মৃত্যুক আকোৱালি ললে বোকাখাতৰ মেথনি চাহ বাগিছাৰ আহত বনৰীয়া হাতীটোয়ে : বন বিভাগৰ উদ্যোগতে চিকিৎসা চলাই থকা হৈছিল মখনা হাতীটোৰ :

মৃত্যুক আকোৱালি ললে বোকাখাতৰ মেথনি চাহ বাগিছাৰ আহত বনৰীয়া হাতীটোয়ে : বন বিভাগৰ উদ্যোগতে  চিকিৎসা চলাই থকা হৈছিল মখনা হাতীটোৰ :
Aiidesh Photo

Aiidesh News  : 23 January  2024  :

অৱশেষত আজি পুৱা মৃত্যুক আকোৱালি ললে  বোকাখাতৰ মেথনি চাহ বাগিচাত ১৫ জানুৱাৰীৰ পৰা আহত হৈ থকা এটা বনৰীয়া মখনা হাতীটোয়ে ৷ পাৰস্পৰিক যুঁজত আগফালৰ সোঁভৰিৰ হাড় ভাঙি চলচল কৰিব নোৱাৰ হৈছিল এই হাতীটো ৷ ১৫ জানুৱাৰীৰ পৰা কাজিৰঙাৰ পানবাৰীৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ আৰু বন বিভাগৰ পশু চিকিৎসকৰ দ্বাৰা চিকিৎসাধীন হৈ থকা এই আহত মখনা হাতীটোক চিকিৎসা কৰাৰ বাবে ২২ জানুৱাৰীত মেথনি চাহ বাগিছাত উপস্থিত হৈছিল  পশুচিকিৎসা মহাবিদ্যালয়ৰ প্ৰৱক্তা পদ্মশ্ৰী ডা৹ কুশল কোঁৱৰ শৰ্মা ৷ বোকাখাতৰ মেথনি চাহ বাগিছাৰ ৫ নম্বৰ বাগান আৰু পানবাৰী সংৰক্ষিত বনাঞ্চলৰ সীমাতে থকা আহত মখনা হাতীটো পৰীক্ষা কৰি ডা৹ কুশল কোঁৱৰ শৰ্মাই জল থেৰাপীৰ কৌশলেৰে আহত হাতীটোৰ চিকিৎসা কৰাৰ বন বিভাগে একা গাঁত খান্দি পানী জমা কৰাৰ ব্যৱস্থাও কৰিছিল ৷ ডা৹ কুশল কোঁৱৰ শৰ্মাই চিকিৎসা আৰম্ভ কৰাৰ আগতেই আজি পুৱা ৭ বজাত শেষ নিঃশ্বাস ত্যাগ কৰে এই বনৰীয়া মখনা হাতীটোয়ে ৷ উল্লেখ্য যে বিগত এসপ্তাহেই আহত হাতীটোৰ কাষতে টম্বু তৰি দিনে নিশাই পৰিচৰ্যা কৰিছিল বোকাখাত বনাঞ্চলৰ বনকৰ্মী সকলে ৷ মেথনি চাহ বাগিছা কৰ্তৃপক্ষয়ো সহযোগিতা আগবঢ়াইছিল ৷

***********