জৰাজীৰ্ণ বোকাখাতৰ গাৰোপাৰা প্ৰাথমিক বিদ্যালয় : শিক্ষা অধিকাৰৰ পৰা বঞ্চিত কন কন ছাত্ৰ ছাত্ৰী :

জৰাজীৰ্ণ বোকাখাতৰ গাৰোপাৰা প্ৰাথমিক বিদ্যালয়  : শিক্ষা অধিকাৰৰ পৰা বঞ্চিত কন কন ছাত্ৰ ছাত্ৰী  :
Aiidesh Photo

Bhabananda Kalita  : Aiidesh News : 15 February 2024 : 

বোকাখাত উপ জিলাৰ পশ্চিম গোলাঘাট শিক্ষা খন্ডৰ অন্তৰ্গত অতি ভিতৰুৱা গাৰোপাৰাত থকা ১নং গাৰোপাৰা প্ৰাথমিক বিদ্যালয়খন ১৯৯২ চনতে স্থাপন হৈছিল । সম্প্ৰতি বিদ্যালয়খনত ৩৮ গৰাকী ছাত্র ছাত্রীয়ে অধ্যয়ন কৰি আছে । ইয়াৰ বিপৰীতে শিক্ষয়িত্ৰী মাত্র এগৰাকী । শিক্ষয়িত্ৰী গৰাকীৰ নাম জোনমনি ৰবিদাস ৷ ছাত্র ছাত্রীৰ ৮০ শতাংশই গাৰো জনজাতিৰ । আশ্চর্যজনক ভাৱে গাৰোপাৰা প্ৰাথমিক বিদ্যালয় খনৰ  শিক্ষক পদটো চৰকাৰীকৰণ হ’ল যদিও  বিদ্যালয়খন কিন্তু আজিও চৰকাৰীকৰণ নহ'ল ৷ যাৰ বাবে বিদ্যালয়ৰগৃহৰ জৰাৰ্জীন অৱস্থাৰ ৷ বিদ্যালয় খনত শৌচাগাৰৰ কোনো ব্যৱস্থা নাই ৷ বিগত বৰ্ষৰ পৰা বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনো বন্ধ কৰি দিয়া হৈছে । কাৰ্যত শিক্ষা অধিকাৰৰ পৰা যেন বঞ্চিত কৰা হৈছে গাৰোপাৰা প্ৰাথমিক বিদ্যালয়ৰ কন কন ছাত্ৰ ছাত্ৰী সকলক ৷ দুবিঘা মাটিত প্ৰসাৰিত গাৰোপাৰা প্ৰাথমিক  বিদ্যালয়ত চৌহদৰ বেৰা নাই । এনে পটভুমিত গাৰোপাৰাৰ ৰাইজে বিদ্যালয় খন নিৰ্মাণ কৰিবলৈ চৰকাৰক দাবী জনাইছে । 

**********