বহিঃৰাজ্যত থকা অসমৰ যুৱক-যুৱতীসকলক চৰকাৰে দিব আৰ্থিক সাহায্য

বহিঃৰাজ্যত থকা অসমৰ যুৱক-যুৱতীসকলক চৰকাৰে দিব আৰ্থিক সাহায্য
যুৱক-যুৱতীসকলক চৰকাৰে দিব আৰ্থিক সাহায্য

ল’কডাউনৰ ফলত এতিয়াও অসমৰ বহু যুৱক-যুৱতী আবদ্ধ হৈ আছে বহিঃৰাজ্যত ৷ কোনোৱে যদি বহিঃৰাজ্যলৈ গৈছিল শিক্ষা লাভৰ বাবে, আন কোনোবা আকৌ গৈছিল জীৱিকাৰ বাবে ৷ লকডাউনৰ বাবে সকলো যাতায়াত বন্ধ হৈ পৰাৰ ফলত অসমলৈ ঘূৰি আহিব নোৱাৰি বহিঃৰাজ্যতে এতিয়া সময় পাৰ কৰিবলগীয়া হৈছে অধিকাংশই ৷ এই যুৱক-যুৱতীসকল এতিয়া সন্মুখীন হৈছে বহু সমস্যাৰ ৷ বিশেষকৈ আৰ্থিক সমস্যাই এতিয়া জৰ্জৰিত কৰিছে তেওঁলোকক ৷ যুৱক-যুৱতীসকলৰ এই আৰ্থিক অৱস্থা দূৰ কৰিবলৈ আজিৰে পৰা অসম চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷

সোমবাৰে সংবাদ মাধ্যমক সম্বোধন কৰি ৰাজ্যৰ স্বাস্থ্য, বিত্ত, শিক্ষা আদি বিভাগৰ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, 'অসমৰ বাহিৰত বহু ল'ৰা-ছোৱালী আবদ্ধ হৈ আছে ৷ তেওঁলোকক উভতাই আনিব নোৱাৰিলেও আমাৰ তেওঁলোকৰ প্ৰতি দায়িত্ব আছে ৷ তেওঁলোকক আৰ্থিক সহায় কৰা হ'ব ৷ তাৰবাবে অসমৰ বাহিৰত থকা মধ্যবিত্ত, নিম্ন মধ্যবিত্ত, কাম কৰি থকাসকলে মিছড কল দিব লাগিব 9615471547 নম্বৰত ৷'

এই নম্বৰত মিছড কল দিয়াৰ লগে লগে লাভ কৰিব এটা লিংক, যাৰ জৰিয়তে পূৰণ কৰিব লাগিব এখন প্ৰ-পত্ৰ ৷ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, 'যিসকলৰ ইণ্টাৰনেটৰ জ্ঞান নাই সেই সকলক সহায় কৰিবলৈ চৰকাৰে সাজু কৰিছে স্বেচ্ছাসেৱকৰ ৷ কেৱল বহিঃৰাজ্যত থকাসকলেহে এই নম্বৰত মিছড কল দিব, ইতিমধ্যে বহিঃৰাজ্যৰ পৰা উভতি অহাসকলৰ বাবে এই সুবিধা নহয় ৷ এয়া কেৱল বহিঃৰাজ্যত বৰ্তমানে থকাসকলকহে আৰ্থিক সহায়ৰ বাবে দিয়া হৈছে ৷’