বোকাখাতৰ ডিফলু চাহ বাগিছাত বিনামুলীয়া ফুটবলৰ প্ৰশিক্ষণ :

বোকাখাতৰ ডিফলু চাহ বাগিছাত বিনামুলীয়া ফুটবলৰ প্ৰশিক্ষণ  :

Aiidesh News  :  5 July 2023 : 

বোকাখাত মহকুমাৰ ডিফলু চাহ বাগিচা যুৱক ক্ৰীড়া সন্থাৰ উদ্যোগত ৫ জুলাইৰ পৰা এমহীয়া বিনামূলীয়া ফুটবল প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ হয় ৷ এই উপলক্ষে  ডিফলু চাহ বাগিচাৰ ৰাজহুৱা খেলপথাৰত আয়োজিত উদ্বোধনী অনুষ্ঠানত বোকাখাত জিলা ক্ৰীড়া সন্থাৰ অভিজ্ঞ ৰেফাৰী মিলন বৰা, ডিফলু চাহ বাগিচাৰ সমাজসেৱক জানেজা খদাল, চাহ মজদুৰ সংঘৰ ডিফলু শাখাৰ সভাপতি চন্দন উৰিয়া, ডিফলু চাহ বাগিচা গাঁওৰক্ষী বাহিনীৰ সভাপতি যোগেশ মুণ্ডা, ঢেঁকীয়া পথাৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি বিকাশ উৰিয়া আৰু সম্পাদক উমেশ উৰিয়া উপস্থিত থাকে ৷ গ্ৰীষ্ম বন্ধত ছাত্ৰ ছাত্ৰী সকলক ফুটবলৰ বিনামুলীয়া প্ৰশিক্ষণৰ আয়োজন কৰে বাগিছাখনৰ উদীয়মান যুৱক চন্দন তাঁতী, সঞ্জীৱ কৰ্মকাৰৰ লগতে বাগিছাৰ যুৱক সকলে ৷ বিনামুলীয়া প্ৰশিক্ষণত শতাধিক যুৱকক প্ৰশিক্ষণ দিয়াৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰি প্ৰশিক্ষক তথা বোকাখাত জিলা ক্ৰিড়া সন্থাৰ অভিজ্ঞ ৰেফাৰী মিলন বৰাই ৷

*********