বোকাখাত মহকুমাটো ক'ভিডৰ প্ৰতিষেধক প্ৰদানৰ বাবে মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত মেগা টিকাকৰণৰ অভিযান :

বোকাখাত মহকুমাটো ক'ভিডৰ প্ৰতিষেধক প্ৰদানৰ বাবে মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত মেগা টিকাকৰণৰ অভিযান  :
Aiidesh photo

Aiidesh News : 17 September  :

সমগ্ৰ ৰাজ্যৰ লগতে আজি বোকাখাত মহকুমাটো মহকুমা প্ৰশাসন আৰু মহকুমা স্বাস্থ্য বিভাগৰ উদ্যোগত ক'ভিডৰ ১৯ প্ৰতিষেধক প্ৰদানৰ বাবে মেগা টিকাকৰণ অভিযান ৰূপায়ন কৰা হয় ৷ মেগা টিকাকৰণ অভিযান বুলি নামাকৰণ কৰা এই  প্ৰতিষেধক প্ৰদান অভিযানৰ অধীনত বোকাখাত  প্ৰাথমিক স্বাস্থ্য কেন্দ্রৰ লগতে মহকুমাটোৰ সকলো ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্র, কহঁৰা আদৰ্শ চিকিৎসালয় আৰু বোকাখাত মহকুমাৰ সকলো চাহ বাগিচাৰ স্বাস্থ্য কেন্দ্রকলৈ   মুঠ ১৯ টা কেন্দ্ৰত ক'ভিড ৰ প্ৰতিষেধক প্ৰদান কৰা হয় । আজি পুৱাৰে পৰা চলা এই অভিযানত মহকুমাটোৰ দুটা কেন্দ্ৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই পৰিদৰ্শ কৰে ।
মন্ত্ৰী কেশৱ মহন্তই বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বোকাখাত চাহ বাগিছাত স্থাপন কৰা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰি মহকুমা প্ৰশাসন আৰু চিকিৎসা বিভাগৰ ব্যৱস্থাপনাত সন্তুষ্টি  প্ৰকাশ প্ৰকাশ কৰে । পৰিদৰ্শন কালত স্বাস্থ্যমন্ত্ৰী গৰাকীৰ লগত  বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকাৰ লগতে স্বাস্থ্য বিষয়া সকলো উপস্থিত থাকে ৷ আজিৰ এই মেগা টিকাকৰণ বা প্ৰতিষেধক প্ৰদান অভিযানত বোকাখাত মহকুমাত মুঠ ২০৩০ পালি ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হয় । ইয়াৰে ৪৩৬ প্ৰথম পালি আৰু ১৫৯৪ দ্বিতীয় পালি ।

***********