বোকাখাতৰ নাহৰজান চাহ বাগিছাত আটচাৰ ধৰ্ণা কাৰ্যসুচী : স্মাৰক পত্ৰ প্ৰদান :

বোকাখাতৰ নাহৰজান চাহ বাগিছাত আটচাৰ ধৰ্ণা কাৰ্যসুচী : স্মাৰক পত্ৰ প্ৰদান :
Photo : Uttam Saikia
বোকাখাতৰ নাহৰজান চাহ বাগিছাত আটচাৰ ধৰ্ণা কাৰ্যসুচী : স্মাৰক পত্ৰ প্ৰদান :

বোকাখাতৰ নাহৰজান চাহ বাগিছাত আটচাৰ ধৰ্ণা কাৰ্যসুচী : স্মাৰক পত্ৰ প্ৰদান : 


AIIDESH NEWS.26 August :


বোকাখাত মহকুমাৰ এখন সমস্যা বহুল চাহ বাগিছা হ'ল নাহৰজান চাহ বাগিছা ৷ শিক্ষা , স্বাস্থ্য , বাসস্থান আৰু বিশুদ্ধ খোৱাপানীৰ সমস্যাৰে আজিও ভাড়াকান্ত এই খন বাগিছাৰ শ্ৰমিক সকল ৷ এইবোৰ সমস্যাৰ পটভুমিত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত উপ শাখা আৰু নাহৰজান চাহ বাগিছাৰ প্ৰাথমিক গোটৰ উদ্যোগত আজি পুৱা নাহৰজান চাহ বাগিছাত দুঘন্টীয়া ধৰ্ণা কাৰ্যসুচী পালন কৰা হয় ৷ বাগিছাৰ শ্ৰমিকৰ মজুৰী ৩৫১ টকালৈ বৃদ্ধি, শ্ৰমিকক মাটিৰ পট্টা প্ৰদান, জনজাতিকৰণ কৰা আৰু চাহ বাগিছাৰ বিভিন্ন সমস্যাৰ শীঘ্ৰে সমাধান কৰাৰ দাবীত আজি পুৱা ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসুচী পালন কৰে ছাত্ৰ সংগঠনটোৰ কৰ্মকৰ্তাই ৷ ধৰ্ণাৰ শেষত ১৭ দফীয়া দাবী চনদেৰে এক স্মাৰক পত্ৰ বাগিছাৰ পৰিচালক হৰিৎ চন্দ্ৰ তিৱাৰীৰ  হাতত অৰ্পণ কৰে  ৷ ধৰ্ণা কাৰ্যসুচীত ছাত্ৰ সংগঠন আটচাৰ বোকাখাত শাখাৰ কাৰ্যকৰী সভাপতি টংকেশ্বৰ বৰাইক , কাৰ্যকৰী  সদস্য বিকাশ নায়ক , নাহৰজান প্ৰাথমিক গোটৰ সভাপতি ৰবুল ক'ল , সম্পাদক অবিনাশ নাগৰ উপৰিও নাহৰজান, টিপুজান আৰু বালিজান গোটৰ সদস্য সকলৰ উপৰিও   বাগিছাৰ শ্ৰমিক সকলেও অংশ গ্ৰহন কৰে ৷