আৰক্ষীৰ অভিযানত তিনিমাহৰ পাচত উদ্ধাৰ অপহৃত হোৱা নাৱালিকা ছাত্ৰী : অপহৰণকাৰীক গ্ৰেপ্তাৰ :

আৰক্ষীৰ অভিযানত তিনিমাহৰ পাচত উদ্ধাৰ অপহৃত হোৱা  নাৱালিকা ছাত্ৰী  : অপহৰণকাৰীক গ্ৰেপ্তাৰ :
Photo : Uttam Saikia

আৰক্ষীৰ অভিযানত তিনিমাহৰ পাচত উদ্ধাৰ অপহৃত হোৱা  নাৱালিকা ছাত্ৰী  : অপহৰণকাৰীক গ্ৰেপ্তাৰ :


AIIDESH NEWS : 20 April :


বােকাখাত মহকুমাৰ  দ্বিতীয় পৰঙনীয়া গাঁৱৰ পৰা তিনিমাহ পূৰ্বেই অপহৃত হোৱা এগৰাকী মেধাবী ছাত্ৰীক যোৱা নিশা অপহৰণ কৰা এজন যুৱকৰে সৈতে উদ্ধাৰ কৰে বোকাখাত আৰক্ষীয়ে । কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই মেধাৱী ছাত্রী গৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আগমুহুৰ্ত ২১ জানুৱাৰীত নিজ বাসগৃহৰ পৰাই নিখোঁজ হৈছিল । পৰিয়ালৰ লােকে ছোৱালীজনী নিৰুদ্দেশ হোৱাৰ নিশাই বােকাখাতৰ আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ ৷ কিন্তু বিগত তিনিটা মাহেই নিৰুদ্দিষ্ট এই নাবালিকা ছাত্রী গৰাকীৰ সন্ধান উলিয়াব পৰা নাছিল আৰক্ষীয়ে ৷ ছাত্ৰী গৰাকীক উদ্ধাৰ কৰি পৰীক্ষাত বহিব পৰাকৈ পৰিয়ালক চমজাই দিব পৰা নাছিল বোকাখাত আৰক্ষীয়ে । অৱশেষত যোৱা নিশা দেৰগাওঁৰ নাককাটি গাওঁৰ পৰা বিজয় দাস নামৰ এজন যুৱকৰ লগতে নাৱলিকা ছাত্ৰী গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় বোকাখাতৰ আৰক্ষী ৷ কুৰুৱাবাহী নগঞাপামৰ নিৱাসী বিজয় দাস নামৰ যুৱক জনে প্ৰেমজনিত কাৰনতেই নাৱালিকা যুৱতী গৰাকীক অপহৰণ কৰিছিল বুলি স্বীকাৰ কৰিছে ৷ উল্লেখ্য যে ছাত্ৰী গৰাকী কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী মেধাবী ছাত্রী । ইংৰাজী বিষয়ত ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত জিলাৰ ভিতৰত সর্বোচ্চ নম্বৰৰ বাবে বঁটা  পোৱাৰ লগতে কুৰুৱাবাহীত কমলেশ্বৰ ৰাজখােৱা ফাউণ্ডেচনৰ দ্বাৰা পুৰস্কৃতও হৈছিল । বিজয় দাসে অপহৰণ কৰাৰ বাবেই ছাত্ৰী গৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত হৈছিল ৷ উদ্ধাৰৰ পাচত  নিশায়ে ছাত্ৰী গৰাকীক তেওঁৰ পৰিয়ালক চমজাই দিয়াৰ বিপৰীতে অপহৰণকাৰী যুৱক বিজয় দাসক ৩২/ ২০ নম্বৰ গোচৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৬৬ ধাৰাত জেল হাজোতলৈ প্ৰেৰণ কৰিছে বোকাখাত আৰক্ষীয়ে ৷