বোকাখাতত পুৱতি সাহিত্য সভাৰ উদ্যোগত উৎপল দলে আৰু ড৹ ৰঞ্জু মৰাং দলেৰ দুখনকৈ গ্ৰন্থ উন্মোচন :

বোকাখাতত পুৱতি সাহিত্য সভাৰ উদ্যোগত উৎপল দলে আৰু ড৹ ৰঞ্জু মৰাং দলেৰ দুখনকৈ গ্ৰন্থ উন্মোচন  :
Aiidesh Photo
বোকাখাতত পুৱতি সাহিত্য সভাৰ উদ্যোগত উৎপল দলে আৰু ড৹ ৰঞ্জু মৰাং দলেৰ দুখনকৈ গ্ৰন্থ উন্মোচন  :

বোকাখাতৰ পুৱতি সাহিত্য সভাৰ উদ্যোগত উৎপল দলে আৰু ড৹ ৰঞ্জু মৰাং দলেৰ দুখনকৈ গ্ৰন্থ উন্মোচন  : 

Aiidesh News  : 19th January  :

বোকাখাতৰ পুৱতি সাহিত্য সভাৰ উদ্যোগত আজি স্থানীয় সাহিত্য সভা ভৱনত গ্ৰন্থ উন্মোচনৰ এক অনুষ্ঠান অনুষ্ঠিত হয় ৷ পুৱতি সাহিত্য সভাৰ সভাপতি অপুৰ্ব বৰদলৈৰ পৌৰহিত্যত আৰু সম্পাদক গীতাঞ্জলি কলিতাই আঁত ধৰা এই অনুষ্ঠানত উৎপল দলে আৰু ড৹ ৰঞ্জু মৰাংৰ দ্বাৰা ৰচিত মিচিং সংস্কৃতিৰ ৰূপৰেখা আৰু উৎপল দলেৰ ৰাতি ভাঙি নামি আহে শীৰ্ষক কাব্য গ্ৰন্থ দুখন উন্মোচন কৰা হয় ৷ মিচিং সংস্কৃতিৰ ৰূপৰেখা নামৰ গ্ৰন্থ খন উন্মোচন কৰে অসমৰ বিশিষ্ট চলচিত্ৰ পৰিচালক গোলাঘাটৰ দীনেশ গগৈ আৰু কাব্য গ্ৰন্থ 'ৰাতি ভাঙি নামি আহে' উন্মোচন কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই ৷

অনুষ্ঠানৰ আৰম্ভনীতেই অসমৰ বিশিষ্ট কবি কাব্যঋষি নীলমনি ফুকন, গোলাঘাটৰ বিশিষ্ট সাংবাদিক কৌস্তভমনি হাজৰিকাৰ উপৰিও বোকাখাতত সংঘৰ্টিত এক হৃদয় বিদাৰক ঘটনাত আত্মঘাটি হোৱা অসীম বৰুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে এক মিনিট সময় মৌন প্ৰাৰ্থনাও কৰা হয় ৷ অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে সাহিত্যিক গ্ৰন্থ প্ৰনেতা উৎপল দলে ৷ অনুষ্ঠানত জেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুৱৰ্ণ শইকীয়া বৰদলৈ, সাহিত্যিক পেঞ্চনাৰ নিজৰা বৰঠাকুৰ, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্ত, গোলাঘাট জিলা কবি সন্মিলনৰ ভা সভাপতি অমৰ শৰ্মা আৰু বিশিষ্ট চলচিত্ৰ পৰিচালক দীনেশ গগৈ উপস্থিত থাকে ৷

*******