সাংস্কৃতিক জগতৰ অন্যতম ৱাজিদ খানৰ মৃত্যু

সাংস্কৃতিক জগতৰ অন্যতম ৱাজিদ খানৰ মৃত্যু

সাংস্কৃতিক জগতত নিজৰ স্থান সুকীয়াকৈ ৰাখিবলৈ সক্ষম হোৱা ৱাজিদ খানৰ দেওবাৰে কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটে। বিশিষ্ট শিল্পীগৰাকীৰ কিডনী বিকল হৈ মুম্বাইৰ চুৰানা চেঠিয়া চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। দুয়োটা বেমাৰ হৈ বিশিষ্ট সংগীতজ্ঞ গৰাকীৰ মৃত্যু ঘটা বুলি প্ৰকাশ। তেওঁৰ মৃত্যুত বলিউড জগতত শোকৰ ছা পৰে।

বলিউড জগতৰ অন্যতম অভিনেতা ছলমান খানে আজি তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁৰ বিদেহী আত্মাৰ শান্তি কামনা কৰে। বিশিষ্ট অভিনেতাগৰাকীয়ে কয় যে ৱাজিদ খানৰ বাবে তেওঁৰ সদাই মৰম আৰু শ্ৰদ্ধা থাকিব। বিশিষ্ট শিল্পীগৰাকীৰ পাৰ্থিব শৰীৰ এই পৃথিৱীত নাথাকিলেও তেওঁৰ প্ৰতি সদাই শ্ৰদ্ধা নিবেদন কৰিব বুলি উল্লেখ কৰে বিশিষ্ট অভিনেতা ছলমান খানে।

‘প্যায় কিয়া তো ডাৰনা কিয়া’ৰ জৰিয়তে বলিউড জগতত খোপনি পুতিবলৈ সক্ষম হোৱা বিশিষ্টি শিল্পীগৰাকীৰ মৃত্যুয়ে সকলোকে শোকস্তব্ধ কৰি তোলে। ছলমান খানৰ অন্যতম প্ৰিয় আছিল ৱাজিদ খান। ছলমান খানৰ অধিকাংশ ছবিত ৱাজিদে তেওঁৰ সৃষ্টি আগবঢ়াই আহিছে। বিভিন্ন গীত ছলমানৰ ছবিত আগবঢ়াই জনপ্ৰিয়তা বুটলিবলৈ সক্ষম হয়।