প্ৰত্যাশিত বানপানীৰ আশাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান : জৈৱতন্ত্ৰক প্ৰভাৱিত কৰিব পৰাকৈ প্লাৱিত হোৱা নাই কাজিৰঙা : বিগত দুটা দিনত নিম্নগামী জলপৃষ্ঠ : ক্ৰমান্বয়ে কমিবলৈ লৈছে ৰাষ্ট্ৰীয় উদ্যানৰ জলমগ্ন অঞ্চলৰ পানী :

প্ৰত্যাশিত বানপানীৰ আশাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান : জৈৱতন্ত্ৰক প্ৰভাৱিত কৰিব পৰাকৈ প্লাৱিত হোৱা নাই কাজিৰঙা :  বিগত দুটা দিনত নিম্নগামী জলপৃষ্ঠ :  ক্ৰমান্বয়ে কমিবলৈ লৈছে ৰাষ্ট্ৰীয় উদ্যানৰ জলমগ্ন অঞ্চলৰ পানী  :
Aiidesh Photot

 

প্ৰত্যাশিত বানপানীৰ আশাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান : জৈৱতন্ত্ৰক প্ৰভাৱিত কৰিব পৰাকৈ প্লাৱিত হোৱা নাই কাজিৰঙা :  বিগত দুটা দিনত নিম্নগামী জলপৃষ্ঠ :  ক্ৰমান্বয়ে কমিবলৈ লৈছে ৰাষ্ট্ৰীয় উদ্যানৰ জলমগ্ন অঞ্চলৰ পানী  : 

Aiidesh News : 17 July 2023  :

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই বোকাখাত মহকুমাৰ ধনশিৰিমুখত ১৫ জুলাইৰ পুৱা বিপদ সীমাৰ ১.২৯ মিটাৰ উচ্চতালৈ উঠাৰ পিচতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন নদীপৰীয়া অঞ্চল ব্ৰহ্মপুত্ৰৰ পানীৰে জলমগ্ন হয় ৷ যাৰ বাবে বিগত সময়চোৱাত কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ ২৫ টা, বোকাখাত বনাঞ্চলৰ ৫ টা আৰু বুঢ়াপাহাৰৰ ৪ টা বন শিৱিৰৰ তলত পানী সোমায় ৷ ইয়াৰ পিচতেই উক্ত দিনা বিয়লিলৈ জলস্তৰ নিম্নগামী হবলৈ আৰম্ভ কৰাৰ বাবে প্ৰত্যাশিত বানে পখলিব নোৱাৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চল ৷ অৱশ্যে ব্ৰহ্মপুত্ৰৰ গঢ়া বাগৰি কাজিৰঙাত প্ৰৱেশ কৰা ব্ৰহ্মপুত্ৰ পানীয়ে এতিয়াও প্লাৱিত কৰি ৰাখিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ নদীপৰীয়া অঞ্চল ৷ 

বিশেষজ্ঞ সকলৰ মতে ব্ৰহ্মপুত্ৰৰ বানপানীয়েহে সৃষ্টি কৰিছে কাজিৰঙাৰ জৈৱতন্ত্ৰ ৷ বিশ্বৰ ভিতৰতে বিৰল কাজিৰঙাৰ জৈৱতন্ত্ৰক 'প্লাৱিত উপত্যকাৰ জৈৱতন্ত্ৰ' বুলি কোৱা হয় ৷ এই জৈৱতন্ত্ৰক সহায় কৰিব পৰাকৈ প্ৰত্যাশিত প্লাৱন এতিয়াও হোৱা নাই কাজিৰঙাত ৷ ১৫ আৰু ১৬ জুলাইত ব্ৰহ্মপুত্ৰৰ গঢ়া বাগৰি বা নলাবোৰেদি কাজিৰঙাত প্ৰৱেশ কৰা জলৰাশিয়ে উদ্যান খনৰ ৩০ শতাংশ অঞ্চলহে প্লাবিত কৰিবলৈ সক্ষম হৈছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ব্ৰহ্মপুত্ৰৰ জলস্তৰ জোখিব পৰাকৈ কেন্দ্ৰীয় জল আয়োগৰ  অনুমোদিত কোনো স্কেল নাই ৷ যাৰ বাবে উদ্যান কৰ্তৃপক্ষই আজিও জলস্তৰ নিৰূপনৰ বাবে বোকাখাতৰ ধনশিৰিমুখত থকা জল সম্পদ বিভাগৰ জলস্তৰ জোখা স্কেল ডালৰ ওপৰতেই নিৰ্ভৰশীল ৷ জল সম্পদ বিভাগৰ কৰ্মীয়ে নিতৌ ধনশিৰিমুখৰ স্কেলডালত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ ৰ জোখ লয় ৷

এই স্কেলৰ তথ্য মতে যোৱা ৮ জুলাইত ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই বিপদসীমাৰ নিৰ্ধাৰিত ৭৫ মিটাৰৰ সীমা অতিক্ৰম কৰি ১৫ জুলাইত বিপদসীমাৰ পৰা ১.২৯ মিটাৰ উচ্চতালৈকে উঠি পুনৰ নিম্নগামী হ'বলৈ আৰম্ভ কৰে ৷ যাৰ বাবে ১৪ জুলাইৰ পৰাহে কাজিৰঙাত ব্ৰহ্মপুত্ৰৰ পানী প্ৰৱেশ কৰে আৰু নদীপৰীয়া অঞ্চল প্লাৱিত কৰে ৷ ১৪ জুলাইত ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই বিপদসীমাৰ পৰা ০.৮৪ মিটাৰ ওপৰলৈ উঠিছিল ৷ উল্লেখ যে ২০১৯ চনত ধনশিৰিমুখত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠই বিপদসীমাৰ পৰা ২.২৭ মিটাৰ ওপৰলৈ উঠিছিল যাৰ পটভুমি উক্ত বছৰত কাজিৰঙাৰ প্ৰায় ৮০ শতাংশৰো অধিক অঞ্চল জলমগ্ন হাৈছিল ৷ সেয়েহে ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ১৫ জুলাইত বিপদসীমাৰ পৰা ১.২৯ মিটাৰ ওপৰলৈ উঠাৰ পিচতো জলমগ্ন হোৱা নাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ ধনশিৰিমুখত ১৫ জুলাই পৰা নিম্নগামী হোৱা জলপৃষ্ঠ এই প্ৰতিবেদন প্ৰস্তুতৰ সময়লৈকে ০.৫৭ মিটাৰ নিম্ন গামী হৈছে যদিও জলপৃষ্ঠ বিপদসীমাৰ ০.৭০ মিটাৰ ওপৰেদি প্ৰবাহিত হৈ আছে ৷

ইফালে সাম্ভাৱ্য বানপানীৰ সময়ত হ'ব পৰা সমস্যাক মোকামিলা কৰিব পৰাকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সাঁজু হৈ আছে বুলি জনাইছে ডি এফ অ' অৰুণ বিঘ্নেশে ৷ বানপানীৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ এনিমেল কৰিডৰত হ'ব পৰা বন্যপ্ৰাণীৰ প্ৰৱজন সুৰক্ষিত কৰিবৰ বাবে কৰিডৰ বোৰত যান বাহনৰ গতি নিয়ন্ত্ৰন কৰিব পৰাকৈ চেঞ্চৰ কেমেৰা সাঁজু কৰাৰ উপৰিও স্থানীয় মহাবিদ্যালয়ৰ দুটা স্বেচ্ছাসেৱকৰ দলক বনকৰ্মীক সহায় কৰিব পৰাকৈ প্ৰশিক্ষণ দি সাঁজু কৰা হৈছে ৷ সাঁজু কৰি ৰখা হৈছে ৰাষ্ট্ৰীয় উদ্যান খনৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশুচিকিৎসক আৰু উদ্ধাৰকাৰী দল ৷

**************