বোকাখাতৰ চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ত ত্ৰিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন :

বোকাখাতৰ চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ত ত্ৰিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন :
Aiidesh Photo
বোকাখাতৰ চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ত ত্ৰিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন :
বোকাখাতৰ চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ত ত্ৰিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন :

Aiidesh News :  12 September :  2024 : 

১৯৯৫ চনৰ ১২ ছেপ্তেম্বৰত প্ৰতিষ্ঠা লাভ কৰা বোকাখাতৰ অগ্ৰনী শিক্ষানুষ্ঠান চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ ত্ৰিংশতিতম প্ৰতিষ্ঠা দিৱস আজি উদযাপন কৰে । মহাবিদ্যালয়খনৰ এই দিৱসৰ পুৱা মহাবিদ্যালয় প্ৰাংগনত পতাকা উত্তোলন, স্মৃতি তৰ্পন, প্ৰাচীৰ পত্রিকা উন্মোচন কৰাৰ পাচতেই ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা হয় । ২৮ টা দলে যোগদান কৰা এই কুইজ পৰিচালনা কৰে শিক্ষক অৰবিন্দ শইকীয়াই । দুপৰীয়া অধ্যক্ষ ড৹ সুৰজিত দত্তৰ সভাপতিত্বত হোৱা মুকলি সভাত পৰিচালনা সমিতিৰ সভাপতি ড৹ বাবুলাল মোৰ, প্ৰতিষ্ঠাপক অধ্যক্ষ শৰৎ চন্দ্র দত্ত, উপাধ্যক্ষ ডঃ হৰিপ্ৰসাদ নাথ, সাহিত্যিক পেঞ্চনাৰ নিজৰা বৰঠাকুৰ আৰু বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে । অধ্যাপক দিলীপ বৰাই আঁত ধৰা সভাত কুইজ বিজয়ী সকলৰ লগতে মহাবিদ্যালয়খনৰ কৃতী ছাত্র ছাত্ৰী সকলকো সম্বৰ্দ্ধনা জনোৱা হয় । মুকলি সভাত ৰাইজৰ হৈ নবজোতি ৰাজখোৱা, নীলকান্ত বৰা আদিয়ে বক্তব্য আগবঢ়ায় ৷ 

*********