অহা ২৫ জানুৱাৰীত বোকাখাতৰ ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী উৎসৱৰ উদ্বোধনী অনুষ্ঠান :

অহা ২৫ জানুৱাৰীত বোকাখাতৰ ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী উৎসৱৰ উদ্বোধনী অনুষ্ঠান :
Bubul Dutta

Bubul Dutta. Aiidesh News : 23 January 2024

গৰিমামণ্ডিত বোকাখাতৰ ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী উৎসৱৰ আৰম্ভণি অনুষ্ঠান ২৫ জানুৱাৰীত অনুষ্ঠিত হ'ব । গৌৰৱোজ্বল ৬০ বছৰ অতিক্ৰম কৰা বিদ্যালয় খনৰ হীৰক জয়ন্তী উৎসৱৰ আৰম্ভণিৰ দিনটো সুকলমে সম্পন্ন কৰিবৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে বিদ্যালয় খনত । ২২ জানুৱাৰীত আয়োজিত উদযাপন সমিতিৰ সভাত হীৰক জয়ন্তী কাৰ্যসূচীৰ চূড়ান্ত ৰূপ দিয়া হয় । বোকাখাতৰ বিধায়ক তথা জ্যেষ্ঠ মন্ত্ৰী অতুল বৰা সভাপতি হিচাপে থকা এই উদযাপন সমিতিয়ে ২৫ জানুৱাৰীৰ দিনা হীৰক জয়ন্তীৰ শুভাৰম্ভ অনুষ্ঠানত  পুৱাতেই  ৬০ খন পতাকা ৬০ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা উত্তোলন কৰাব । স্মৃতি তৰ্পণ কৰিব বিদ্যালয় খনৰ প্ৰতিষ্ঠাৰ সৈতে জড়িত পৰিয়ালৰ ব্যক্তি সকলে । অনুষ্ঠানত বৃক্ষ ৰোপনো কৰা হ'ব । দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ'ব স্মৃতি ৰোমন্থন অনুষ্ঠান । উদযাপন সমিতিয়ে হীৰক জয়ন্তীৰ ২৫ জানুৱাৰীৰ আৰম্ভনী অনুষ্ঠানত স্থানীয় ৰাইজ, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক উপস্থিত আন্তৰিকতাৰে কামনা কৰিছে ।

*********