ডিব্ৰুগড়ত যান-বাহন আৰক্ষীৰ আত্মহত্যা

ডিব্ৰুগড়ত যান-বাহন আৰক্ষীৰ আত্মহত্যা

ৰূপজ্যোতি কলিতা নামৰ এজন যান-বাহন আৰক্ষীয়ে আত্মহত্যা কৰাৰ বাবে ডিব্ৰুগড়ত চাঞ্চল্যৰ সৃষ্টি হৈছে।। এতিয়ালৈকে তেওঁৰ আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই। যোৰহাট তিতাবৰৰ ৰূপজ্যোতি কলিতা নামৰ যান-বাহন আৰক্ষীজনে ডিব্ৰুগড়ৰ বিষ্ণুনগৰৰ ভাড়াঘৰত কোঠাৰ ভিতৰত এখন চিলিংফেনত ওলমি আত্মহত্যা কৰে।

মহামাৰী কভিড -১৯ৰ আতংক তথা লক ডাউনৰ বাবে ৰঙালী বিহুৰ সময়ত নিজ গৃহলৈ যাব নোৱাৰি মানসিক অন্তৰ্দন্দ্বত ভূগিয়েই আত্মহত্যা কৰাৰ সন্দেহ। যোৱা নিশা ৮ বজালৈকে নিজ কতৰ্ব্যত থকা আৰক্ষীজনে নিজ গৃহলৈ যাব নোৱাৰিয়েই নে আন কিবা পাৰিবাৰিক কন্দলত আত্মহত্যাৰ দৰে চৰম পথ বাছি ল’লে আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব।