আৰক্ষী বিষয়াৰ ৰূপত মানুহক প্ৰৱঞ্চনা কৰা পিংকু দাস বোকাখাত আৰক্ষীৰ জালত : ধৃত প্ৰৱঞ্চকৰ পৰা উদ্ধাৰ আপত্তিজনক সামগ্ৰী :

আৰক্ষী বিষয়াৰ ৰূপত মানুহক প্ৰৱঞ্চনা কৰা পিংকু দাস বোকাখাত আৰক্ষীৰ জালত : ধৃত প্ৰৱঞ্চকৰ পৰা উদ্ধাৰ আপত্তিজনক সামগ্ৰী  :
Aiidesh Photo

Aiidesh News : 09 August :

দীৰ্ঘ দিন ধৰি আৰক্ষীৰ ৰূপলৈ মানুহক প্ৰৱঞ্চনা কৰি অহা এজন প্ৰৱঞ্চক ৮ আগষ্টত আটক কৰে বোকাখাতৰ আৰক্ষীয়ে ৷ ধৃত প্ৰৱঞ্চক জনে মানুহক প্ৰৱঞ্চনা কৰাৰ বাবেই নিজৰ পত্নীৰ নামত থকা বগা ৰঙৰ স্ক্ৰপিঅ' গাড়ীখন আৰক্ষীৰ গাড়ীৰ দৰেই সঁজাই পৰাই লৈছিল ৷ বোকাখাত আৰক্ষীৰ অভিযানত আজি ধৰা পৰিল এই প্ৰৱঞ্চক ৷ প্ৰাপ্য তথ্য মতে আৰক্ষীৰ অভিযানত স্ক্ৰপিঅ' গাড়ীসহ গ্ৰেপ্তাৰ হোৱা এই ভূৱা প্ৰৱঞ্চক নাম পিংকু দাস ৷ ঘৰ গোলাঘাটৰ কাবৰু গাঁৱত ৷ পিংকু দাসে তেওঁৰ পত্নীৰ নামত থকা এ এছ ০১ এফ ডি ১৯৬২ নম্বৰৰ স্ক্ৰপিঅ' গাড়ীখন আৰক্ষীৰ গাড়ীৰ দৰে সজাই লৈ বিভিন্ন স্থানত আৰক্ষী বিষয়া বুলি নিজকে পৰিচয় দি দীৰ্ঘদিন ধৰি দুস্কাৰ্য সংঘটিত কৰি আহিছিল ৷ আৰক্ষীৰ তথ্য মতে গৰুৰ অবৈধ ব্যৱসায়ৰ সৈতেও জড়িত আছিল প্ৰৱঞ্চক পিংকু দাস ৷

কিছুদিনৰ পৰা বোকাখাত আৰক্ষীয়ে পিংকু দাসৰ ওপৰত বিশেষ নজৰ ৰাখি আহিছিল যদিও  পিংকু দাসক কৰায়ত্ব কৰিব পৰা নাছিল ৷ ৮ আগষ্টত বোকাখাত আৰক্ষীৰ নিয়মীয়া তালাচীত ধৰা পৰে প্ৰৱঞ্চক পিংকু দাস ৷ পিংকু দাসৰ বিৰুদ্ধে জখলাবন্ধা আৰু কলিয়াবৰ থানাত কেইবাটাও অপৰাধমুলক গোচৰ ৰুজু হৈ আছে বুলি জানিবলৈ দিছে বোকাখাত আৰক্ষীয়ে ৷ ধৃত পিংকু দাসৰ পৰা আৰক্ষীয়ে পাঁচটা ম'বাইল, সাতটা বিভিন্ন চীল, কলম আকৃতিৰ এখন চুৰী আৰু দুখন গাড়ীৰ নম্বৰ প্লেট জব্দ কৰিছে ৷ ধৃত পিংকু দাসক সম্প্ৰতি অধিক তথ্যৰ বাবে জেৰা কৰি আছে বোকাখাত আৰক্ষীয়ে ৷

*******