যোৰহাটত 'মকতব' স্কুলৰ নাম সলনি কৰাক লৈ তীব্ৰ প্ৰতিবাদ

যোৰহাটত 'মকতব' স্কুলৰ  নাম সলনি কৰাক লৈ তীব্ৰ প্ৰতিবাদ

যোৰহাটবাসীৰ এটা চিনাকি নাম ,১৮৯৬ চনত স্থাপিত হোৱা এখন আগশাৰী শিক্ষানুষ্ঠান মকতব আদর্শ পার্থমিক বিদ্যালয়। কিন্তু এতিয়া যোৰহাট বাসীৰ এই চিনাকি মকতব বিদ্যালয়লৈ নামি আহিছে ঘোৰ আমানিশা। যিকোনো মুহূৰ্তত সলনি হৈ পৰিব স্কুল খনৰ  মকতব নামটি।  মকতব নামটো সলনি কৰাক লৈ চৰকাৰে সকলো ইতিমধ্যে যাৱতীয়  ব্যৱস্থা সম্পন্ন  কৰিছে। যি কথা সহজ ভাবে মানি লব পৰা নাই যোৰহাটৰ ৰাইজে। যাৰ বাবে নাম সলনি কৰা প্রক্রিয়াক লৈ তীব্ৰ প্ৰতিবাদ অব্যাহত আছে যোৰহাটত। যোৰহটিয়া  ৰাইজে কোনো কাৰণতে শিক্ষানুষ্ঠানক লৈ ধৰ্মীয় ৰাজনীতি নকৰিবলৈ সকীয়াই দিয়ে চৰকাৰক । কোনো কাৰণতে যাতে এই যোৰহটীয়া ৰাইজৰ চিনাকি শিক্ষানুষ্ঠান খনৰ  নাম  সলনি নকৰে তাৰ বাবে দাবী জনায় আৰু আজি  প্ৰতিবাদ সাব্যস্ত কৰে।