বহিঃৰাজ্যত চিকিৎসাৰত ৰোগীলৈ চৰকাৰৰ দিব আৰ্থিক সাহায্য--মুকলি হেল্পলাইন

বহিঃৰাজ্যত চিকিৎসাৰত  ৰোগীলৈ চৰকাৰৰ দিব আৰ্থিক সাহায্য--মুকলি  হেল্পলাইন
Image Courtesy : @India Today

অসমৰ বাহিৰত আবদ্ধ হৈ থকা কৰ্কট,কিডনী ট্ৰান্সপ্লাণ্ট আৰু হৃদৰোগত আক্ৰান্ত সকলক আৰ্থিক সাহায্য দিব চৰকাৰে।বহিঃৰাজ্যত চিকিৎসাৰ বাবে যোৱা ৰোগীক চৰকাৰে কৰিব সহায়।জনাইছে স্বাস্থ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।মুম্বাইৰ অসম ভৱনত আছে ১৫০ কেন্সাৰ ৰোগী।ভাৰতৰ আন বহু স্থানতো আছে বহু লোক।বিমান নোহোৱাৰ বাবে তেওঁলোক আহিব পৰা নাই।সেইসকল লোকৰ বাবে চৰকাৰে মুকলি কৰিছে এটা হেল্পলাইন নম্বৰ।০৩-৬১২৫৫৮৯৫৫ নম্বৰত কোনো লোকে ফোন কৰিব পাৰিব।৬৯০১২৮১৮৬২ নম্বৰৰ ৱাটছআপ যোগে দিব পাৰিব একাউণ্টৰ বিবৰণ।এই নম্বৰত আই এফ এছ চি নম্বৰসহ বেংকৰ একাউন্ট নম্বৰ পঠিয়াব পাৰিব।তাৰ পিছতে চৰকাৰে সকলো পৰীক্ষা-নিৰীক্ষা কৰি সাহায্য দিব।