হাতীৰ আক্ৰমনত নিহত বোকাখাতৰ কান্ধুলিমাৰী গাওঁৰ বগাই ওৰাংৰ পৰিয়াললৈ বন বিভাগৰ আৰ্থিক সাহাৰ্য : চাৰি লাখ টকাৰ চেক প্ৰদান :

হাতীৰ আক্ৰমনত নিহত বোকাখাতৰ কান্ধুলিমাৰী গাওঁৰ বগাই ওৰাংৰ পৰিয়াললৈ বন বিভাগৰ আৰ্থিক সাহাৰ্য : চাৰি লাখ টকাৰ চেক প্ৰদান  :
Aiidesh Photo

Aiidesh News  : 8 December 2023 : 

বোকাখাতৰ কান্ধুলিমাৰী গাওঁত হাতীৰ আক্ৰমনত মৃত্যু হোৱা বগাই ওৰাং নামৰ লোকজনৰ পৰিয়ালক আজিৰ বন বিভাগৰ তৰফৰ পৰা ৪ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰা হয় ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ড৹ সোনালী ঘোষে বগাই ওৰাংৰ ঘৰলৈ গৈ বগাই ওৰাংৰ পৰিয়াললৈ সমবেদনা জনোৱাৰ লগতে ক্ষতিপূৰণৰ ৪ লাখ টকাৰ চেক বগাই ওৰাংৰ পৰিবাৰ আৰু পুত্ৰৰ হাতত প্ৰদান কৰে ৷ 

চেক প্ৰদানৰ সময়ত নিহত বগাই ওৰাংৰ বাসগৃহত সমবেত স্থানীয় লোকৰ লগত মত বিনিময় কৰি সঞ্চালক ড৹ সোনালী ঘোষে স্থানীয় লোকে বিচৰাৰ দৰেই কান্ধুলিমাৰী অঞ্চলত হাতীৰ পৰা শস্য ৰক্ষা কৰাৰ বাবে অস্থায়ীভাৱ টঙি নিৰ্মান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰাৰ উপৰিও স্থানীয় লোকৰ দ্বাৰা শস্য সুৰক্ষা সমিতি গঠন কৰিবৰ বাবেও পৰামৰ্শ প্ৰদান কৰে ৷ শস্য সুৰক্ষাৰ এই গোট বোৰক বন বিভাগৰ পৰা সাহাৰ্য প্ৰদান কৰা হ'ব বুলিও সঞ্চালক গৰাকীয়ে অৱগত কৰে ৷ কান্ধুলিমাৰীৰ ঘটনাৰ পিচত স্থানীয় লোকৰ সৈতে হোৱা অন্তৰংগ বাৰ্তালাপত এনে ঘটনা প্ৰতিৰোধ কৰিব পৰাকৈ জনসাধাৰণৰ সহযোগিতা আৰু পৰামৰ্শ বিচাৰে সঞ্চালক ড৹ সোনালী ঘোষে ৷

প্ৰয়াত বগাই ওৰাংৰ পৰিয়ালক আৰ্থিক প্ৰদানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হৈ পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ অৰুণ বিঘ্নেশ,  অগৰাতলিৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰা, বাগৰি বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিবিধ দিহিঙীয়া আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া ইকবাল আহমেদৰ লগতে বিভাগীয় বিষয়া কৰ্মচাৰীও উপস্থিত থাকে ৷ বগাই ওৰাংৰ মৃত্যুৰ পিচত পৰিয়ালক তাৎক্ষনিকভাৱে বিভাগীয় ক্ষতিপুৰণ প্ৰদানৰ কৰাৰ বাবে সঞ্চালক গৰাকীৰ সকলোয়ে শলাগ লয় ৷

******