মহিলাকে অনুপ্ৰাণিত কৰিব” ।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও ড৹ পূৰ্ণিমা দেৱী বৰ্মণে ২০২২ চনত ৰাষ্ট্ৰ সংঘৰ “ইউ এন এনভাইৰনমেন্ট চেম্পিয়নছ অৱ দ্যা আৰ্থ এৱাৰ্ড”কে ধৰি বহু কেইটা আন্ত:ৰাষ্ট্ৰীয় স্বীকৃতি লাভকৰি দেশক গৌৰৱান্বিত কৰিছে ৷ আৰণ্যকে সন্মানীয় হুইটলে গ’ল্ড এৱাৰ্ডেৰে সংৰক্ষণ জীৱবিজ্ঞানী ড° পূৰ্ণিমা দেৱী বৰ্মনক সন্মানিত কৰা বাবে “হুইটলে ফাণ্ড ফৰ নেচাৰ”ক ধন্যবাদ জনাইছে ।

*******