মানুহে মানুহৰ বাবে... আৰ্তজনৰ কাষত আৰক্ষী

মানুহে মানুহৰ বাবে... আৰ্তজনৰ কাষত  আৰক্ষী

সৰ্বত্ৰে মহাব্যাধি কোৰোণাৰ মহাসংক্ৰমণ৷ চলি আছে দেশজুৰি লকডাউন৷ সাধাৰণ মানুহে নিত্য ব্যৱহাৰ্য সামগ্ৰী বিচাৰি হাহাকাৰ কৰিছে ঠায়ে ঠায়ে ৷ ওলাই আহিব পৰা নাই ঘৰৰ পৰা৷ এনে সন্ধিক্ষণত আৰক্ষী বাহিনীয়ে যৎপৰোনাস্তি যোগান ধৰিছে সৰ্বসাধাৰণক খাদ্য সামগ্ৰী৷ উত্তৰ–পূৰ্বত অসম আৰক্ষী, নাগালেণ্ড আৰক্ষীয়ে এইক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷ ইয়াৰ মাজতে আৰক্ষীয়ে দেখুৱাইছে মহানুভৱতা৷ কোৰোণাৰ মহাসংক্ৰমণ আৰু লকডাউনৰ কালত মণিপুৰ আৰক্ষীৰ বিষয়া-জোৱানে কান্ধেৰে কঢ়িয়াইছে বস্তা৷ খোজ কাঢ়িছে এটা পাহাৰৰ পৰা আন এটা পাহাৰলৈ৷ পাহাৰ বগাই মাজতে পোৱা পাহাৰীয়া নৈও পাৰ হৈছে এইসকল মণিপুৰ আৰক্ষীয়ে৷ মূৰত খাদ্য সামগ্ৰীৰ বস্তা৷পিছ পৰি থকা নাই আছাম ৰাইফলছৰ জোৱানো৷ মুখত মাক্স, মূৰত খাদ্যৰ বস্তা৷ আৰ্তজনক, ঘৰত বন্দী ৰাইজক খাদ্য সামগ্ৰী যোগান ধৰিবলৈ এনেদৰে পাহাৰ বগাই, নৈ পাৰ হৈছে আছাম ৰাইফলছৰ জোৱান৷নেদৰে ঘণ্টাৰ পিছত ঘণ্টা পাহাৰ বগাই, নৈ পাৰ হৈ মণিপুৰ আৰক্ষী আৰু আছাম ৰাইফলছে এতিয়া যোগান ধৰিছে ৰাইজক খাদ্য সামগ্ৰী৷  ৰাইজো সন্তুষ্ট বিপদকালত সহায় কৰাৰ বাবে। এই দৃশ্য মণিপুৰৰ এক ভিতৰুৱা অঞ্চলৰ।