কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সপ্তাহ জোৰা হাতী গণনাৰ সমাপ্তি : কাইলৈ নমুনা সংগ্ৰহ কৰিব নিৰ্বাচিত খণ্ডত :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সপ্তাহ জোৰা হাতী গণনাৰ সমাপ্তি  : কাইলৈ নমুনা সংগ্ৰহ কৰিব নিৰ্বাচিত খণ্ডত  :
Aiidesh Photo
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সপ্তাহ জোৰা হাতী গণনাৰ সমাপ্তি  : কাইলৈ নমুনা সংগ্ৰহ কৰিব নিৰ্বাচিত খণ্ডত  :

Aiidesh News : 27 February 2024 : 

ৰাজ্যৰ বিভিন্ন বনাঞ্চলৰ এটা সপ্তাহ ধৰি চলা বনৰীয়া হাতীৰ গণনাৰ আজি সামৰণী পৰে ৷ সপ্তাহ জুৰি চলা এই সমীক্ষাৰ শেষত ৰাজ্যখনত সংগৃহীত বনৰীয়া হাতীৰ তথ্যবোৰ বিশ্লেষণৰ শেষত ৰাজ্যত বনৰীয়া হাতী পৰিসংখ্যা জানিব পৰা যাব ৷ ৰাজ্যৰ বিভিন্ন বনাঞ্চলৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলতো যোৱা এটা সপ্তাহত হাতীৰ বিভিন্ন তথ্য সংগ্ৰহ কৰি আজি চূড়ান্ত ভাৱে হাতীৰ গণনা কৰা হয় ৷ ইয়াৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ তিনিওটা বন সংমণ্ডলৰ নিৰ্বাচিত বনকৰ্মীক প্ৰাৰম্ভিক প্ৰশিক্ষণ প্ৰদান কৰি এই কাৰ্যত নিয়োগ কৰা হয় ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মীক হাতী গননাৰ প্ৰশিক্ষণ প্ৰদান কৰে গোলাঘাটব বন সংমণ্ডলৰ ডি এফ অ’ সুশীল কুমাৰ ঠাকুৰীয়া, লখিমপুৰ বন সংমণ্ডল বিভাগৰ সহকাৰী বন সংৰক্ষক অশোক দাসৰ আৰু অৱসৰপ্ৰাপ্ত বন বিষয়া তথা  হস্তী বিশেষজ্ঞ ভূপেন তালুকদাৰে হাতীৰ সমীক্ষাৰ পূৰ্বে গণনা কাৰ্যৰ নিয়মাৱলীৰ  প্ৰাৰম্ভিক প্রশিক্ষণ বনকৰ্মী সকলক প্ৰদান কৰে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোণালী ঘোষে  জনোৱা মতে হাতীৰ সমীক্ষাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পুব অসম বন্যপ্ৰাণী সংমণ্ডলৰ এলেকাধীন বনাঞ্চলক মুঠ ৭৪ টা খণ্ড বা কম্পাৰ্টমেন্টত বিভক্ত কৰি হাতীৰ সমীক্ষা চলোৱা হয় ৷ প্রতিটো খণ্ডত বিভাগীয় হাতী উঠি প্রশিক্ষণপ্রাপ্ত দুইশতাধিক বনকৰ্মীয়ে আজি ৰাষ্ট্ৰীয় উদ্যানখনত বনৰীয়া হাতীৰ গণনা কৰে । এই গণনা সুচাৰূপে পৰিচালিত কৰাৰ বাবে প্ৰতিটো বনাঞ্চলতে একোজনকৈ পৰ্যবেক্ষকো নিয়োগ কৰা হয় ৷ আজি সমাপ্ত হোৱা গণনাৰ পিচত ২৭ ফেব্রুৱাৰীত পুনৰ কেইটামান নিৰ্বাচিত খণ্ডত  পৰীক্ষামূলক গণনা কৰি নমুনা সংগ্ৰহ কৰিব । সকলো তথ্য বিশ্লেষণ কৰি ভূলৰ মান নিৰ্ণয় কৰি চূড়ান্ত পৰিসংখ্যা যুগুত কৰিব ৷

উল্লেখ্য যে কাজিৰঙাত ২০১৭ চনত কৰা হাতী গণনা সময়ত ৰাষ্ট্ৰীয় উদ্যান খনত মুঠ ১০৬৪ টা হাতী পোৱা গৈছিল । একেদৰে ২০০৫ চনত কাজিৰঙাত চলোৱা হাতী সমীক্ষাত মুঠ ১১৯৪ টা হাতীৰ তথ্য পোৱা গৈছিল ৷ কাষৰীয় অঞ্চলক সামৰি মুঠ ৩২৭০ বৰ্গ কিলোমিটাৰ বনাঞ্চলত পোৱা গৈছিল মুঠ ১৯৪০ টা হাতী ৷ ইয়াৰে ভিতৰত ২৯০ টা মতা হাতী, ৬৩৫ জনী মাইকী আৰু ২২৬ টা পোৱালীৰ উপৰিও ৯৫ টা লিংগ নিৰূপন কৰিব নোৱাৰা হাতী পোৱা গৈছিল ৷ একেদৰে মুঠ সংখ্যাৰ ১৩৩ টা দঁতাল, ১৫৬ টা মখনা, ১ টা গনেশ হাতী, ৬৯৪ টা প্ৰাপ্ত বয়স্ক হাতী, ১৩২ টা চেঙেলীয়া আৰু ১৯৯ টা পোৱালী হাতী পোৱা গৈছিল ৷ ইফালে ২০০৫ চনৰ সমীক্ষা মতে কাজিৰঙাৰ কঁহৰা বনাঞ্চলত মুঠ ৬৮৩ টা, বাগৰি বনাঞ্চলত ২৭৩ টা, অগৰাতলি বনাঞ্চলত ২৪৯ টা, বুঢ়াপাহাৰ বনাঞ্চলত ১৫ টা আৰু তদন্তাদীন বোকাখাত খণ্ড বনাঞ্চল এলেকাত উক্ত বৰ্ষত মুঠ ২৬ টা হাতীৰ তথ্য পোৱা গৈছিল ৷

*********