‘প্ৰধানমন্ত্ৰীৰ নাগৰিক সহায়ক আৰু জৰুৰীকালীন সাহায্য পুঁজি’ লৈ মুক্তহস্তে দান কৰিবলৈ আহ্বান

‘প্ৰধানমন্ত্ৰীৰ নাগৰিক সহায়ক আৰু জৰুৰীকালীন সাহায্য পুঁজি’ লৈ মুক্তহস্তে দান কৰিবলৈ আহ্বান

ক’ভিড-১৯ মহামাৰীয়ে সমগ্ৰ বিশ্বকে আৱৰি লোৱাৰ সমান্তৰালভাৱে বিশ্বজুৰি কোটি কোটি লোকৰ স্বাস্থ্য আৰু আৰ্থিক সুৰক্ষাৰ বাবে ভয়ংকৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে৷ ভাৰততো ক’ৰোনা ভাইৰাছ বিপজ্জনকভাৱে সংক্ৰমণ হৈ আছে আৰু ইয়াতো এই ৰোগে স্বাস্থ্য আৰু আৰ্থিক প্ৰত্যাহ্বানৰ সৃ্ষ্টি কৰিছে৷ এই জৰুৰীকালীন সময়ত চৰকাৰক প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে উদাৰতাৰে দান কৰিবলৈ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে বহু লোকৰ পৰা বহুতো অনুৰোধ লাভ কৰিছে৷


এই সংকটকালত, প্ৰাকৃতিক তথা অন্য কাৰণতেই হওক, ইয়াৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ কষ্ট লাঘৱ কৰাৰ বাবে তথা আন্তঃগাঁথনিমুলক সা-সুবিধা তথা সক্ষমতাৰ ক্ষেত্ৰত হোৱা লোকচান হ্ৰাস তথা নিয়ন্ত্ৰণ কৰা ইত্যাদি দিশত তাৎক্ষণিক আৰু সামূহিক প্ৰচেষ্টা গ্ৰহণ কৰাটো অতি আৱশ্যক৷ সেয়েহে আন্তঃগাঁথনিমুলক তথা প্ৰতিষ্ঠানগত ক্ষমতা পুনৰ গঢ়ি তোলা আৰু সমান্তৰালভাৱে তাৎক্ষণিকভাৱে জৰুৰী পদক্ষেপ গ্ৰহণ কৰা আৰু ফলপ্ৰসু সামূহিক সহনশীলতাৰ বাবে সক্ষমতা গঢ়ি তোলাটো আৱশ্যক৷ এনে পৰিস্থিতত নতুন প্ৰযুক্তিবিদ্যা আৰু উন্নত গৱেষণামুলক ফলাফল এক অবিচ্ছেদ্য উপাদান হৈ পৰে৷


ক’ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা চিন্তনীয় পৰিস্থিতিৰ দৰে যিকোনো প্ৰকাৰৰ জৰুৰী অৱস্থা তথা সংকট মোচনৰ প্ৰাথমিক উদ্দেশ্যে লৈ এক বিশেষ ৰাষ্ট্ৰীয় পুঁজি গঢ় দিয়াৰ প্ৰয়োজনীয়তা তথা ইয়াৰ দ্বাৰা প্ৰভাৱিত লোকসকলক সাহায্য প্ৰদান কৰাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীৰ নাগৰিক সহায়ক আৰু জৰুৰীকালীন সাহায্য পুঁজি’(পিএম কেয়াৰ পুঁজি) গঠন কৰা হৈছে৷ প্ৰধানমন্ত্ৰীক অধ্যক্ষ হিচাপে লৈ গঠিত এই পুঁজিত প্ৰতিৰক্ষা মন্ত্ৰী, গৃহ মন্ত্ৰী আৰু বিত্ত মন্ত্ৰীক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে৷


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সদায় বিশ্বাস কৰে আৰু ইয়াৰ সমান্তৰাভাৱে বিভিন্ন অভিযানত এই কথাটো প্ৰতিপন্ন কৰি আহিছে যে যিকোনো সমস্যা লাঘৱ কৰাৰ বাবে ৰাজহুৱা অংশীদাৰিত্ব আটাইতকৈ ফলপ্ৰসূ ব্যৱস্থা আৰু এয়াও ইয়াৰ এক উৎকৃষ্ট উদাহৰণ৷ এই পুঁজিত কম কম অৰ্থ দান হিচাপে আগবঢ়াব পাৰিব৷ ইয়াৰ ফলস্বৰূপে বৃহৎ সংখ্যক লোকে ইয়াত কম কমকৈ আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ সক্ষম হ’ব৷


নাগৰিক তথা সংস্থাসমূহে pmindia.gov.in ৱেবছাইটত গৈ পিএম কেয়াৰছ পুঁজিৰ এই একাউণ্টত দান কৰিব পাৰিব৷


একাউণ্টৰ নামঃ পিএম কেয়াৰছ  (PM CARES)
একাউণ্ট নম্বৰঃ 2121PM20202                                                                                
আইএফএছচি কোড : SBIN0000691                                                                        
ছুইফট কোড      : SBININBB104                                                                         
বেংক আৰু শাখাৰ নাম: ষ্টেট বেংক অৱ ইণ্ডিয়া, নতুন দিল্লী, মুখ্য শাখা 
এইপিআই আইডি : pmcares@sbi


pmindia.gov.inত উল্লেখ থকা মতে দাতাসকলে-
১৷ ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ড, ২৷ ইণ্টাৰনেট বেংকিং, ৩৷ ইউপিআই (BHIM, PhonePe, Amazon Pay, Google Pay, PayTM, Mobikwik ইত্যাদি) আৰু ৪৷ আৰটিজিএছ/এনইএফটিৰ মাধ্যমেৰে ধন দান কৰিব পাৰিব৷ ধাৰা ৮০(জি)ৰ অধীনত এই পুঁজিৰ বাবে আগবঢ়োৱা অনুদানৰ আয়কৰ ৰেহাই দিয়া হ’ব৷

 

  •