কাজিৰঙাৰ কাষৰীয় নিজবস্তি প্ৰাথমিক বিদ্যালয়ত কৰবেট ফাউণ্ডেচনৰ উদ্যোগত সজাগতা অনুষ্ঠান :

কাজিৰঙাৰ কাষৰীয় নিজবস্তি প্ৰাথমিক বিদ্যালয়ত কৰবেট ফাউণ্ডেচনৰ উদ্যোগত সজাগতা অনুষ্ঠান  :
Aiidesh Photo
কাজিৰঙাৰ কাষৰীয় নিজবস্তি প্ৰাথমিক বিদ্যালয়ত কৰবেট ফাউণ্ডেচনৰ উদ্যোগত সজাগতা অনুষ্ঠান  :
কাজিৰঙাৰ কাষৰীয় নিজবস্তি প্ৰাথমিক বিদ্যালয়ত কৰবেট ফাউণ্ডেচনৰ উদ্যোগত সজাগতা অনুষ্ঠান  :

Aiidesh News  :  27 May - 2024 : 

কাজিৰঙাত কৰ্মৰত কৰবেট ফাউণ্ডেচনৰ কাজিৰঙা গোটে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় কুঠৰীত বন্যপ্ৰাণী আৰু পৰিৱেশ সংৰক্ষণৰ বাবে ছাত্ৰ ছাত্ৰীৰ মাজত এক আকৰ্ষণীয় অনুষ্ঠানৰ আয়োজন কৰে ৷ কুঠৰীৰ নিজবস্তি প্ৰাথমিক বিদ্যালয়ত আয়োজিত এই অনুষ্ঠানত বিদ্যালয়ৰ প্ৰধান শিক্ষক হেমন্ত শইকীয়াই আদৰণী ভাষণ প্ৰদান কৰাৰ লগতে কৰবেট ফাউণ্ডেচনৰ প্ৰকল্প বিষয়া আশীষ থোকেই বৃক্ষ ৰোপণ, পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কত ছাত্ৰ ছাত্ৰী সকলক সচিত্ৰ উপস্থাপন আৰু তথ্য চিত্ৰ প্ৰদৰ্ণনেৰে অৱগত কৰে ৷ অনুষ্ঠানত কৰবেট ফাউণ্ডেচনৰ সমন্বয়ক ৰূপম শইকীয়া আৰু পংকজ ৰাজগুৰুয়ো সহযোগ কৰে ৷ অনপষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয় খনৰ বাকৰিত ২১ জোপা মপল্যবান বৃক্ষ ৰোপণ কৰা হয় ৷ বন, বন্যপ্ৰাণী আৰু চৌকাষৰ পৰিৱেশ সংৰক্ষণৰ বাবে ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা সৃষ্টিৰ বাবে আয়োজিত এই অনুষ্ঠানত বিদ্যালয় খনৰ সমুহ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীয়ে অংশ গ্ৰহন কৰে ৷

**********