মৰিয়নিত আবকাৰী অভিযান অব্যাহত |

মৰিয়নিত আবকাৰী অভিযান অব্যাহত |
মৰিয়নিত আবকাৰী অভিযান অব্যাহত |
মৰিয়নিত আবকাৰী অভিযান অব্যাহত |
মৰিয়নিত আবকাৰী অভিযান অব্যাহত |

মৰিয়নিৰ আবকাৰী পৰিদৰ্শক জগদীশ বড়োৰ নেতৃত্বত যোৱা আবকাৰী বিভাগৰ এটা দলে ৫ অক্টোবৰত বান্দৰচলিয়া আৰক্ষী চকীৰ সহযোগত মৰিয়নি আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত আকস্মিক অভিযান চলায় ৷

মৰিয়নিৰ নাগাজাংকা,ব'ৰদাৰ ৰোড,বাহনী চাহ বাগিছা, হাতীপাৰা চাহ বাগিছা,কচুখাট, টাইৰোন চাহ বাগিছা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত চলোৱা এই অভিযানত ৯২০ লিটাৰ মদ বনোৱা কেঁচা সামগ্ৰী,১৫ লিটাৰ চুলাই মদ আৰু ৩ টা মদ তৈয়াৰ কৰা যন্ত্ৰ জব্দ কৰি নষ্ট কৰে ৷

উল্লেখযোগ্য যে জিলা উপায়ুক্তৰ উদ্যোগত সমগ্ৰ জিলাখনতে অবৈধ সুৰাৰ বিৰুদ্ধে ব্যাপক অভিযান  অব্যাহতআছে৷ইয়াৰোপৰি আজি তিতাবৰৰ আবকাৰী উপাধীক্ষকৰ নিৰ্দেশ মৰ্মে মৰিয়নিৰ আবকাৰী দলে মৰিয়নি থানাৰ সহযোগত  গাভৰু চাহ বাগিছাৰ পাহাৰ লাইন আৰু টপ লাইন, গাভৰু চাৰিআলি, ঔগুৰি আদি  ঠাইত আবকাৰী অভিযান চলায়৷ অভিযান কালত ৩ টা গোচৰ ধৰা পেলোৱা হয়৷ উক্ত গোচৰ সংক্ৰান্তত ১০০০ লিটাৰ মদ বনোৱা কেঁচা সামগ্ৰী, ১৫ লিটাৰ চুলাই মদ আৰু ৩ টা মদ তৈয়াৰ কৰা যন্ত্ৰ জব্দ কৰি নষ্ট কৰা হয়৷ইয়াৰোপৰি আজি তিতাবৰৰ আবকাৰী উপাধীক্ষকৰ নিৰ্দেশ মৰ্মে মৰিয়নিৰ আবকাৰী দলে মৰিয়নি থানাৰ সহযোগত  গাভৰু চাহ বাগিছাৰ পাহাৰ লাইন আৰু টপ লাইন, গাভৰু চাৰিআলি, ঔগুৰি আদি  ঠাইত আবকাৰী অভিযান চলায়৷ অভিযান কালত ৩ টা গোচৰ ধৰা পেলোৱা হয়৷ উক্ত গোচৰ সংক্ৰান্তত ১০০০ লিটাৰ মদ বনোৱা কেঁচা সামগ্ৰী, ১৫ লিটাৰ চুলাই মদ আৰু ৩ টা মদ তৈয়াৰ কৰা যন্ত্ৰ জব্দ কৰি নষ্ট কৰা হয় ৷

 

 যোৰহাটৰ পৰা নেকিব আহমেদৰ ৰিপৰ্ট |