দেশৰ প্ৰথম মহিলাই নিজ হাতেৰ তৈয়াৰ কৰিছে মাস্ক

দেশৰ প্ৰথম মহিলাই নিজ হাতেৰ তৈয়াৰ কৰিছে মাস্ক

সমগ্ৰ বিশ্ব আজি কৰোণাৰ সংক্ৰমণত বিধ্বস্ত। সৰ্বসাধাৰণ ৰাইজৰ পৰা কেন্দ্ৰ কৰি বিশ্বৰ শক্তিধৰ ৰাষ্ট্ৰৰ মহানায়কসকলৰ গৰ্বক আজি খৰ্ব কৰি দিছে কভিড-১৯য়ে। তৃতীয় বিশ্বৰ দেশভাৰত ইয়াৰ ব্যতিক্ৰম নহয়। অৱশ্যে সময়মতে লকডাউন ঘোষণা কৰি ভাৰতে বিশ্বৰ সন্মুখত দাঙি ধৰিছে নিজৰ বিচক্ষণতা। দেশৰ প্ৰথম মহিলা হিচাপে অৰ্থাত ৰাষ্ট্ৰপতিৰ সহধৰ্মিনী সবিতা কোবিন্দে এই সংকতৰ সময়ত নিজ হাতেৰে মাস্ক তৈয়াৰ কৰি আৰ্তজনৰ মাজত বিতৰণ কৰিছে। ৰাষ্ট্ৰপতি ভৱনৰ শক্তি গৃহত থাকি নিজেই চিলাই কৰি মাক্স প্ৰস্তুত কৰাৰ ছবি ইতিমধ্যে ছছিয়েল মিডিয়াত প্ৰকাশ হৈছে। উল্লেখযোগ্য য়ে দেশৰ প্ৰথম মহিলাগৰাকীয়ে নিজেই প্ৰস্তুত কৰা মাস্কসমূহ দিল্লীৰ আৰবান ছেল্টাৰ ইমপ্ৰভমেণ্ট বোৰ্ডৰ বিভিন্ন আশ্ৰয় কেন্দ্ৰত বিতৰণ কৰিছে। বিশিষ্ট মহিলা গৰাকীৰ এই কাৰ্যই দেশৰ নাৰীসমাজক আপ্লুত কৰিব।