চাইকেল ৰেলী আৰু গ্ৰাম্য মাৰাথন প্ৰতিযোগিতাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব গঁড় দিৱস উদযাপন : পাঁচ শতাধিক প্ৰতিযোগীৰ অংশ গ্ৰহন :

চাইকেল ৰেলী আৰু গ্ৰাম্য মাৰাথন প্ৰতিযোগিতাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব গঁড় দিৱস উদযাপন  : পাঁচ শতাধিক প্ৰতিযোগীৰ অংশ গ্ৰহন  :
Aiidesh Photo

Aiidesh News : 22 September  2023  : 

দেশৰ বিভিন্ন প্ৰকৃতি সংগঠন আৰু ইণ্ডিয়ান অইলৰ গুৱাহাটী শোধনাগাৰৰ বিশেষ সহযোগত ২২ ছেপ্তেম্বৰত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলতো বিশ্ব গঁড় দিৱস উদযাপন কৰা হয় ৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ ছাত্ৰী আৰু বিভিন্ন বিভাগীৰ পৰা অহা অংশ গ্ৰহনকাৰীৰ সহযোগেৰে আয়োজিত চাইকেল ৰেলী আৰু গ্ৰাম্য মাৰাথন সজাগতা দৌৰেৰে কাজিৰঙাত বিশ্ব গঁড় দিৱস উদযাপন কৰা হয় ৷ ২২ ছেপ্তেম্বৰৰ পুৱাতে ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ বচাগাওঁৰ ৰাষ্ট্ৰীয় পথৰ পৰা কাজিৰঙাৰ গ্ৰাম্য পথেৰে ম'হপৰা গাওঁ হৈ কঁহৰালৈকে মুঠ ৮ কিলোমিটাৰ দৈঘ্যৰ ৰান ফ'ৰ ৰাইন' শীৰ্ষক গ্ৰাম্য মাৰাথান প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ অসম ক্ৰীড়া বৰ্ডৰ উপাধ্যক্ষ যুৱ নেতা আকাশ ফুকনে এই মাৰাথন প্ৰতিযোগিতাৰ মহিলাৰ দৌৰ, বিশিষ্ট সমাজকৰ্মী দেৱ প্ৰদীপ বৰা আৰু আন্ত:ৰাষ্ট্ৰীয় খেলুৱৈ নয়নমনি শইকীয়াই পুৰুষৰ দৌৰ আৰু ইণ্ডিয়ান অইলৰ গুৱাহাটী শোধনাগাৰৰ মানৱ সম্পদৰ মুখ্য প্ৰৱন্ধক শীতজিত ভট্টচাৰ্য্যই বিভাগীয় দৌৰৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে ৷ 

৮ কিলোমিটাৰ দৈঘ্যৰ এই মাৰাথন প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা ৪৩৪ গৰাকী পুৰুষ আৰু ১১৯ গৰাকী মহিলা প্ৰতিযোগীকলৈ মুঠ ৫৫৩ গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহন কৰে ৷ গ্ৰাম্য মাৰাথন প্ৰতিযোগিতাত বিভাগীয় অংশগ্ৰহনকাৰীৰ লগতে কাজিৰঙাৰ ডি এফ অ' অৰুণ বিঘ্নেশ, বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ' খৰ্গেশ পেগু, সহকাৰী বন সংৰক্ষকৰ উপৰিও বনাঞ্চলিক বিষয়া সকলেও অংশ গ্ৰহন কৰে ৷ এই প্ৰতিযোগিতাত কাৰিকৰী দিশত বোকাখাত জিলা মাষ্টাৰ্চ এথলেটিকচ এচ'চিয়েচনে সহযোগীতা আগবঢ়ায় ৷

ইফালে পুৱাতেই ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলৰ পৰা কঁহৰা বনাঞ্চললৈকে ৰাইড ফ'ৰ ৰাইন' শীৰ্ষক চাইকেল ৰেলীও অনুষ্ঠিত হয় ৷ কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষে পতাকা জোকাৰি শুভাৰম্ভ কৰা এই চাইকেল ৰেলীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা ১২৭ গৰাকী পুৰুষ আৰু ২০ মহিলাকলৈ মুঠ ১৪৭ গৰাকী পুৰুষ মহিলাই অংশ গ্ৰহন কৰে ৷ চাইকেল ৰেলীৰ কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষ , কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্ত, মহকুমা দণ্ডাধীশ নৱদীপ পেগুৰ উপৰিও বনাঞ্চলিক বিষয়া সকলেও অংশ গ্ৰহন কৰে ৷ এই ৰেলী পৰিচালনা কৰে ৰাজ্যৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যক, কাজিৰঙা অধ্যয়ন চক্ৰই পৰিচালনা কৰে ৷

প্ৰতিযোগিতা আৰু ৰেলীৰ শেষত কঁহৰাৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহৰ বাকৰিত বিশ্ব গঁড় দিৱসৰ বিশেষ অনুষ্ঠান অনুষ্ঠিত হয় ৷ অনুষ্ঠানত আন্ত:ৰাষ্ট্ৰীয় খেলুৱৈ,  ক্ৰীড়াবিদ নয়নমনি শইকীয়া, ইণ্ডিয়ান অইলৰ গুৱাহাটী শোধনাগাৰৰ মুখ্য প্ৰবন্ধক হিতজিত ভট্টচাৰ্য, জেষ্ঠ প্ৰৱন্ধক গীতা বৰুৱা আৰু প্ৰৱন্ধক ইলোৰা বৰুৱা, কাজিৰঙাৰ জেষ্ঠ সাংবাদিক স্বপন নাথ, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, বন বিভাগৰ দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ কামাণ্ডেন্ট দেৱজিত দেউৰী, বোকাখাত জিলা মাষ্টাৰ্চ এথলেটিকচ সন্থাৰ সভাপতি পবিত্ৰ গগৈৰ লগতে কাজিৰঙাত কৰ্মৰত বিভিন্ন সংগঠনৰ প্ৰতিনিধি সকলো উপস্থিত থাকে ৷ সকলোকে গঁড়ৰ স্মাৰক আৰু উপহাৰেৰে সম্বৰ্ধনা জনোৱা হয় ৷

গীতাঞ্জলি কলিতা আৰু উত্তম শইকীয়াই আঁতধৰা এই অনুষ্ঠানতে মাৰাথন দৌৰত স্থান লাভ কৰা প্ৰতিযোগী সকলক নগদ ধন, মানপত্ৰ আৰু পদক প্ৰদান কৰা হয় ৷ অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰ উপৰিও অংশগ্ৰহনকাৰী সকলে নিজৰ নিজৰ অনুভৱো ব্যক্ত কৰে ৷ উল্লেখ্য বিশ্ব গঁড় দিৱসৰ আজিৰ মাৰাথন প্ৰতিযোগিতাৰ পুৰুষৰ শাখাত গুৱাহাটীৰ বিজয় ডেকাই প্ৰথম, গোলাঘাটৰ তিখেশ্বৰ কুৰ্মীয়ে দ্বিতীয় আৰু মৰিয়নিৰ বিপিন মুণ্ডাই তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে মহিলাৰ শাখাত বোকাখাত ৰজাবাৰীৰ মনিকা মাঝিয়ে প্ৰথম, কাজিৰঙাৰ গেলেকিৰ কাজল বাউৰীয়ে দ্বিতীয় আৰু বোকাখাতৰ ফুলমনি মুণ্ডাই তৃতীয় স্থান লাভ কৰে ৷ অনুষ্ঠানত সঞ্চালক ড৹ সোনালী ঘোষে আজিৰ অনুষ্ঠানলৈ সহাঁৰি জনোৱাৰ বাবে উপস্থিত সকলোকে ধন্যবাদ জনোৱাৰ লগতে গঁড় দিৱসৰ লগত সংগতি ৰাখি এনে ধৰণৰ মাৰাথন প্ৰতিযোগিতা প্ৰতি বছৰতে অনুষ্ঠিত কৰা বাবে আলোচনা কৰা হ'ব বুলিও মন্তব্য প্ৰকাশ কৰে ৷

***********