কৰ্মৰত অৱস্থাত নিহত হোৱা কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীৰ পৰিয়াললৈ বিশ্ব প্ৰকৃতি নিধিৰ এককালিন আৰ্থিক সাহাৰ্য :

কৰ্মৰত অৱস্থাত নিহত হোৱা  কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীৰ পৰিয়াললৈ বিশ্ব প্ৰকৃতি নিধিৰ এককালিন আৰ্থিক সাহাৰ্য  :
Aiidesh Photo

কৰ্মৰত অৱস্থাত নিহত হোৱা  কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীৰ পৰিয়াললৈ বিশ্ব প্ৰকৃতি নিধিৰ এককালিন আৰ্থিক সাহাৰ্য  :

Aiidesh News  : 31 March 2023  :

পথ দুৰ্ঘটনাত নিহত হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ অস্থায়ী বনকৰ্মী সোনধন পাটগিৰিৰ পৰিয়ালক আজি বিশ্ব প্ৰকৃতি নিধি ( ডাব্লিউ ডাব্লিউ এফ) ৰ তৰফৰ পৰা ৩ লাখ টকাৰ এককালিন আৰ্থিক সাহাৰ্য এক্সগ্ৰেচিয়া হিচাবে প্ৰদান কৰা হয় ৷ ২০২১ চনৰ ২ ফেব্ৰুৱাৰীত বন্যপ্ৰাণীৰ সুৰক্ষাৰ কামত ব্যস্ত থাকোতে সোনধন পাটগিৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ দেওচূড় অঞ্চলৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশত পথ দূৰ্ঘটনাত পতিত হৈ মৃত্যু বৰণ কৰিছিল ৷

আজি বিয়লি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালকৰ কাৰ্যালয়ত সঞ্চালক যতীন্দ্ৰ শৰ্মাই প্ৰয়াত সোনধন পাটগিৰিৰ পৰিবাৰৰ হাতত আৰ্থিক অনুদানৰ তিনি লাখ টকাৰ ডিমাণ্ড ড্ৰাফট প্ৰদান কৰে ৷ অনুষ্ঠানত সঞ্চালক যতীন্দ্ৰ শৰ্মাৰ উপৰিও বিশ্ব প্ৰকৃতি নিধিৰ হৈ জেষ্ঠ সমন্বয়ক ড৹ প্ৰনৱ জ্যোতি বৰা , সহকাৰী বন সংৰক্ষক নয়নজ্যোতি ৰাজবংশী আৰু অৱসৰ প্ৰাপ্ত গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাও উপস্থিত থাকে ৷ 

উল্লেখ্য যে বিশ্ব প্ৰকৃতি নিধিৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত অৱস্থাত আহত বা নিহত বনকৰ্মীক তৎকালিন ভাৱে এককালিন আৰ্থিক সাহাৰ্য প্ৰদান কৰি আহিছে ৷ ইয়াৰ উপৰিও আহত বনকৰ্মীক গুৱাহাটীৰ এপ'ল' হস্পিতেলত বিনামুলীয়া চিকিৎসাৰো ব্যৱস্থা কৰি আহিছে ৷

**********