বানাৰ্ত বন্যপ্ৰাণীৰ চিকিৎসাৰ বাবে কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ নগদ একলাখ টকা আগবঢ়ালে গোলাঘাটৰ ৰুমী দত্তই :

বানাৰ্ত বন্যপ্ৰাণীৰ চিকিৎসাৰ বাবে কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ নগদ একলাখ টকা আগবঢ়ালে গোলাঘাটৰ ৰুমী দত্তই :
Photo : Uttam Saikia

AIIDESH NEWS. 23 July :

ব্ৰহ্মপুত্ৰৰ বানে সৰ্বসাধাৰণৰ লগতে বন্যপ্ৰাণীকো বিপদত পেলাইছে ৷ বানপানীত আহত বন্যপ্ৰাণীৰ  চিকিৎসাৰ বাবে কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ নগদ ১ লাখ টকা আগবঢ়াইছে গোলাঘাটৰ ৰুমী দত্ত নামৰ এগৰাকী মহিলাই ৷ তেনেই সাধাৰণ যেন লগা গোলাঘাটৰ গোলামপট্টিৰ  নিৱাসী এই গৰাকী মহিলাৰ এই বদান্যতাই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ ৰুমী দত্তই বানপানীত আহত হোৱা বিভিন্ন বন্যপ্ৰাণীৰ চিকিৎসাৰ বাবে নিজৰ সাঁচতীয়া ১ লাখ টকা ২২ জুলাইত আনুষ্ঠানিক ভাৱে কেন্দ্ৰৰ পশু চিকিৎসক ডা৹ চামচুল আলীৰ হাতত অৰ্পন কৰে ৷ এই ধন ৰাশি কেন্দ্ৰৰ পশু চিকিৎসকৰ হাতত অৰ্পন কৰাৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উপ বন সংৰক্ষক খৰ্গ সিং ডেকাৰজা ও উপস্থিত থাকে ৷ বন্যপ্ৰাণীৰ প্ৰতি থকা অহেতুক প্ৰেমৰ বাবেই ৰুমী দত্তই এই ধনৰাশি বন্যপ্ৰাণী চিকিৎসাৰ বাবে আগবঢ়াইছে বুলি জনায় ৷ ৰুমী দত্তৰ প্ৰয়াত স্বামী প্ৰাক্তন জিলা ক্ৰীড়া বিষয়া  নেত্ৰধৰ দত্তৰ আত্মাৰ সদগতিৰ বাবেই বন্যপ্ৰাণীৰ বাবে এই ধন ৰাশি আগবঢ়াইছে বুলি জনায় ৰুমী দত্তই ৷ বানপানীৰ সময়ত আশ্ৰয় বিচাৰি অহা দূৰ্গত বন্যপ্ৰাণীক হত্যা নকৰি আশ্ৰয় প্ৰদান কৰিবলৈ আহ্বান জনায় ৰুমী দত্তই ৷ বন্যপ্ৰাণীৰ উপৰিও লক ডাউনৰ মাজতে দ্ৰৰিদ্ৰ লোকৰ সহায়ৰ বাবেও ২ লাখ টকা আগবঢ়াইছিল ৰুমী দত্তই ৷ ৰুমী দত্তৰ এই এই মহানতাক ধন্যবাদ জনাই কেন্দ্ৰ জেষ্ঠ পশু চিকিৎসক ডা৹ চামচুল আলী ৰুমী দত্তৰ দৰে মহিলাৰ বাবেই আমি বন্যপ্ৰাণী সংৰক্ষণত আগবাঢ়িব পাৰিছো বুলি জনায় ৷