ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ জোখাৰ বাবে বোকাখাতৰ ধনশিৰিমুখ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডিফলুমুখত কেন্দ্ৰীয় জল আয়োগৰ স্কেল সংস্থাপন :

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ জোখাৰ বাবে বোকাখাতৰ ধনশিৰিমুখ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডিফলুমুখত কেন্দ্ৰীয় জল আয়োগৰ স্কেল সংস্থাপন :
Aiidesh Photo
ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ জোখাৰ বাবে বোকাখাতৰ ধনশিৰিমুখ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডিফলুমুখত কেন্দ্ৰীয় জল আয়োগৰ স্কেল সংস্থাপন :
ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ জোখাৰ বাবে বোকাখাতৰ ধনশিৰিমুখ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডিফলুমুখত কেন্দ্ৰীয় জল আয়োগৰ স্কেল সংস্থাপন :

Aiidesh News  : 28 April - 2024  :

বিশ্বৰ ঐতিহ্য ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ জোখিব পৰাকৈ নাছিল কেন্দ্ৰীয় জল আয়োগৰ অনুমোদিত লেভেল ষ্টেচন আৰু জলপৃষ্ঠ জুখিব পৰা স্কেল ৷ যাৰ বাবে উদ্যানখনৰ পুৱ সীমাৰ ধনশিৰিমুখত থকা জল সম্পদ বিভাগৰ জলপৃষ্ঠ জোখাৰ স্কেল ডালৰ ওপৰতেই নিৰ্ভৰ কৰি আহিছিল কাজিৰঙাৰ কৰ্তৃপক্ষই ৷ শেষতীয়াকৈ এই সমস্যাৰ সমাধা কৰি ২৫ এপ্ৰিলত কাজিৰঙাৰ পূৱ সীমাৰ ধনশিৰিমুখ আৰু পশ্চিমৰ বুঢ়াপাহাৰ বনাঞ্চলৰ ডিফলুমুখ বনশিৱিৰৰ সমীপতে ব্ৰহ্মপুত্ৰ নদীৰ পাৰতি ৭ ডালকৈ স্কেল স্থাপন কৰে কেন্দ্ৰীয় জল আয়োগে ৷ ইয়াৰে ৪ ডাল ধনশিৰিমুখত আৰু বাকী ৩ ডাল বুঢ়াপাহাৰত স্থাপন কৰা হৈছে ৷

২৫ এপ্ৰিলৰ দিনা কেন্দ্ৰীয় জল আয়োগৰ ডিব্ৰুগড় সংমণ্ডলৰ সহকাৰী অভিযন্তা কাৰিয়ম ন'ৰাক, কনিষ্ক অভিযন্তা ক্ৰমে শ্ৰী সন্দিপ আৰু অংকুৰ মেনাই যোৱা দুটা দিনত বোকাখাতৰ ধনশিৰিমুখ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ ডিফলুমুখত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ জোখিব পৰাকৈ স্কেল সংস্থাপণ কৰে ৷ পৰিবেশ কৰ্মী উত্তম শইকীয়া আৰু অৱসৰ প্ৰাপ্ত বনবিষয়া প্ৰদীপ গোস্বামীয়ে এই স্কেল সংস্থাপনত সহযোগ কৰে ৷ কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষেও ধনশিৰিমুখলৈ গৈ এই সংস্থাপন কাৰ্য তদাৰক কৰে ৷ এই স্কেলৰ সহায়ত এতিয়াৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠৰ বৃদ্ধি বা হ্ৰাসৰ সঠিক পৰিমাপ দিব পৰা যাব ৷ যাৰ ফলত বাৰিষাৰ প্লাৱনৰ সময়ত কাজিৰঙাত প্ৰৱেশ কৰা ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰো সঠিক পৰিমাপ পোৱাতো সম্ভৱ হ'ব ৷

উল্লেখ্য যে বানপানীৰ আগতীয়া জাননীৰ বাবে কেন্দ্ৰীয় জল আয়োগে দেশৰ প্ৰায়বোৰ নদীতে স্থাপন কৰা লেভেল ষ্টেচন বোৰৰ ভুমিকা গুৰুত্বপুৰ্ণ ৷ অৰুনাচলৰ টুটিং, ইংকিয়ং আৰু পাচিঘাটৰ পিচতেই উজনি অসমৰ ডিব্ৰুগড় আৰু নিমাতীঘাটত আছে কেন্দ্ৰীয় জল আয়োগৰ লেভেল ষ্টেচন ৷ নিমাতীঘাটৰ পিচত তেজপুৰতহে আছে কেন্দ্ৰীয় জল আয়োগৰ পৰৱৰ্তী লেভেল ষ্টেচন ৷ ইয়াৰ মাজতে ধনশিৰিমুখত জল সম্পদ বিভাগৰ এডাল বিভাগীয় স্কেল আছে যদিও এই স্কেল কেন্দ্ৰীয় জল আয়োগৰ দ্বাৰা অনুমোদিত নহয় ৷ যাৰ বাবে কাজিৰঙাৰ বাবে অত্যন্ত প্ৰয়োজনীয় বুলি বিবেচিত হ'লেও ধনশিৰিমুখত জল সম্পদ বিভাগে নিৰূপণ কৰা জলপৃষ্ঠৰ পৰিসংখ্যা কেন্দ্ৰীয় জল আয়োগৰ দ্বাৰা গ্ৰহন যোগ্য নহয় ৷ কেন্দ্ৰীয় জল আয়োগৰ নিমাতীঘাট লেভেল ষ্টেচনৰ সৈতে ধনশিৰিমুখত থকা জল সম্পদ বিভাগৰ স্কেলৰ পৰিসংখ্যাৰ বিশেষণ কৰাতো যথেষ্ট সমস্যাবহুল ৷ যাৰবাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ অনুৰোধত কেন্দ্ৰীয় জল আয়োগে শেষত বোকাখাতৰ ধনশিৰিমুখ আৰু বুঢ়াপাহাৰৰ ডিফলুমুখত জলপৃষ্ঠ জোখাৰ স্কেল সংস্থাপন কৰে ৷ 

সাধাৰণতে কেন্দ্ৰীয় জল আয়োগে তেওঁলোকৰ ৱেব চাইটৰ জড়িয়তে সমগ্ৰ দেশৰ নদী আৰু জল বিদ্যুত প্ৰকল্পৰ জলপৃষ্ঠৰ উচ্চতাৰ উপৰিও হ'ব পাৰ উচ্চতা বৃদ্ধি আৰু হ্ৰাসৰ তথ্যও প্ৰকাশ কৰে ৷ নদীবোৰত স্থাপন কৰা লেভেল ষ্টেচনৰ পৰা সংগৃহীত তথ্যৰে হ'ব পৰা বানপানীৰ সম্পৰ্কত আগতীয়াকৈ এই ৱেবচাইটত অৱগতো কৰে  কেন্দ্ৰীয় জল আয়োগে ৷ অনুমোদিত লেভেল ষ্টেচন নথকাৰ বাবে কেন্দ্ৰীয় জল আয়োগৰ এই ৱেব চাইটত ধনশিৰিমুখ বা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজিও অন্তৰ্ভুক্ত হোৱা নাই ৷ যাৰ বাবে যোৰহাটৰ নিমাতীঘাটৰ পৰা তেজপুৰলৈকে ব্ৰহ্মপুত্ৰ নদীৰ এই প্ৰসাৰিত অংশ চোৱাত সঠিক আৰু বিজ্ঞান সন্মত তথ্য আৰু বিশ্লেষণ আজিও হোৱা নাই ৷ জলসম্পদ বিভাগে নিজৰ বিভাগীয় কামৰ বাবে সংগৃহীত তথ্য  বা ব্যক্তি বিশেষে সংগ্ৰহ কৰা তথ্যৰ ওপৰতে ভিত্তি কৰিয়েই কাজিৰঙাত হোৱা বানপানীৰ স্থিতি আৰু পুৰ্বানুমান কৰিবলৈ চেষ্টা  কৰা হয় ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে ৰাষ্ট্ৰীয় উদ্যানৰ ব্ৰহ্মপুত্ৰৰ কাষৰীয় স্থানত কেন্দ্ৰীয় জল আয়োগৰ অনুমোদিত লেভেল ষ্টেচনৰ অতি প্ৰয়োজন আছিল ৷  এনে পটভুমিতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্যোগত কেন্দ্ৰীয় জল আয়োগে ধনশিৰিমুখ আৰু বুঢ়াপাহাৰৰ ডিফলুমুখত জলপৃষ্ঠ পৰিমাপ স্কেল সংস্থাপন কৰিছে ৷

********