বোকাখাতত কাজিৰঙা নিউজ নেটৱৰ্কৰ বিংশতিতম প্রতিষ্ঠা দিৱস : কাজিৰঙা বঁটা-২০২৩ আৰু প্ৰয়াত সাংবাদিক প্ৰদ্যুত মহন্তৰ জন্মদিন উদযাপন :

বোকাখাতত কাজিৰঙা নিউজ নেটৱৰ্কৰ বিংশতিতম প্রতিষ্ঠা দিৱস :  কাজিৰঙা বঁটা-২০২৩ আৰু প্ৰয়াত সাংবাদিক প্ৰদ্যুত মহন্তৰ জন্মদিন উদযাপন  :
Aiidesh Photo
বোকাখাতত কাজিৰঙা নিউজ নেটৱৰ্কৰ বিংশতিতম প্রতিষ্ঠা দিৱস :  কাজিৰঙা বঁটা-২০২৩ আৰু প্ৰয়াত সাংবাদিক প্ৰদ্যুত মহন্তৰ জন্মদিন উদযাপন  :
বোকাখাতত কাজিৰঙা নিউজ নেটৱৰ্কৰ বিংশতিতম প্রতিষ্ঠা দিৱস :  কাজিৰঙা বঁটা-২০২৩ আৰু প্ৰয়াত সাংবাদিক প্ৰদ্যুত মহন্তৰ জন্মদিন উদযাপন  :

Aiidesh News : 22 November 2023 : 

বোকাখাতৰ এচাম নবীন সাংবাদিকৰ দ্বাৰা গঠিত সংবাদ প্রতিষ্ঠান 'কাজিৰঙা নিউজ নেটৱৰ্কে বিগত বর্ষৰ দৰেই এই বছৰো  ২১ নবেম্বৰত সংগঠনটোৰ বিংশতিতম বার্ষিক প্রতিষ্ঠা দিৱস আৰু কাজিৰঙা বঁটা- ২০২৩ প্ৰদান অনুষ্ঠিত কৰে ৷ এই উপলক্ষে বোকাখাত নাট্যমন্দিৰত ২১ নৱেম্বৰৰ পুৱা পতাকা উত্তোলন কৰে কাজিৰঙা নিউজ নেটৱৰ্কৰ অধ্যক্ষ বদন দূৱৰাই ৷ ইয়াৰ পিচতেই স্মৃতি তৰ্পনৰ লগতে প্ৰতিষ্ঠাপক মুখ্য সচিব প্ৰয়াত প্ৰদ্যুত মহন্তৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পন কৰে বোকাখাত নাট্যমন্দিৰৰ সভাপতি দিলীপ শইকীয়া, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈ, বোকাখাত মহকুমা কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি মিনতি দলে আৰু ইলেক্ট্ৰনিক মিডিয়া জাৰ্ণেলিষ্ট এচ'চিয়েচন চমুকৈ 'ইমজা'ৰ সভাপতি সঞ্জীৱ হাজৰিকাই ৷

বিয়লিলৈ বোকাখাত নাট্যমন্দিৰত আয়োজিত কাজিৰঙা নিউজ নেটৱৰ্কৰ কাজিৰঙা বঁটা ২০২৩ অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কেন্দ্ৰীয় সভাপতি সুৱৰ্ণ শইকীয়া বৰদলৈয়ে ৷ বঁটা প্ৰদানৰ প্ৰাক ক্ষণত কাজিৰঙা নিউজ নেটৱৰ্কৰ প্ৰাক্তন সচিব তথা প্ৰয়াত সাংবাদিক প্রদ্যুত মহন্তৰ জন্ম দিন পালন কৰাৰ লগতে কাজিৰঙা নিউজ নেটৱৰ্কৰ মুখপত্র 'কাজিৰঙা’ ও আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয় ৷ উন্মোচন কৰে বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি, বুবুল দত্তই ৷ এই অনুষ্ঠানত বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়া, বোকাখাত পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতা, বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়া, ইমজাৰ সভাপতি সঞ্জীৱ হাজৰিকা, বোকাখাতৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সঞ্জীৱ শইকীয়া, বিশিষ্ট কবি লেখিকা মিনতি দলে আৰু সন্ধানী লেখিকা সমাৰোহ সমিতিৰ যুটীয়া সম্পাদক চন্দ্ৰপ্ৰভা শইকীয়া ডেকাও উপস্থিত থাকে ৷

পৰৱৰ্তী সময়ত কাজিৰঙা বঁটা ২০২৩ ৰ অনুষ্ঠানত প্ৰয়াত প্ৰদ্যুত মহন্ত সোঁৱৰণী গোলাঘাট জিলা ভিত্তিত শ্রেষ্ঠ সাংবাদিক বঁটা কাজিৰঙাৰ জেষ্ঠ সাংহাদিক  নীলপদ্ম শর্মাক , প্ৰয়াত সুৰেশ চন্দ্র ফুকন সোঁৱৰণী গোলাঘাট জিলা ভিত্তিত নবীন সাহিত্য বঁটা গোলাঘাট ৰঙাজানৰ লেখিকা হেমা চৌধুৰী গগৈক, অসম ভিত্তিত প্ৰয়াত বর্নিল বৰঠাকুৰ সোঁৱৰণী শ্রেষ্ঠ সাংস্কৃতিক কর্মী বঁটা নাট্যকর্মী, পৰিচালক, অভিনেতা গুৱাহাটীৰ ৰণেল্ড হোছেইনক, প্ৰয়াত মহেন্দ্র নাথ শইকীয়া সোঁৱৰণী শ্রেষ্ঠ শৈক্ষিক বঁটা গোলাঘাট জিলা ভিত্তিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত সর্বোচ্চ নম্বৰ লাভ কৰা পৰীক্ষার্থী বোকাখাতৰ চন্দ্ৰ নাথ বেজবৰুৱা  মহাবিদ্যালয়ৰ ছাত্র গীতার্থ ঠেঙালক আৰু প্ৰয়াত ডিম্বেশ্বৰ শইকীয়া সোঁৱৰণী গোলাঘাট জিলা ভিত্তিত শ্রেষ্ঠ শৈক্ষিক বঁটা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থান আৰু  জিলা ভিত্তিত সর্বোচ্চ নম্বৰ লাভ কৰা পৰীক্ষার্থী গোলাঘাট বাদুলিপাৰ আদর্শ বিদ্যাপীঠৰ অনিন্দিতা বড়াক প্ৰদান কৰা হয় । বঁটা প্ৰাপকসকলক চেলেং চাদৰ, সৰুদৈয়া জাপি, স্মাৰক, মানপত্ৰ, নগদ ধন আৰু কিতাপৰ টোপোলাৰে সন্মানিত কৰা হয় ৷

বঁটা প্ৰদান অনুষ্ঠানতে বোকাখাতৰ কিশোৰী শিল্পী বৰ্ষাগ্নি ডেকাৰ বাঁহী বাদন, সৌৰভ হাজৰিকা, ভায়লিনা বৰা, ত্ৰিদিষ্ণা বৰা, এম ৰতন, পঙ্কজ গগৈ, সন্দিপ পানিকা আদিয়ে গীত পৰিৱেশন কৰে । অনুষ্ঠানৰ আঁত ধৰে কাজিৰঙা নিউজ নেটৱৰ্কৰ মুখ্য সচিব দিব্যজ্যোতি হাজৰিকা আৰু ৰূপজ্যোতি ভৰালীয়ে ৷

 ********