আৰণ্যকৰ কে- ৯ গোটৰ অন্যতম নায়ক জৰবাৰ মৃত্যু : জৰবালৈ শেষ শ্ৰদ্ধা আৰু গভীৰ শ্ৰদ্ধাঞ্জলি :

আৰণ্যকৰ কে- ৯ গোটৰ অন্যতম নায়ক জৰবাৰ মৃত্যু  :  জৰবালৈ শেষ শ্ৰদ্ধা আৰু গভীৰ শ্ৰদ্ধাঞ্জলি  :
Aiidesh Photo
আৰণ্যকৰ কে- ৯ গোটৰ অন্যতম নায়ক জৰবাৰ মৃত্যু  :  জৰবালৈ শেষ শ্ৰদ্ধা আৰু গভীৰ শ্ৰদ্ধাঞ্জলি  :

আৰণ্যকৰ কে- ৯ গোটৰ অন্যতম নায়ক জৰবাৰ মৃত্যু  :  জৰবালৈ শেষ শ্ৰদ্ধা আৰু গভীৰ শ্ৰদ্ধাঞ্জলি  :

Aiidesh News  :  23rd November:

দেশৰ আগশাৰীৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ কে- ৯ নামৰ বিশেষ গোটটোৰ অন্যতম সদস্য জৰবাৰ যোৱা সোমবাৰৰ নিশা চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ৷ জৰবাৰ মৃত্যুত আৰণ্যকে কে-৯ গোটৰ সমুহ সদস্যৰ লগতে আৰণ্যকেৰ সকলো বিষয় ববীয়াও মৰ্মাহত হৈ পৰে ৷  জৰবা আছিল বেলজিয়াম মালিনোইছ প্ৰজাতিৰ এটা উচ্চ প্ৰশিক্ষিত কুকুৰ ৷ জৰবাই অসমৰ বিভিন্ন বনাঞ্চলত বন্যপ্ৰাণীৰ অবৈধ ব্যৱসায়ৰ লগত জড়িত বহু চোৰাং চিকাৰীক ধৰাত বন বিভাগ আৰু আৰক্ষীক সহায় কৰিছিল । বাৰ্ধক্যজনিত কাৰণৰ উপৰিও স্বাস্থ্যজনিত সমস্যাৰ বাবেও, সোমবাৰৰ নিশা প্ৰায় ১০ বজাত জৰবাৰ  মৃত্যু হয় ।

কে-৯ গোটৰ অন্যতম নায়ক জৰবাৰ মৃত্যুত আৰণ্যকৰ মুখ্য কাৰ্যবাহী বিষয়া ড০ বিভৱ কুমাৰ তালুকদাৰে গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে  জৰবাই জীৱনকালত দি যোৱা অৱদান সদায় স্মৰণীয় হৈ থাকিব আৰু আমি জৰবাক সদায় সংৰক্ষণৰ নায়ক হিচাপে গণ্য কৰিম বুলি মন্তব্য কৰে । ৰাজ্যত হোৱা গঁড়ৰ হত্যাৰ পিচতেই ঘটনাস্থলীৰ পৰা চোৰাং চিকাৰীৰ প্ৰস্থান পথ বিচাৰি উলিওৱাত সহায় কৰিছিল জৰবাই বুলিও তেওঁ মন্তব্য কৰে ৷

নিজৰ আঠ বছৰীয়া কৰ্ম জীৱনত জৰবাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা বন্যপ্রাণী অভয়াৰণ্য আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সক্রিয়ভাৱে চোৰাং চিকাৰ বিৰোধী অভিযানত নিয়োজিত আছিল । জৰবাৰ প্ৰথম তত্বাৱধায়ক অনিল কুমাৰ দাসে মতে "জৰবাক লৈ কাম কৰাৰ বহু স্মৃতি মোৰ আছে ৷ জৰবা মোৰ বাবে সদায় কামৰ অনুপ্ৰেৰণা হৈ আহিছিল ।"

ছয়টা বেলজিয়াম মালিনোইছ কুকুৰৰ লগতে কুকুৰৰ তত্বাৱধায়ক সকলক লৈ  গঠিত প্ৰকৃতি সংগঠন আৰণ্যকৰ এই কে-৯ নামৰ দলটোয়ে কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ লগতে অসমৰ অন্যান্য গঁড় বসতি অঞ্চলত বন আৰু আৰক্ষী বিষয়াসকলক সক্রিয়ভাৱে সহায় কৰি আহিছে যাৰ বাবে আইন প্ৰৱৰ্তনকাৰী সংস্থা সমূহে বহুতো চোৰাং চিকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে ৷ 

নিজৰ কৰ্ম জীৱনত জৰবাই ৬০ জনৰো অধিক চোৰাং চিকাৰীক অনুসৰণ কৰাৰ লগতে কৰায়ত্ব কৰাত অভিযানকাৰী দলক সহায় কৰিছিল । ২০১৯ চনৰ ডিচেম্বৰ মাহত কৰ্তব্যৰ পৰা অৱসৰ গ্ৰহন কৰা  জৰবা শেষতীয়াকৈ আৰণ্যকৰ কে - ৯  গোটৰ কেন্দ্ৰত প্ৰতিপালিত হৈ আছিল । আৰণ্যকৰ কে-৯ গোটতে জনোৱা মতে গোটৰ বাকীবোৰ কুকুৰতকৈ জৰবাই বল খেলি বৰ ভাল পাইছিল । জৰবাৰ মৃত্যুত মৰ্মাহত হৈ পৰিছে কে ৯ গোটৰ সমুহ সদস্য ৷

*********