২০২৩ - ২৪ পৰ্যটন বৰ্ষৰ বাবে মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান : কঁহৰাৰ মিহিমুখত ফিটা কাটি পৰ্যটকৰ বাবে মুকলি কৰে বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে :

২০২৩ - ২৪ পৰ্যটন বৰ্ষৰ বাবে মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান : কঁহৰাৰ মিহিমুখত ফিটা কাটি পৰ্যটকৰ বাবে মুকলি কৰে বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে  :
Aiidesh Photo
২০২৩ - ২৪ পৰ্যটন বৰ্ষৰ বাবে মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান : কঁহৰাৰ মিহিমুখত ফিটা কাটি পৰ্যটকৰ বাবে মুকলি কৰে বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে  :
২০২৩ - ২৪ পৰ্যটন বৰ্ষৰ বাবে মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান : কঁহৰাৰ মিহিমুখত ফিটা কাটি পৰ্যটকৰ বাবে মুকলি কৰে বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে  :

Aiidesh News  : 16 October  2023  :

বিগত বাৰিষাৰ পিচত ১৫ অক্টোবৰৰ পুৱা বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল পুনৰ বিশ্বৰ পৰ্যটকৰ বাবে মুকলি কৰা হয় ৷ বাৰিষাৰ শেষত যদিও ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰৰ বাট পথ সমুহ সম্পুৰ্ণ কৈ মেৰামতি হোৱা নাই যদিও নিজৰ স্বকীয় সৌন্দৰ্যৰে পৰ্যটকৰ বাবে সাঁজু হৈ উঠিছে কাজিৰঙা ৷ ১৫ অক্টোবৰত অসম চৰকাৰৰ পৰিবেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মুখ্য অতিথি হিচাবে অংশ গ্ৰহন কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ মিহিমুখ আৰু বাগৰি বনাঞ্চলত প্ৰৱেশদ্বাৰত ফিটা কাটি নাৰিকল ভাঙি ৰাষ্ট্ৰীয় উদ্যানখন ২০২৩ - ২৪ পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰে ৷ 

১৫ অক্টোবৰৰ পুৱাৰ অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰা, পৰ্যটন আৰু জন স্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, অসমৰ প্ৰধান মুখ্য বন বল তথা প্ৰধান মুখ্য বনসংৰক্ষক মহেন্দ্ৰ কুমাৰ যাদৱ, বন্যপ্ৰাণী বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক সঞ্জীৱ কুমাৰ, পৰিৱেশ আৰু বন বিভাগৰ উপ সচিব সশীন্দ্ৰ দাসৰ উপৰিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ড° সোণালী ঘোষ, বিজেপিৰ গোলাঘাট জিলা সমিতিৰ সভাপতি দেৱপ্ৰদীপ বৰা, বিজেপিৰ ৰাজ্যিক কৰ্মকৰ্তা অনিমেষ শইকীয়া প্ৰমুখ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্যান্য বিষয়া, তথা জীপ চাফাৰী সন্থাৰ বিষয় ববীয়া, হোটেল আৰু পৰ্যটন সন্থাৰ উপৰিও স্থানীয় সংগঠনবোৰৰ প্ৰতিনিধিয়ে অংশগ্ৰহন কৰে ৷

কাজিৰঙাৰ নিৱাসী অনাতাঁৰ শিল্পী নুনুসিং কৰ্মকাৰৰ নেতৃত্বৰ ঝুমইৰ আৰু কাজিৰঙাৰ স্থানীয় বিহু দলে অতিথি সকলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ মুখ্য প্ৰৱেশদ্বাৰ মিহিমুখত বিহু আৰু ঝুমইৰ নৃত্যৰে অনপষ্ঠানলৈ আদৰণি জনায় ৷ পৰৱৰ্তী সময়ত বনমন্ত্ৰী পাটোৱাৰী আৰু কৃষি মন্ত্ৰী অতুল বৰাই বন বিভাগৰ চাৰিটা হাতীক আহাৰ প্ৰদান কৰে ৷ উদ্যান মুকলিৰ আনুষ্ঠানিকতাৰ পিচতেই বনমন্ত্ৰী পাটোৱাৰী আৰু কৃষি মন্ত্ৰী অতুল বৰাই আমন্ত্ৰিত অতিথিৰ সৈতে জীপছিৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰে ৷  উল্লেখ্য যে সদ্য সমাপ্ত ৬৯ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ চিত্ৰাংকন প্ৰতিযোগিতাত পুৰস্কাৰপ্ৰাপ্ত ছাত্ৰ ছাত্ৰী সকলকো উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰোৱা হয় ৷

উদ্যান দৰ্শন কৰি বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে শেহতীয়া বানৰ পাছত মুকলি হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মনোমোহা পৰিৱেশে আগন্তুক পৰ্যটন বৰ্ষত পৰ্যটকক আপ্লুত কৰিব বুলি মন্তব্য কৰে ৷ কাজিৰঙাৰ নৈসৰ্গিকত সময় উদযাপন কৰিবলৈ পূৰ্বৰ তুলনাত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব বুলি আশা কৰিব পাৰি লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পৰ কেইবাটাও নতুন সংযোজনত আৰম্ভ কৰা পৰ্যটনৰ নতুন কাৰ্যসুচীবোৰে  বিগত বৰ্ষৰ তুলনাত কাজিৰঙালৈ পৰ্যটনৰ আগমণ আৰু অধিক বৃদ্ধি কৰিব বুলিও মত প্ৰকাশ কৰে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ পূৰ্বে বনমন্ত্ৰী গৰাকীয়ে বনবিভাগৰ কহঁৰাস্থিত শতবৰ্ষ উদযাপন কেন্দ্ৰত এটি পুথিভঁৰালো  মুকলি কৰে ৷

কাজিৰঙা ভ্ৰমণৰ বাবে অহা দেশী-বিদেশী পৰ্যটকসকলে যাতে চাইকেললৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী অঞ্চলসমূহ ভ্ৰমণৰ সুবিধা লাভ কৰিব পাৰে তাৰ বাবেই বন কৰ্তৃপক্ষৰ উদ্যোগত ১৫ অক্টোবৰত কাজিৰঙাত চাইক্লিংৰ বিশেষ সেৱাও মুকলি কৰা হয় ৷ ইংলেপথাৰ পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ সহযোগত, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষৰ উদ্যোগত ১৫ অক্টোবৰত আয়োজিত "কাজিৰঙা চাইক্লিংৰো শুভাৰম্ভণী কৰে মন্ত্ৰীদ্বয়ে মুকলি কৰে ৷ ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ অধীনৰ বিশ্বনাথ আৰু নগাওঁ বন্যপ্ৰাণী সংমণ্ডলত পৰ্যটকৰ বাবে আৰম্ভ কৰা নদী পৰ্যটনৰ নৌকা বিহাৰ কাৰ্যসুচী ১৫ অক্টোবৰৰ দিনাই আনুষ্ঠানিক ভাৱে মুকলি কৰে মন্ত্ৰী পৃথ্বীৰাজ ৰাভাই ৷ সহযোগ কৰে শোনিপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু উত্তৰ অসম বন চক্ৰৰ বনসংৰক্ষক বংকিম শৰ্মাই ৷

ৰাষ্ট্ৰীয় বাঘ্ৰ যংৰক্ষণ প্ৰাধিকৰণৰ নিৰ্দেশনা অনুসৰী চলিত পৰ্যটন বৰ্ষৰ প্ৰতি সপ্তাহৰ এটা দিন কাজিৰঙাৰ কহঁৰা আৰু বাগৰি বনাঞ্চলত পৰ্যটকৰ বাবে জীপ চাফাৰী বন্ধ ৰখাৰ সিধান্ত কৰিছে কাজিৰঙাৰ বন কৰ্তৃপক্ষই লগতে জীপ চাফাৰী সন্থাৰ লগত হোৱা আলোচনাৰে জীপ চাফাৰীৰ সময়  পুৱা ৭ বজাৰ পৰাই কৰাৰো সিধান্ত লোৱা হৈছে বুলি উদ্যান কৰ্তৃপক্ষই জনাইছে ৷

*******