বোকাখাতত ফেচেংবৰ এনিশা নামৰ সাংস্কৃতিক সন্ধ্যা : ফেচেংবৰ হেৰিটেজৰ ২০২৬ বঁটা প্ৰদান :
Aiidesh News : 30 January - 2026 :
বোকাখাতৰ সামাজিক-সাংস্কৃতিক সংগঠন ফেচেংবৰ হেৰিটেজৰ উদ্যোগত যোৱা ২৮ জানুৱাৰীৰ নিশা কৈলাখাত নাট্য মন্দিৰ প্ৰাংগনত ফেচেংবৰ এনিশা নামৰ সাংস্কৃতিক সন্ধ্যা আৰু বার্ষিক বঁটা প্রদান অনুষ্ঠান অনুষ্ঠিত হয় । এই উপলক্ষে ২৮ জানুৱাৰীৰ পুৱা অনুষ্ঠানৰ পতাকা উত্তোলন কৰে ফেচেংবৰ হেৰিটেজ সভাপতি, ৰাজীৱ বৰাই । ইয়াৰ পিচতেই কৈলাখাত নাট্যমন্দিৰ প্রাঙ্গণত গণশিল্পী জুবিন গাৰ্গৰ স্মৃতিত নাহৰ বৃক্ষ ৰোপণ কৰে দক্ষিণ কাজিৰঙা গাওঁ পঞ্চায়তৰ সভানেত্ৰী অন্তৰীপা হাজৰিকা বৰুৱাই ।
বোকাখাতৰ ৰিডম গিটাৰ একাডেমীৰ ছাত্ৰ ছাত্ৰীয়ে পৰিৱেশন কৰা সুৰ সমলয়েৰে বিয়লিলৈ আয়োজিত ফেচেংবৰ এনিশাৰ বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ মুকলি কৰা হয় । সাংস্কৃতিক অনুষ্ঠানতে ফেচেংবৰ হেৰিটেজৰ ২০২৬ ৰ বাৰ্ষিক বঁটাৰ সমুহো প্ৰদান কৰা হয় । এই অনুষ্ঠানতে বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি জ্যেষ্ঠ সাংবাদিক ভবানন্দ কলিতাক 'খগেন্দ্ৰ নাথ বৰা সোঁৱৰণী ফেচেংবৰ হেৰিটেজ জনকণ্ঠ বঁটা-২০২৬' , মনোজ গগৈক প্রকৃতি সংৰক্ষণ শিতানত 'মোহনী চেতিয়া সোঁৱৰণী ফেচেংবৰ হেৰিটেজ প্রকৃতি বন্ধু বঁটা-২০২৬', অসম হাঁহ-কুকুৰা উন্নয়ন নিগমৰ অধ্যক্ষ তথা বিশিষ্ট সমাজসেৱক মনোজ শইকীয়াক সমাজসেৱা শিতানত 'কোমল চন্দ্র লইং সোঁৱৰণী ফেচেংবৰ হেৰিটেজ জনসেৱা বঁটা ২০২৬', বিশিষ্ট সংগীত পৰিচালক বিমান বৰুৱাক সাংস্কৃতিক শিতানত 'শুক্লেশ্বৰ ভৰালী আৰু বীণাপানী ভৰালী সোঁৱৰণী ফেচেংবৰ হেৰিটেজ জীৱনজোৰা সাংস্কৃতিক সাধনা বঁটা ২০২৬', বোকাখাতৰ বিশিষ্ট চিকিৎসক ডা০ পুলিন চন্দ্ৰ বৰকটকীক অসমৰ চিকিৎসা সেৱা শিতানত 'ৰেণুপ্ৰভা মহন্ত সোঁৱৰণী ফেচেংবৰ হেৰিটেজ দীনবন্ধু বঁটা ২০২৬', নাট্যকাৰ-পৰিচালক মনো বৰাক 'ফেচেংবৰ হেৰিটেজ চাজিদুৰ (পাপু) ৰহমান সোঁৱৰণী সাংস্কৃতিক মহানুভৱতা সন্মান ২০২৬', আৰু উদীয়মান ব্যৱসায়ী দেৱ প্ৰতীম বৰালৈ 'ফেচেংবৰ হেৰিটেজ চাজিদুৰ (পাপু) ৰহমান সোঁৱৰণী যুৱ উদ্যমী সন্মান ২০২৬' প্ৰদান কৰা হয় । সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কন্ঠ শিল্পী ৰত্নেশ্বৰ মৰাং, বিমান বৰুৱা আদি জনপ্ৰিয় শিল্পীয়ে গীত পৰৱেশন কৰে ।
************







