কাজিৰঙাৰ বনকৰ্মীৰ বাবে ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ উদ্ভিদ সম্পৰ্কীয় দুদিনীয়া কৰ্মশালা :

কাজিৰঙাৰ বনকৰ্মীৰ বাবে ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ উদ্ভিদ সম্পৰ্কীয় দুদিনীয়া কৰ্মশালা  :
Aiidesh Photo
কাজিৰঙাৰ বনকৰ্মীৰ বাবে ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ উদ্ভিদ সম্পৰ্কীয় দুদিনীয়া কৰ্মশালা  :

কাজিৰঙাৰ বনকৰ্মীৰ বাবে ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ উদ্ভিদ সম্পৰ্কীয় দুদিনীয়া কৰ্মশালা  : 

Aiidesh News  : 30 August 2023  :

ডেৰাডুনত থকা দেশৰ আগশাৰীৰ বন গৱেষণা প্ৰতিষ্ঠান ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ উদ্যোগত ২৮ আৰু ২৯ আগষ্টত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাহিৰৰ পৰা অহা বিদেশী উদ্ভিদৰ বিস্তৃতি আৰু নিয়ন্ত্ৰন সম্পৰ্কীয় দুদিনীয়া এক কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷ ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণৰ পৃষ্ঠপোষকতাত কাজিৰঙাৰ কঁহৰাত থকা বন বিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত আয়োজিত এই কৰ্মশালাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বোকাখাত, অগৰাতলি, কঁহৰা, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ প্ৰায় আশী গৰাকী বনকৰ্মীয়ে অংশ গ্ৰহন কৰে ৷ কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত কাজিৰঙাৰ ক্ষেত্ৰ সঞ্চালক যতীন্দ্ৰ শৰ্মা, ডি এফ অ' অৰুণ বিঘ্নেশৰ উপৰিও কেউটা বনাঞ্চলৰ বনাঞ্চলিক বিষয়া সকল উপস্থিত থাকে ৷

কাজিৰঙাৰ ঘাঁহনি আৰু উদ্ভিদৰ ওপৰত দীৰ্ঘ দিন ধৰি অধ্যয়ন চলাই অহা ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ যুৱ গৱেষক ওমৰ চৈয়দ আৰু ৰশ্মি দাসে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্ভিদ, ঘাঁহ আৰু বাহিৰৰ পৰা অহা বিদেশী উদ্ভিদৰ চিনাক্তকৰণ, অধ্যয়ন আৰু নিয়ন্ত্ৰনৰ সম্পৰ্কত বনকৰ্মী সকলক প্ৰশিক্ষণ প্ৰদান কৰে ৷ উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মইমোজা নামৰ এক বিদেশী উদ্ভিদৰ উপৰিও স্থানীয় প্ৰজাতিৰ শিমলু, পানী শিকতি আদি অনিয়ন্ত্ৰিত প্ৰসাৰণে ৰাষ্ট্ৰীয় উদ্যানখনৰ ঘাঁহনি আৰু তৃনভোজী প্ৰাণীৰ বাবে সমস্যাৰ সৃষ্টি কৰি আহিছে ৷ ইয়াৰ সমাধানৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বহু ব্যৱস্থাও হাতত লৈছে ৷ এনে ব্যৱস্থা ৰূপায়নত এই কৰ্মশালাই বনকৰ্মীৰ বাবে বহুত সহায়ক হ'ব বুলি গৱেষক ওমৰ চৈয়দ আৰু ৰশ্মি দাসে জনাইছে ৷

*******