এখন শৰবিদ্ধ আকাশ এৰি চিৰদিনলৈ গুছি গ’ল কবি , নাট্যকাৰ , লেখক পৰিচালক ৰফিকুল হোছেইন : শোকস্তব্ধ অসমৰ নাট্য জগত :
Aiidesh News : 9 February - 2026 :
অসমৰ নাটক আৰু কবিতাৰ জগত খনক উকা কৰি শৰবিদ্ধ এখন আকাশ এৰি ৭১ বছৰ বয়সত চিৰদিনৰ বাবে গুচি গ'ল অসমীয়া সাহিত্যত নিজ সৃষ্টিৰে সুকীয়া ধাৰাৰ সৃষ্টি কৰা অসমৰ নাট্য জগতৰ এজন মহান শিল্পী , বোকাখাত তথা অসমৰ বিশিষ্ট কবি, নাট্যকাৰ, পৰিচালক, গল্পকাৰ, লেখক ৰফিকুল হোছেইন । উল্লেখ্য যে আকস্মিকভাৱে যোৱা ১ ফেব্ৰুৱাৰীৰ পুৱা মৰিগাওঁত হঠাতে গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল ৰফিকুল হোছেইন । মৰিগাঁৱৰ লালিলাং দ্যা থিয়েটাৰ ৰিডমৰ সৈতে বিশেষভাৱে জড়িত ৰফিকুল হোছেইনক যোৱা ১ ফেব্ৰুৱাৰীৰ পুৱা তেখেতৰ মৰিগাঁৱৰ আৱাসৰ বাথৰুমত সংজ্ঞাহীন হৈ পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল । জানিব পৰা মতে পুৱা বহু সময়লৈ ঘৰৰ দুৱাৰ বন্ধ দেখি মাতিও হোছেইনৰ মাত নাপাই আৰক্ষীক খবৰ দিয়ে নিকততম ব্যক্তিয়ে । আৰক্ষীয়ে বলপূৰ্বক বন্ধ দুৱাৰ খুলি বাথৰুমত পৰি থকা অৱস্থাত ৰফিকুল হোছেইনক উদ্ধাৰ কৰি তাৎক্ষণিক ভাৱে মৰিগাঁও জিলা অসামৰিক চিকিৎসালয়ৰ আই চি ইউ-ত ভৰ্তি কৰোৱা হয় । ষ্ট্ৰোকত আক্ৰান্ত হৈ ৰফিকুল হোছেইন পুৱা যথেষ্ট সময় বাথৰুমতে সংজ্ঞাহীন অৱস্থাত পৰি আছিল । ১ ফেব্ৰুৱাৰীৰ বিয়লিলৈ তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু তাতেই চিকিৎসাধীন অৱস্থাত শনিবাৰে অৰ্থাৎ ৭ ফেব্ৰুৱাৰীৰ নিশা ৰফিকুল হোছেইনে শেষ নিশ্বাস ত্যাগ কৰে । উল্লেখ্য যে আজীৱন নাটক মজিয়াতে ওমলি ফুৰা ৰফিকুল হোছেইন মৰিগাঁৱৰ এক অতিথিশালাৰ কোঠাত অকলে আছিল । বোকাখাতত থকা তেএঁ পৰিয়ালৰ লোকে খবৰ পায়েই গুৱাহাটীলৈ ৰাওঁণা হয় । স্মৰ্তব্য যে স্কুলীয়া জীৱনতে কবি হিচাপে আত্মপ্ৰকাশ কৰা ৰফিকুল হোছেইনে ১৯৫৫ চনত বোকাখাতত জন্মলাভ কৰিছিল । বোকাখাতৰ প্ৰয়াত আৰক্ষী বিষয়া আনোৱাৰ হোছেইন আৰু প্ৰয়াত জাহানাৰা বেগমৰ ৫ জন ল'ৰা, ২ গৰাকী ছোৱালীকে ধৰি থকা ৬ সন্তানৰ তৃতীয় সন্তান আছিল ৰফিকুল হোছেইন । ৰফিকুল হোছেইনৰ জন্ম হৈছিল নগালেণ্ডৰ টুৱেচাংত । ৰফিকুল হোছেইনে বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষা শেষ কৰি যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত উচ্চ শিক্ষা আহৰণ কৰিছিল । জনপ্ৰিয় কবি ৰফিকুল হোছেইনৰ প্রকাশিত কবিতা সংকলন ক্রমে "শৰবিদ্ধ আকাশ" (১৯৮৪) আৰু "বিষাদ বসন্ত" (২০০৯)। প্ৰকাশিত পূর্ণাংগ নাট্য সংকলন ক্রমে "ধোৱাঁ", "দৈৱকী", "জলাশয়" (তিনিখন একত্র পূর্ণাংগ নাটক, ১৯৯৫) আৰু "জলপ্রপাত" (২০০৮)। অদ্য পৰিমিত অপ্রকাশিত পূর্ণাংগ নাটকসমূহ, ক্রমে "উজান", "কৌৰৱ পাণ্ডৱ", "অৰণ্যত উর্মিলা", "সপোনৰ বৃন্দাবন", "নির্বাক" আদি । চুটি নাটক সমূহ ক্রমে "পুতলাৰ কোৰাচ", "ছন্দিত সূর্য", "জীৱন ছন্দোময়", "অভিমন্যুৰ মহাকাব্য" (ছপা আকাৰে প্ৰকাশিত), "ঘটোৎকচ" আদিৰ লগতে প্রায় পয়ত্রিশ বছৰীয়া নাট যাত্রাত বহু নাটৰ পৰিচালনাৰ কৰিছিল ৰফিকুল হোছেইনে । নাট্য জীৱনৰ অভিজ্ঞতাকলৈ ৰফিকুল হোছেইনে ধাৰাবাহিক ভাৱে লিখি উলিয়াইছিল থিয়েটাৰী গল্প উপৰিও এটা পেটিকোটৰ কাহিনী আৰু অন্যান্য" (২০১৫) তেওঁৰ উল্লেখযোগ্য প্ৰকাশিত গ্ৰন্থ । ২০২২ চনত তেওঁ অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰিছিল। অসমৰ আগশাৰীৰ কাকত আলোচনীত প্ৰকাশ পাই আহিছে ৰফিকুল হোছেইনৰ অনেক কবিতা আৰু লেখা। বোকাখাতৰ নাট্য, কাব্য জগতৰ পৰা পোখা মেলি সমগ্ৰ অসমৰ নাট্য, কাব্যৰ সৃষ্টিশীল জগত ছানি ধৰি ৰফিকুল হোছেইন শেহতীয়াকৈ যোৱা ডেৰ দশক ধৰি মৰিগাঁৱৰ লালিলাং দ্যা থিয়েটাৰ ৰিডমৰ সৈতে বিশেষভাৱে জড়িত হৈ আছিল। ৰফিকুল হোছেইনৰ আকস্মিক অসুস্থতাই উদ্বিগ্ন কৰি তুলিছিল বোকাখাতৰ লগতে সমগ্ৰ ৰাজ্যৰ সৃষ্টিশীল, নাট্য জগতৰ সৈতে জড়িত অলেখজনক সকলো লোককে । বোকাখাতৰ প্ৰায় দুকুৰি বছৰীয়া নাট্যানুষ্ঠান ৰূপজ্যোতি সংঘৰ জন্ম লগ্নৰে পৰা সুদীৰ্ঘকাল সংগঠনটোৰ সৈতে জৰিত আছিল ৰফিকুল হোছেইন । বোকাখাতৰ কোৰাচ, লোকায়ত, ৰংগভূমি আদি উল্লেখনীয় নাট্যানুষ্ঠানৰ জন্মদাতা আছিল ৰফিকুল হোছেইন। ৰূপজ্যোতি সংঘ, বোকাখাতৰ লগতে হোছেইনৰ প্ৰতিগৰাকী অনুৰাগী হোছেইনৰ আকস্মিক মহাপ্ৰয়াণত শোক স্তব্ধ হৈ পৰিছে বোকাখাতবাসী। শোকস্তব্ধ হৈছে বোকাখাত নাট্য মন্দিৰ, মৰিগাঁৱৰ লালিলাং দ্যা থিয়েটাৰ ৰিডমৰ লগতে বোকাখাত তথা সমগ্ৰ ৰাজ্যৰ দল-সংগঠন আৰু ব্যক্তি । জামুগুৰিহাট, লখিমপুৰৰ নাট্য জগতৰ সৈতে প্ৰয়াত ৰফিকুল হোছেইন বিশেষভাৱে জড়িত আছিল যদিও শেহতীয়াকৈ দেৰটা দশক তেওঁ মৰিগাঁৱৰ লালিলাং দ্যা থিয়েটাৰ ৰিডম গোষ্ঠীৰ সৈতে জড়িত হৈ মৰিগাঁৱতে গৰিষ্ঠ সময় থাকিবলৈ লৈছিল।
৭ ফেব্ৰুৱাৰীৰ নিশাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ পৰা ৰফিকুল হোছেইনৰ নশ্বৰ দেহ বোকাখাতৰ নিজ বাসগৃহলৈ লৈ অহা হয় আৰু ৮ ফেব্ৰুৱাৰীৰ পুৱা পুষ্প সজ্জিত বাহনেৰে তেওঁক বোকাখাতৰ নিজ বাসগৃহৰ পৰা "ৰফিকদাৰ জয়" ধ্বনিৰে শোভাযাত্ৰা কৰি বোকাখাত নাট্য মন্দিৰ প্ৰাংগণলৈ লৈ যোৱা হয় । বোকাখাত নাট্য মন্দিৰ প্ৰাংগণত বোকাখাত সমজিলা আয়ুক্ত শিৱানী জাৰ্ণগেল আৰু প্ৰশাসনীয় বিষয়াৰ উপস্থিতিতিত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে আৰু অসম সংগীত পৰিৱেশনেৰে ৰফিকুল হোছেইনক শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয় । বোকাখাতৰ অলেখ দল-সংগঠন, ব্যক্তিৰ লগতে সদৌ অসম কবি সন্মিলনে পতাকা আৰু গামোচাৰে বিশিষ্ট কবি, নাট্যকাৰ, পৰিচালক গৰাকীলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । বোকাখাত ৰ্ৰেছ ক্লাব, সদৌ অসম লেখিকা সমাৰোহ সমিতি, অসম নাট্য পৰিষদ, গোলাঘাট জিলা কবি সন্মিলন, গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটি, ৰূপজ্যোতি সংঘ, বোকাখাত নাট্য মন্দিৰ, সাৰথি বোকাখাত, নাট্যম বোকাখাত, বোকাখাত মহকুমা কবি সন্মিলন, বোকাখাত পুৱতি সাহিত্য সভা, বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতি, ফেচেংবৰ হেৰিটেজ, বোকাখাতৰ বিভিন্ন শিক্ষানুষ্ঠান, বোকাখাত সমজিলাৰ সাংবাদিক সংগঠন সমূহ, ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠন, ব্যক্তি, সামাজিক-সাংস্কৃতিক দল-সংগঠনৰ লগতে জামুগুৰি হাট, বিশ্বনাথ চাৰিআলি, যোৰহাট, মৰিগাঁও, নগাঁও, তেজপুৰ, গোলাঘাটকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা শোকাকুল গুণমুগ্ধ নাট্যকৰ্মী, কবিয়ে ৰফিকুল হোছেইনৰ নশ্বৰ দেহত ফুলাম গামোচা, জনগোষ্ঠীয় গামোচা, পুষ্পাঞ্জলি অৰ্পন কৰি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । অজস্ৰ গুনমুগ্ধৰ উপস্থিতিত বোকাখাততেই কবি গৰাকীৰ জানাজা সম্পুৰ্ণ কৰা হয় ।
*********







