বোকাখাত উপ জিলাৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন : ১৩ গৰাকী ব্যক্তি আৰু দুটা আত্মসহায়ক গোটক প্ৰশাসনৰ সম্বৰ্ধনা :

বোকাখাত উপ জিলাৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন : ১৩ গৰাকী ব্যক্তি আৰু দুটা আত্মসহায়ক গোটক প্ৰশাসনৰ সম্বৰ্ধনা  :
Aiidesh Photo

Aiidesh News : 26 January 2024 : 

বোকাখাতস্থিত ৰাজহুৱা খেলপথাৰত সমগ্ৰ ভাৰতবর্ষৰ লগতে বোকাখাত উপ জিলাৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে ৭৫ সংখ্যক গণৰাজ্য দিৱস দিনজোৰা কাৰ্যসুচীৰে উদযাপন কৰা হয় । অনুষ্ঠানত বোকাখাত উপ জিলাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত জিলা আয়ুক্ত চিমী কৰণে  মুখ্য অতিথি হিচাপে উপস্থিত থাকি গনৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি কুচ-কাৱাজ প্ৰদৰ্শন আদি কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে ।

গনৰাজ্য দিৱস উপলক্ষে বোকাখাতৰ  জনসাধাৰণক উদ্দেশ্য কৰি দিয়া ভাষণত বৰ্তমান ৰাজ্য চৰকাৰে উপ জিলাখনৰ জনসাধাৰণৰ সৰ্বাঙ্গীন উন্নতিকল্পে লোৱা বিভিন্ন উন্নয়ন মূলক কামৰ খতিয়ান দাঙি ধৰি বোকাখাতৰ ৰাইজক এই পবিত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে । গণৰাজ্য দিৱসৰ এই কেন্দ্ৰীয় অনুষ্ঠানত স্থানীয় সাংস্কৃতিক দলবোৰৰ পৰম্পৰাগত নৃত্য , সাংস্কৃতিক অনুষ্ঠান আৰু ক্ৰীড়া কৌশল প্ৰদৰ্শন কৰে । 

উল্লেখযোগ্য যে ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি যোৱা ২৫ জানুৱাৰীত বোকাখাতৰ নাট্য মন্দিৰত সমাজৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা বোকাখাতৰ ১৩ গৰাকী ব্যক্তি আৰু দুটা আত্মসহায়ক গোটক প্ৰশাসনৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায় । স্বচ্ছ ভাৰত মিছন (নগৰাঞ্চল) ৰ  অধীনত স্বচ্ছতাৰ ক্ষেত্ৰত শ্রেষ্ঠতা প্ৰদৰ্শন কৰাৰ বাবে বোকাখাত পৌৰসভা এলেকাধীন ২ নং ৱাৰ্ডক পুৰস্কৃত কৰা হয় । জ্যেষ্ঠ নাগৰিক প্ৰদীপ কুমাৰ খাউন্দ, ক্রীড়াৰ বাবে অসম মহিলা ক্ৰীকেটাৰ অবন্তিকা মুণ্ডা, কৃষক নিত্যানন্দ দাস, শ্ৰেষ্ঠ অধ্যাপক ডঃ ৰুবী বৰা, শিক্ষক দ্বীপেন সন্দিকৈ, গাঁও অঞ্চলৰ বাবে আদৰণি আত্মসহায়ক গোট,  নগৰ অঞ্চলৰ বাবে মাতৃ সংঘ আত্মসহায়ক গোট , আশাকৰ্মী ৰুবী গগৈ, সাংস্কৃতিক শিল্পী চন্দন কটকী, সাংবাদিক চন্দন গগৈ, অংগনৱাড়ি কৰ্মী দীপ্তি গগৈ বৰা, সমাজকৰ্মী দয়াৰাম মাঝি, সমাজকৰ্মী (দিব্যাঙ্গ) বিপুল গগৈ, জীৱিকা সখী লখিমাই গগৈ, বেংক সখী অঞ্জলি লইং আৰু কৃষি সখী সুকুৰমণি কুৰ্মীক গণৰাজ্য দিৱসৰ উপলক্ষে সমাজৰ বাবে আগবঢ়োৱা সেৱাৰ বাবে সম্বৰ্ধনা জনোৱা হয় । এই অনুষ্ঠানতে প্ৰশাসনে গণৰাজ্য দিৱস উপলক্ষে বিদ্যালয় সমুহৰ ছাত্র - ছাত্ৰীৰ মাজত আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰতিযোগী সকলক বঁটা প্ৰদান কৰে ৷ অনুষ্ঠানৰ শেষত কুচ - কাৱাজত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক দল সমূহকো বঁটা প্ৰদান কৰা হয় ।

********