উত্তৰ প্ৰদেশত প্ৰিয়ংকা গান্ধীক আটক কৰাৰ প্ৰতিবাদত যোৰহাটত কংগ্ৰেছৰ ধৰ্ণা - প্ৰতিবাদ ।

উত্তৰ প্ৰদেশত প্ৰিয়ংকা গান্ধীক আটক কৰাৰ  প্ৰতিবাদত যোৰহাটত কংগ্ৰেছৰ ধৰ্ণা - প্ৰতিবাদ ।

উত্তৰ প্ৰদেশত প্ৰিয়ংকা গান্ধীক আৰক্ষীয়ে আটক কৰাৰ প্ৰতিবাদত যোৰহাটতো মঙ্গলবাৰে   কংগ্ৰেছৰ সদস্যসকলে  প্ৰতিবাদ সাব্যস্ত কৰে । যোৰহাট জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত আজি জিলা কংগ্ৰেছ , যুৱ কংগ্ৰেছ আৰু মহিলা কংগ্ৰেছৰ সদস্যসকলে তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে ।   উল্লেখযোগ্য যে কংগ্ৰেছ দলৰ নেত্ৰী তথা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীক উত্তৰ প্ৰদেশ চৰকাৰে নীতি বৰ্হিভূত ভাবে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত  যোৰহাট জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ ,এন এছ ইউ আই যোৰহাট জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । উক্ত প্ৰতিবাদী কায্যসূচীত প্ৰাক্তন সাংসদ দ্বীপ গগৈয়ে অংশগ্ৰহণ কৰে ।

 

যোৰহাটৰ পৰা নেকিব আহমেদৰ ৰিপৰ্ট |