জখলাবন্ধাত ঢেকীয়াপতীয়া বাঘক আক্ৰমন কৰা কাৰ্যত জড়িত ৬ জন লোকক আটক : ৩ জনক সোধপোচৰ বাবে আনিছে আৰক্ষীয়ে :
Aiidesh News ⦂ 22 November - 2024 ⦂
কলিয়াবৰত মানুহৰ আক্ৰমনত গুৰুত্বৰভাৱে আহত হৈ কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত চিকিৎসাধীন হৈ থকা ঢেকীয়াপতীয়া বাঘটো এতিয়াও বিপদ মুক্ত নহয় ৷ মানুহে কৰা আক্ৰমনত চিৰ দিনৰ বাবেই এটা চকু হেৰুৱাব লগা হৈছে বাঘটোয়ে ৷ মানুহৰ আক্ৰমনৰ বলি হোৱা ঢেকীয়াপতীয়া বাঘটোক জখলাবন্ধাৰ কেৰিবাকৰিৰ পৰা উদ্ধাৰ কৰে বন বিভাগে ৷ পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ অৰুণ বিঘ্নেশৰ নেতৃত্বত যোৱা বনকৰ্মী ,পশু চিকিৎসক আৰু উদ্ধাৰকাৰী দলে মুমুৰ্ষ অৱস্থাত আহত ঢেকীয়াপতীয়া বাঘটোক উদ্ধাৰ কৰি বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ আনে ৷ সম্প্ৰতি উক্ত কেন্দ্ৰতে চিকিৎসাধীন হৈ আছে ঢেকীয়াপতীয়া বাঘটো ৷
ইফালে ঢেকীয়াপতীয়া বাঘটোক আক্ৰমন কৰাৰ ঘটনাৰ সবিশেষ অনুসন্ধানৰ লগতে প্ৰকাশিত ভিডিঅ’ ফুটেজৰ নিৰীণৰ ভিত্তিত জখলাবন্ধাৰ আৰক্ষীয়ে যোৱা নিশা ৬ জন যুৱকক আটক কৰাৰ উপৰিও ৩ জনক সোধপোচৰ বাবে জখলাবন্ধা আৰক্ষী থানালৈ আনিছে ৷ এই অপৰাধত ধৃত লোক কেইগৰাকী হ’ল কেৰিবাকৰিৰ জয়ন্ত সেন আৰু নিখিল চাহানী , জখলাবন্ধা ৰেলৱে ষ্টেচন নিৱাসী বাহাদুৰ চাহানী আৰু নৰেশ চাহানী, উপৰিও টোপাহোলাৰ সন্তোষ গড় আৰু দূৰ্গা গড়ক ভাৰতীয় বন্যপ্ৰাণী প্ৰতিৰক্ষা আইনৰ অধীনত প্ৰথম অনুসুচীত বন্যপ্ৰাণীৰ ওপৰত চলোৱা অত্যাচাৰ আৰু আক্ৰমনৰ অপৰাধত জখলাবন্ধা আৰক্ষী থানাত ৰজু হোৱা ১১২/ ২৪ নম্বৰ গোচৰত আটক কৰিছে ৷ ইফালে জখলাবন্ধা ৰেলৱে ষ্টেচন নিৱাসী বিকাশ মাহাতো, শম্ভু গড় আৰু পাবনাপট্টিৰ আৰবাজ কুৰেচিক সোধপোচ কৰিবৰ বাবে আটক কৰি আনিছে ৷ ঘটনা সন্দৰ্ভত আৰু অধিক তথ্যৰ বাবে অনুসন্ধান চলায় আছে জখলাবন্ধাৰ আৰক্ষীয়ে ৷
**********