মই ঠিকে আছো, মোক সহায়ৰ প্ৰয়োজন নাই - ৰাচিয়ান দুতাবাসক জনালে বোকাখাতত চিকিৎসাধীন ৰাচিয়ান পৰ্যটক নিকিতা ক'ৰিয়াভস্কিনে : মই সুস্থ, মোক ধপাত সেৱন কৰিবলৈ দিয়ক :

মই ঠিকে আছো,  মোক সহায়ৰ প্ৰয়োজন নাই - ৰাচিয়ান দুতাবাসক জনালে বোকাখাতত চিকিৎসাধীন ৰাচিয়ান পৰ্যটক নিকিতা ক'ৰিয়াভস্কিনে : মই সুস্থ, মোক ধপাত সেৱন কৰিবলৈ দিয়ক :
Aiidesh Photo

Aiidesh News  : 6 April - 2024  :

বিগত ১০ দিনে বোকাখাতৰ ছহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে নিকিতা ক'ৰিয়াভস্কিন নামৰ ৰাছিয়াৰ এজন পৰ্যটক । শৰীৰৰ বিভিন্ন স্থানত আঘাত লৈ চিকিৎসালয় খনত উপস্থিত হোৱা আৰু সম্প্ৰতি চিকিৎসাধীন হৈ থকা এই ৰাছিয়ান পৰ্যটক জনক লৈ এতিয়া বিমোৰত পৰিছে চিকিৎসালয় কৰ্তৃপক্ষ । চিকিৎসালয় কৰ্তৃপক্ষই এই প্ৰসংগত বোকাখাত আৰক্ষীৰ সঁহাৰি বিচাৰিও সদ্যোত্তৰ নোপোৱা বুলি বাতৰি পৰিবেশন হোৱাৰ পিচত আজি বোকাখাতৰ সাংবাদিক সকলে পৰ্যটকৰ জনক সহায় কৰাৰ বাবে নতুন দিল্লীত থকা ৰাছিয়ান দুতাবাসৰ সৈতে যোগাযোগ কৰি পৰ্যটক জনৰ সবিশেষ আৰু পাচপৰ্টৰ কপি দুতাবসলৈ প্ৰেৰণ কৰে ৷ ৰাছিয়ান দুতাবাসে তাৎক্ষনিক ভাৱে সহাৰি জনাই চিকিৎসাধীন হৈ থকা নিকিতা ক’ৰিয়াভস্কিন নামৰ ৰাছিয়ান পৰ্যটক জনৰ লগত কথা পাতিব বিচাৰে ৷ বোকাখাতৰ সাংবাদিক সকলে নিকিতা ক’ৰিয়াভস্কিনক ৰাছিয়ান দুতাবাসৰ সৈতে কথা পতাই দিয়াৰ পিচত পৰ্যটক জনে তেওঁ কোনো বিপদত পৰা নাই আৰু কাৰো সহায়ৰ প্ৰয়োজন নাই বুলি জনায় ৷ তেওঁৰ মতে - মই অসুস্থহে ৷ বিপদত পৰা নাই ৷ এতিয়া তেওঁ চিকিৎসালয়ৰ পৰা ওলাই যাবহে বিচাৰে বুলি দুতাবাসক জনায় ৷ ৰুছ ভাষাত কিছু কথা বাৰ্তা পাতি দুতাবাসৰ সৈতে বাৰ্তালাপ সামৰে ৷ 

ৰাছিয়ান পৰ্যটকজনৰ এই মন্তব্য আৰু ৰাছিয়ান দুতাবাসকো এই কথা স্পষ্টকৈ জনাই দিয়াৰ পিচত চিকিৎসকে পৰ্যটক জনক ৰিলিজ দিয়াৰ সিধান্ত গ্ৰহন কৰে ৷ চিকিৎসকৰ মতে তেওঁৰ পুৰণি আওৰিয়া বেমাৰ আছে অন্যথা তেওঁ সুস্থ ৷ চিকিৎসালয়ৰ পিচত তেওঁ কলৈ যাব বুলি সাংবাদিকে সোধাত তেওঁ হেৰুৱা বেগ বিচাৰি পুনৰ কাজিৰঙালৈ যোৱাৰ কথা ব্যক্ত কৰে আৰু তাৰ পিচতেই তেওঁ ম্যানমাৰলৈ যাত্ৰা কৰিব ৷ তাৰ বাবে তেওঁক কোনো লোকৰ বা ৰাছিয়া দুতাবাসৰ সহায়ৰ প্ৰয়োজন নাই বুলিও অৱগত কৰে ৷ তেওঁৰ বাবে বোকাখাতৰ জনসাধাৰণ আৰু প্ৰশাসনে কি কৰা উচিত বুলি সোধা প্ৰশ্নৰ উত্তৰত নিকিতা ক’ৰিয়াভস্কিন নামৰ পৰ্যটকে তেওঁক ধপাত খাবৰ বাবে অনুমতি প্ৰদান কৰিবলৈ অনুৰোধ জনায় ৷ উল্লেখ্য যে প্ৰথম অৱস্থাত ৰাছিয়ান দুতাবাসৰ সৈতেও কথা পাতিবলৈ অস্বীকাৰ কৰিছিল পৰ্যটক জনে ৷ যাৰ বাবে পৰ্যটকজনকলৈ বিভিন্ন প্ৰশ্নৰো উদয় হৈছে ৷ 

উল্লেখ্য যে ২৪ তাৰিখৰ পুৱা কাজিৰঙাৰ কঁহৰা বনাঞ্চলৰ বৰবিল গাৱঁত মৰা ডিফলু নদীৰ পাৰত বৰবিল বন শিৱিৰৰ বনকৰ্মীয়ে ৰাষ্ট্ৰীয় উদ্যানত অনাধিকাৰ প্ৰৱেশ কৰা প্ৰত্যক্ষ কৰি কৰায়ত্ব কৰাৰ পিচত আৰক্ষীক অৰ্পণ কৰিছিল এই ৰাচিয়ান পৰ্যটক জনক ৷ আৰু তেনে সময়ত গঁড়ে আক্ৰমন কৰিছিল পৰ্যটক জনক । পৰৱৰ্তী সময়ত ২৭ মাৰ্চত বোকাখাত নগৰত উপস্থিত হয়হি পৰ্যটক গৰাকী । বোকাখাতত ঘূৰি ফুৰা দেখি  স্থানীয় লোকে আহত পৰ্যটকজনক বোকাখাতৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিন থকা ৰাচিয়ান পৰ্যটকজন সম্প্ৰতি বোকাখাতৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে  যদিও সম্প্ৰতি তেওঁ সুস্থ হৈ উঠিছে । 

********