প্ৰকৃতি সংগঠন কৰবেট ফাউণ্ডেচনৰ উদ্যোগত কাজিৰঙাত বিশ্ব পৰিৱেশ দিৱস উদযাপন :

প্ৰকৃতি সংগঠন কৰবেট ফাউণ্ডেচনৰ উদ্যোগত কাজিৰঙাত বিশ্ব পৰিৱেশ দিৱস উদযাপন :
Aiidesh Photo

Aiidesh News  : 5 June - 2024  : 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত কৰবেট ফাউণ্ডেচনৰ কাজিৰঙা গোটৰ উদ্যোগত আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি এলানি কাৰ্যসুচী কাজিৰঙাত ৰূপায়ণ কৰে ৷ কাজিৰঙাৰ ডোমজান প্ৰাথমিক বিদ্যালয় প্ৰাংগনত সংগঠনটোৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস উপলক্ষে ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, তথ্যচিত্ৰ প্ৰদৰ্শন আৰু বৃক্ষ ৰোপণ কৰা হয় ৷ পৰৱৰ্তী সময়ত কঁহৰাৰ শঙ্কৰদেৱ শিশু নিকেতনত ছাত্ৰ ছাত্ৰী মাজত তথ্যচিত্ৰ প্ৰদৰ্শনৰ উপৰিও মনোজ্ঞ আলোচনাও অনুষ্ঠিত কৰা হয় ৷ অনুষ্ঠানত অংশ গ্ৰহন কৰি কঁহৰা বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিভুতিৰঞ্জন গগৈয়ে পৰিৱেশ সজাগতা আৰু সংৰক্ষণৰ বিষয়ো ছাত্ৰ ছাত্ৰীক অৱগত কৰাৰ উপৰিও বাগৰি বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিবিধ দিহিঙীয়াই বিদ্যালয় চৌহদত থকা উদ্ভিদ বৈচিত্ৰাৰ ওপৰত ছাত্ৰ ছাত্ৰীৰ লগত মত বিনিময় কৰে ৷ অনুষ্ঠানত কৰবেট ফাউণ্ডেচনৰ উপ সঞ্চালক ডা৹ নবীন পাণ্ডেও অংশ গ্ৰহন কৰে ৷ শেষলৈ কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলত ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ উপৰিও ছাত্ৰ ছাত্ৰী আৰু স্থানীয় সংগঠনৰ মাজত কৰবেট ফাউণ্ডোচনৰ উদ্যোগত গছৰ পুলি বিতৰণ কৰা হয় ৷ কৰবেট ফাউণ্ডেচনৰ প্ৰকল্প বিষয়া আশীষ থোকে আৰু জেষ্ঠ সমন্বয়ক দিব্যজ্যোতি শইকীয়াই এই কাৰ্যসুচী সমুহৰ আঁত ধৰে ৷

**********