বোকাখাত নিৰ্বাচনী জিলাৰ উদ্যোগত নিৰ্বাচনী আচৰণ বিধিৰ সন্দৰ্ভত বিভাগীয় বৈঠক :

বোকাখাত নিৰ্বাচনী জিলাৰ উদ্যোগত নিৰ্বাচনী আচৰণ বিধিৰ সন্দৰ্ভত বিভাগীয় বৈঠক :
Aiidesh Photo
বোকাখাত নিৰ্বাচনী জিলাৰ উদ্যোগত নিৰ্বাচনী আচৰণ বিধিৰ সন্দৰ্ভত বিভাগীয় বৈঠক :

Aiidesh News  : 16 March - 2024  :

ভাৰতৰ নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে অসমতো নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈছে । বোকাখাত নিৰ্বাচনী জিলাৰ নিৰ্বাচন প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি জিলা নিৰ্বাচনী বিষয়া চিমী কৰণে বিভিন্ন বিভাগৰ বিষয়া -  কৰ্মচাৰী সকলৰ সৈতে বোকাখাত মাহকুমাধিপতি কাৰ্যালয়ৰ সভা কক্ষত এখন বৈঠকত মিলিত হয় । আগন্তুক লোকসভা নিৰ্বাচন স্বচ্ছ, নিকা আৰু শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা নিৰ্বাচনী বিষয়া গৰাকীয়ে বোকাখাত জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে গঠন কৰি দিয়া নিৰ্বাচন সংক্ৰান্তীয় বিভিন্ন কোষত নিয়োজিত সকলো বিষয়া  - কৰ্মচাৰীক এটা দল হিচাপে কাম কৰি যাবলৈ অনুৰোধ জনায় । 

সমান্তৰালকৈ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতেও আজি জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে এক বৈঠকত মিলিত হয় । এই বৈঠকত জিলা নিৰ্বাচনী বিষয়া গৰাকীয়ে  নিৰ্বাচনী আচৰণ বিধি, নিৰ্বাচনী ব্যয় নিৰীক্ষণ আদিৰ বিষয়ে  বিশদভাৱে ৰাজনৈতিক দল সমুহক অৱগত কৰাৰ লগতে এই সময়ত ৰাজনৈতিক দল সমূহে পালন কৰিব লগীয়া দায়িত্ব সম্পৰ্কেও অৱগত কৰে । লগতে সকলো দলৰ প্ৰতিনিধি সকলক নিৰ্বাচনী জিলাখনত সুচাৰূপে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্ধাৰিত নিয়ম আৰু নিৰ্দেশনা অনুসৰণ কৰিবলৈ অনুৰোধ জনায় জিলা নিৰ্বাচনী বিষয়া গৰাকীয়ে । বৈঠকত সুবিধা কেণ্ডিদেত এপৰ বিষয়েও ৰাজনৈতিক দলৰ প্ৰতিনিধি সকলক অৱগত কৰা হয় । এই এপ্  ব্যৱহাৰ কৰি বিভিন্ন দলৰ প্ৰাৰ্থীসকলে নিৰ্বাচনী সভা, প্ৰচাৰ ৰেলী আদিৰ বাবে বিভাগীয় অনুমতি বিচৰাৰ লগতে আবেদন পত্ৰৰ বিষয়ে জানিবলৈ ব্যৱহাৰ কৰিব পাৰিব বুলি বৈঠকত অৱগত কৰে ।

*********