বোকাখাতত চাহ জনজাতি জাতীয় সন্মিলনী,অসমৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সভা :

বোকাখাতত চাহ জনজাতি জাতীয় সন্মিলনী,অসমৰ কেন্দ্ৰীয়  সাধাৰণ  পৰিষদৰ  সভা :
Aiidesh Photo
বোকাখাতত চাহ জনজাতি জাতীয় সন্মিলনী,অসমৰ কেন্দ্ৰীয়  সাধাৰণ  পৰিষদৰ  সভা :

Aiidesh News  : 5 February 2024 :

বোকাখাত নাট্য মন্দিৰত আজি চাহ জনজাতি  জাতীয় সন্মিলনী, অসমৰ  কেন্দ্ৰীয় সমিতিৰ  সাধাৰণ পৰিষদৰ সাধাৰণ সভা অনুষ্ঠিত  হৈ যায় । গোলাঘাট জিলা আৰু বোকাখাত মহকুমা সমিতিৰ আতিথ্যত অনুষ্ঠিত কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সভাত সভাপতিত্ব  কৰে প্ৰাক্তন মন্ত্ৰী পৃথিৱী মাঝিয়ে ৷ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক অৰুন কাঁৱৰে । সভাত অসম চাহ  জনজাতি ছাত্ৰ সন্থাৰ  কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা সন্মিলনীৰ উপদেষ্টা ধীৰাজ  গোৱালা, সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ বিষয় ববীয়া আৰু ৰাজ্যৰ ১৫ খন জিলা আৰু ১০ খন মহকুমা সমিতিৰ সভাপতি-সম্পাদক  সকল উপস্থিত থাকে । চাহ জনজাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ সভাপতি সুশীল কালিন্দী আৰু বোকাখাত শাখাৰ বিষয়ববীয়া সকলেও সভাত সহযোগ কৰে ।

আজিৰ  সভাই দুখনমান জিলাত চাহ জনগোষ্ঠী  ৰাইজৰ  জাতি  প্ৰমাণ পত্ৰ প্ৰদান  প্ৰক্ৰিয়া বন্ধ  হৈ থকাৰ ফলত ৰাইজৰ মাজত সৃষ্টি হোৱা সমস্যাৰ সন্দৰ্ভত আলোচনা  কৰি  মুখ্যমন্ত্ৰীক  আৰু বিভাগীয়  মন্ত্ৰীক সাক্ষাত কৰি আলোচনা  কৰাৰ  সিদ্ধান্ত গ্ৰহণ  কৰে । সভাত কেন্দ্ৰীয় সমিতিয়ে  ফেব্ৰুৱাৰী মাহৰ ভিতৰতে প্ৰমাণ পত্ৰ প্ৰদানৰ দাবী আনুষ্ঠানিকভাৱে উত্থাপন কৰা হ’ব বুলিও সিধান্ত গ্ৰহন কৰে । সভাত প্ৰতিখন জিলাৰ সভাপতি-সম্পাদক সকলে নিজ নিজ প্ৰতিবেদন দাখিল কৰাৰ লগতে সাংগঠনিক আৰু প্ৰশাসনিক দিশত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ সভাত কৰা হয় ।

সভাত সাধাৰণ সম্পাদক অৰুণ কাঁৱৰে সন্মিলনীৰ গোলাঘাট জিলাৰ সভাপতি মুনীন গৌতম চাওৰা, মহকুমা সভাপতি হৰিবোলা কালিন্দীৰ লগতে স্থানীয় আটছাৰ বিষয়ববীয়া সকলক সভাত সহযোগিতা আগবঢ়োৱাৰ বাবে  ধন্যবাদ জ্ঞাপন কৰিছে ।

*********