বোকাখাত মহকুমাৰ ডলামৰা স্বাস্থ্য উপকেন্দ্ৰ স্থানান্তৰণৰ প্ৰতিবাদত বিক্ষোভ : হঠাতে বন্ধ কৰা চিকিৎসালয়খনক বাহাল ৰখাৰ দাবীত স্মাৰক পত্ৰ প্ৰদান :

বোকাখাত মহকুমাৰ ডলামৰা স্বাস্থ্য উপকেন্দ্ৰ স্থানান্তৰণৰ প্ৰতিবাদত বিক্ষোভ :  হঠাতে বন্ধ কৰা চিকিৎসালয়খনক বাহাল ৰখাৰ দাবীত স্মাৰক পত্ৰ প্ৰদান  :
Aiidesh Photo

বোকাখাত মহকুমাৰ ডলামৰা স্বাস্থ্য উপকেন্দ্ৰ স্থানান্তৰণৰ প্ৰতিবাদত বিক্ষোভ :  হঠাতে বন্ধ হৈ যোৱা  চিকিৎসালয়খনক বাহাল ৰখাৰ দাবীত স্মাৰক পত্ৰ প্ৰদান  :

Aiidesh News  : 01 July 2023  :

বোকাখাত মহকুমাৰ বৰভেটাত অৱস্থিত ডলামৰা স্বাস্থ্য উপ কেন্দ্ৰ যোৱা ২৬ জুনত হথাৎ বন্ধ কৰি স্বাস্থ্য উপ কেন্দ্ৰটো কাৰ্বি আংলং জিলাৰ ডলামৰাৰ মালচীলৈ স্থানান্তৰিত কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বোকাখাতত ৷ যোৱা ৬২ বছৰে সেৱা আগবঢ়াই অহা এই ডলামৰা প্ৰাথমিক স্বাস্থ্য উপ কেন্দ্ৰটো বোকাখাত মহকুমাৰ ভুমিত স্থাপন কৰি কাৰ্বি আংলং জিলা প্ৰশাসনৰ দ্বাৰা পৰিচালিত হৈ আহিছিল ৷ সম্প্ৰতি এই স্বাস্থ্য উপ কেন্দ্ৰতো  ডলামৰাৰ মালচী নামৰ স্থানলৈ স্থানান্তৰ কৰাৰ বাবে কাৰ্বিআংলং জিলা প্ৰশাসনে সিধান্ত গ্ৰহন কৰাৰ দিন ধৰি অঞ্চলটোত ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত আছে ৷ ১ জুলাইত এই ডলামৰাৰ প্ৰাথমিক স্বাস্থ্য উপ কেন্দ্ৰটো বাহাল ৰখাৰ দাবীত বোকাখাতত কেইবাটাও সংগঠনে  বিক্ষোভ প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

১ জুলাইৰ দিনা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বোকাখাত জিলা সমিতি, অসম চাহ জনজাতি ছাত্ৰ সন্থা, বোকাখাত শাখা, বিভিন্ন দল-সংগঠনৰ উদ্যোগত ডলামৰা আৰু বৰভেটা অঞ্চলৰ স্থানীয় ৰাইজৰ সহযোগত বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বোকাখাত জিলা সমিতি আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থা, বোকাখাত শাখাই স্বাস্থ্য উপ কেন্দ্ৰটো বাহাল ৰাখিবলৈ বোকাখাতৰ মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

উল্লেখ্যে যে কাৰ্বি আংলং জিলা স্বাস্থ্য বিভাগৰ দ্বাৰা পৰিচালিত আৰু বোকাখাত মহকুমাৰ ভৰভেটাত অৱস্থিত ডলামৰা স্বাস্থ্য উপ কেন্দ্ৰই কাৰ্বি জনসাধাৰণৰ উপৰিও বোকাখাত মহকুমাৰ ডলামৰা,  বৰভেটা, আমলখি, লতাবাৰী, ডিফলু, পানবাৰীকে ধৰি বিস্তাৰিত অঞ্চলৰ জনসাধাৰণক স্বাস্থ্য সেৱা প্ৰদান কৰি আহিছিল ৷ সম্প্ৰতি কাৰ্বি আংলং জিলাৰ স্বাস্থ্য বিভাগে বৰভেটাৰ এই স্বাস্থ্য উপকেন্দ্ৰক জিলাখনৰ মালচীলৈ বিষয়া কৰ্মচাৰীৰে সৈতে স্থানান্তৰিত কৰিবলৈ লোৱা সিধান্তই সমগ্ৰ অঞ্চলতে যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷

হঠাৎ চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ'ব লগা ডলামৰা, বৰভেটা, পানবাৰী আদি সমগ্ৰ অঞ্চলতোৰ জনসাধাৰণে চিকিৎসালয় খন বন্ধ নকৰিবৰ বাবে দাবী জনাইছে ৷ চিকিৎসালয়খনৰ বিদ্যমান আন্ত:গাঠনিকে লৈ বোকাখাত মহকুমা স্বাস্থ্য বিভাগৰ দ্বাৰা চিকিৎসালয় খন পুনৰ সক্ৰিয় কৰিবৰ বাবে দাবী জনাইছে ৷ অসম চৰকাৰে প্ৰতিটো সমষ্টিতে চাৰিটাকৈ বুনিয়াদী স্বাস্থ্য কেন্দ্ৰ স্থাপন বাবে লোৱা সিধান্ত বোকাখাত সমষ্টিতো ৰূপায়ন কৰি তাৰে এটা কেন্দ্ৰ ডলামৰা স্বাস্থ্য উপকেন্দ্ৰৰ বাবে অনুমোদন দি অঞ্চলটোত স্বাস্থ্য সেৱা অব্যাহত ৰাখিবৰ বাবেও বোকাখাতৰ জন সাধাৰণে বিচাৰিছে ৷

**********