বোকাখাত নগৰত আৰক্ষীৰ অভিযান : ড্ৰাগচসহ এটা পেডেলাৰক আটক :

বোকাখাত নগৰত আৰক্ষীৰ অভিযান :  ড্ৰাগচসহ এটা পেডেলাৰক আটক  :

বোকাখাত নগৰত আৰক্ষীৰ অভিযান :  ড্ৰাগচসহ এটা পেডেলাৰক আটক  :

Aiidesh News : 27 June 2023 :

বোকাখাতত আৰক্ষীৰ এক বিশেষ অভিযানত হেৰ'ইন সহ এটা  ড্ৰাগচ পেডেলাৰক বোকাখাততে আটক কৰিবলৈ সক্ষম হয় ৷ অভিযানত বোকাখাত থানাৰ যানবাহন আৰক্ষী আৰু নিছা মুক্তি কেন্দ্ৰৰ যুৱকৰ সকলে সহায় কৰে ৷ নিষিদ্ধ হেৰ'ইনসহ আটক কৰা  ড্ৰাগচ পেডেলাৰ টোৰ নাম সহদেৱ দলে বুলি জানিব পৰা গৈছে ৷  সহদেৱ দলেৰ ঘৰ বোকাখাত নগৰৰ সমীপৰ অগৰাতলীত ৷ 

দীৰ্ঘ দিন ধৰি ড্ৰাগচ পেডেলাৰ হিচাবে কাম কৰি আছিল সহদেৱ দলেই ৷ পূৰ্বেও ড্ৰাগচ ব্যৱসায়ৰ সৈতে জড়িত থকা অপৰাধত  বোকাখাত আৰক্ষীয়ে আটক কৰিছিল সহদেৱ দলেক ৷ সহদেৱ দলেক আটক কৰাৰ পিচত ড্ৰাগচৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বোকাখাতৰ আৰক্ষীয়ে ৷ জব্দ কৰা হেৰ'ইন খিনিৰ বজাৰ মূল্য এতিয়াও জানিব পৰা হোৱা নাই ৷ ধৃত সহদেৱ দলেৰ সৈতে এ এছ ০৫ এইচ ১৫১৪ এখন ইয়ন গাড়ীও জব্দ কৰিছে অভিযানকাৰী দলে ৷

************